ETV Bharat / state

NHPC Lower Subansiri Dam : NHPC প্ৰকল্পৰ শেহতীয়া পৰিস্থিতিক লৈ সোচ্ছাৰ KMSS

নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আকৌ অঘটন (NHPC Lower Subansiri Dam) ৷ সোমবাৰে পাহাৰৰ এটা অংশ খহি পৰিল এই জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰত (Landslide at Subansiri NHPC project)৷ যাৰ ফলত এতিয়া শংকিত হৈ পৰিছে গেৰুকামুখবাসী ৷ মঙলবাৰে এই সন্দৰ্ভত KMSS য়ে এক সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতি জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷

author img

By

Published : Apr 4, 2023, 10:53 PM IST

NHPC Lower Subansiri Dam
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আকৌ অঘটন

গুৱাহাটী, ৪ এপ্ৰিল : বিগত সোমবাৰে ভূমিস্খলনৰ সফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰত পাহাৰৰ বৃহৎ অংশ খহি পৰে (Landslide at Subansiri NHPC project)৷ এই ঘটনাক সন্দৰ্ভত তীব্ৰ উদ্বিগ্নতা প্ৰকাশ কৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতি, চমুকৈ KMSS । মঙলবাৰে সংগঠনটোৰ সভাপতি ৰাজু বৰা, দেৱেন শৰ্মা কাৰ্যকৰী সভাপতি মুকুট ডেকা, ৰাজু ৰাজ বৰপাত্ৰ গোঁহাই, ৰাতুল হুচেইন, সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, বিতু সোণোৱালে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰে এক বিবৃতি ৷

এই বিবৃতিৰ জৰিয়তে KMSS এ কয়, ‘‘NHPC, কেন্দ্ৰীয় চৰকাৰে দেশ-বিদেশৰ বিশেষজ্ঞ, অসমৰ তিনিখনকৈ উচ্চ শিক্ষানুষ্ঠান গুৱাহাটী, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু আই আই টি গুৱাহাটীৰ অধ্যাপকক লৈ গঠিত বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ভৰিৰে মোহাৰি পেলাইছে (KMSS react on NHPC dam collapse) ৷

অসমীয়া ৰাইজৰ বান বিৰোধী জাতীয় সহমতক বুঢ়া আঙুলি দেখুৱাই ‘কা’ আন্দোলনত জাতীয় নেতৃত্বৰ সাময়িক ব্যস্ততা, ক’ভিড-লকডাউনত অসমীয়া ৰাইজক গৃহবন্দী কৰি বন্ধ হৈ থকা বান্ধটোৰ নিৰ্মাণ কাৰ্যৰ অৱশিষ্ট অংশ গোপনে নিৰ্মাণ কৰিছে ৷ ফলত উত্তৰ অসমৰ লগতে সমগ্ৰ অসমৰ ৰাইজক চুলিৰ আগত জীৱ লৈ জীয়াই থাকিবলৈ বাধ্য কৰিছে’’ ।

লগতে আৰু কয়, ‘‘ইয়াৰ বাবে সম্পূৰ্ণ জগৰীয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ । বিশেষজ্ঞসকলৰ প্ৰতিটো বাক্য এতিয়া আখৰে আখৰে ফলিয়াইছে । কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে অন্যান্য সংগঠন আৰু অসমবাসী ৰাইজৰ উমৈহতীয়া প্ৰবল প্ৰতিবাদৰ ফলত ২০১১ চনৰ ১৬ ডিচেম্বৰৰ পৰা নিৰ্মীয়মান সংস্থা NHPC-এ বান্ধটোৰ কাম সম্পূৰ্ণৰূপে বন্ধ কৰি দিবলৈ বাধ্য হৈছিল ৷

কিন্তু ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তদানীন্তন বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে গোগামুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি বান্ধ ভাঙি দিয়াৰ হুংকাৰ দিছিল । তদুপৰি অৰুণাচলৰ পাচিঘাটত তেতিয়াৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোডীয়ে বৃহৎ নদীবান্ধ ভাঙি সৰু সৰু বান্ধ বনোৱাৰ আশ্বাস দি অসমীয়াৰ ভোট আদায় কৰিছিল ৷ কিন্তু পৰৱৰ্তী সময়ত চৰকাৰ গঠন কৰাৰ পাচত নিৰ্বাচনৰ পূৰ্বে কৰা প্ৰতিবাদ, প্ৰতিশ্ৰুতিক পাহৰণিৰ গৰ্ভলৈ ঠেলি দি বাকী থকা অংশটোহে সম্পূৰ্ণ কৰাতহে উঠিপৰি লাগিল’’ ৷

উক্ত বিবৃতিত KMSS এ উল্লেখ কৰে, ‘‘অসমত বিজেপি চৰকাৰৰ প্ৰথমজন মুখ্যমন্ত্ৰী তথা আন্দোলনৰত সংগঠন, অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ত্ৰিপাক্ষীক বৈঠকৰ সভাপতি সৰ্বানন্দ সোণোৱাল কিন্তু আজিৰ দিনটোলৈ এই বিষয়ত সম্পূৰ্ণৰূপে মৌন ৷ কেন্দ্ৰীয় চৰকাৰ আৰু NHPC এ অসমৰ মানুহক হত্যা কৰি হ’লেও পূঁজিপতিক বিদ্যুৎ যোগান ধৰাৰ যি হুতাহ সেয়া সঁচাকৈয়ে বৰ্বৰ ।

নামনি সোৱণশিৰি প্ৰকল্পৰ একেবাৰে কাষৰীয়া মিচিং জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা নেতা ৷ সেই সময়ত ডিঙিৰ শিৰ ফুলাই চিঞৰি চিঞৰি আন্দোলনত অংশগ্ৰহণ কৰা ৰণোজ পেগু, ভূবন পেগুৱে আজিৰ দিনটোত শাসকগোষ্ঠীৰ নেগুৰত ধৰি নিজৰ ন্যস্ত স্বাৰ্থ পুৰণ কৰাতহে ব্যস্ত’’ ।

লগতে সংগঠনটোৰ নেতৃত্বই কয়, ‘‘যোৱা বৰ্ষৰ অক্টোবৰ মাহত বান্ধৰ ওপৰ ভাগত হোৱা ভয়ংকৰ ভূমিস্খলন আৰু বহুকেইটা স্পর্শকাতৰ ঘটনা সংঘটিত হোৱাৰ পাচতো নাচোৰবান্দা NHPC আৰু কেন্দ্ৰীয় চৰকাৰে চলিত দিনকেইটাতে প্ৰথম পর্যায়ত ৫০০ মেগাৱাট বিদ্যুৎ উৎপাদন কৰিবলৈ সাজু হৈছে । তাৰ প্ৰাকক্ষণত বাৰিষাৰ পূৰ্বেই দেওবাৰে বিয়লি ভাগত প্ৰায় চাৰি ঘণ্টা বৰষুণৰ ফলত গেৰুকামুখৰ গেদীয় পাহাৰ কুমলি সোমবাৰে পুৱাৰ ভাগতে ভয়ংকৰ ৰূপত মূল বান্ধৰ পাহাৰৰ ওপৰৰ অংশ খহি পৰে ৷ এই অঘটনে অসমবাসীলৈ যেন এক ভয়াৱহ বিপদৰ আগজাননী কঢ়িয়াই আনিছে’’ ।

গতিকে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে কেন্দ্ৰীয় চৰকাৰক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো সম্পূৰ্ণৰূপে ভাঙি দিয়াৰ দাবী তোলে । অন্যথা ব্যাপক গণ আন্দোলন গঢ়ি তোলা হ’ব বুলি স্পষ্ট কৰি দিয়ে KMSS এ । অসমৰ মানুহক মৃত্যুৰ দুৱাৰ ডলিত তুলি বৃহৎ পুঁজিপতিৰ স্বাৰ্থ সুৰক্ষিত কৰিবলৈ এই বান্ধৰ পৰা কেন্দ্ৰীয় চৰকাৰ আৰু এনএইচপিচিৰ জলবিদ্যুৎ উৎপাদনৰ সপোন কোনো কাৰণত বাস্তৱ হ’বলৈ নিদিয়ে বুলি সংগঠনটোৱে সকীয়ানী প্ৰদান কৰে ।

লগতে পঢ়ক : lower Subansiri Hydroelectric Project : পুনৰ খহিছে এনএইচপিচিৰ বান্ধ, ভয়ংকৰ ভৱিষ্যতক লৈ উদ্বিগ্ন AJYCP

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.