ETV Bharat / state

অসমৰ জৈৱ-বৈচিত্ৰলৈ অহা ভাবুকিক অইল ইণ্ডিয়াই কেৰেপ নকৰেঃ ভাস্কো ডি শইকীয়া

author img

By

Published : Jun 12, 2020, 6:50 PM IST

শুকুৰবাৰে বাঘজানৰ ঘটনা সন্দৰ্ভত গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দলটোৰ সভাপতি ভাস্কো ডি শইকীয়াই চৰকাৰ আৰু অইল কৰ্তৃপক্ষক ভিন্ন দাবী উত্থাপন কৰে ৷

kmss press meet in guwahati
kmss press meet in guwahati

গুৱাহাটী, 12 জুনঃ বাঘজান ঘটনা সন্দৰ্ভত শুকুৰবাৰে গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰে দলটোৰ সভাপতি ভাস্কো ডি শইকীয়াই ৷ বাঘজানৰ ঘটনা সম্পূৰ্ণ অইল কৰ্তৃপক্ষৰ হেমাহিৰ বাবে সংঘটিত হোৱাৰ লগতে,এই ঘটনাৰ দায়িত্ব চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডে ল'ব লাগিব বুলি উল্লেখ কৰে সভাপতি গৰাকীয়ে ৷ তেওঁ উল্লেখ কৰা অনুসৰি এই ঘটনা নতুন নহয় ৷ ইয়াৰ পূৰ্বেও 2005 চনত দিকমতো অইল ইণ্ডিয়াৰ তৈল খাদত জুই লাগিছিল ৷ তথাপিও এই সুদীৰ্ঘ সময়ত অইল কৰ্তৃপক্ষই কোনো বিশেষজ্ঞৰ দল অথবা অত্যাধুনিক প্ৰযুক্তিৰ ব্যৱস্থা কৰিব নোৱাৰিলে বুলি মন্তব্য কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি গৰাকীয়ে ৷ তেওঁ কয় যে,অইল ইণ্ডিয়াক কেৱল অসমৰ তেল লাগে ৷ কিন্তু এই তেল সংগ্ৰহ কৰিবলৈ যাওতে যদি অসমৰ জৈৱ-বৈচিত্ৰলৈ ভাবুকি আহে,তাক লৈ অইল ইণ্ডিয়াই কেৰেপ নকৰে ৷

অসমৰ জৈৱ-বৈচিত্ৰলৈ অহা ভাবুকিক অইল ইণ্ডিয়াই কেৰেপ নকৰেঃ ভাস্কো ডি শইকীয়া

ইয়াৰোপৰি তেওঁ কয়,কৃষক মুক্তি সংগ্ৰাম সমিটিয়ে 2008 চনৰ পৰাই ডিব্ৰু চৈখোৱাৰ সমীপৱৰ্তী অঞ্চলত তৈলখাদ খননৰ বিৰোধিতা কৰি আহিছে ৷ বাঘজান বাসীয়ে যেনেদৰে বিচাৰিছে তেনেদৰে তেওঁলোকক ক্ষতিপূৰণ দিয়া হওক ৷ বাঘজানত যি ক্ষতিসাধন হৈছে তাৰ বাবে বাঘজানবাসীয়ে দাবী কৰাৰ দৰেই 100 কোটি টকাৰ ক্ষতিপূৰণ প্ৰদানৰ বাবে অইল ইণ্ডিয়া লিমিটেডক দাবী কৰে ভাস্কো ডি শইকীয়াই ৷ কিয়নো গুজৰাটত যেতিয়া ষ্টেচু অৱ ইউনিটিৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হৈছিল,তেতিয়া অইল ইণ্ডিয়া লিমিটেডে 10 কোটি টকা চিএছআৰ ফাণ্ডৰ পৰা প্ৰদান কৰিছিল ৷ তেন্তে অইল কৰ্তৃপক্ষই বাঘজান বাসীক কিয় পৰ্যাপ্ত ক্ষতিপূৰণ দিব নোৱাৰিব বুলিও প্ৰশ্ন উত্থাপন কৰে সভাপতি গৰাকীয়ে ৷ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীকো উদ্দেশ্যিও তেওঁ কয় যে, কেৱল অসমীয়াৰ গামোছা ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰিলে নহ'ব, অসমীয়াৰ দুখো বুজিব লাগিব ৷

লগতে পঢ়কঃ বাঘজানৰ তৈলখাদৰ উচিত তদন্তৰ দাবীৰে চিটুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.