গুৱাহাটী, 20 অক্টোবৰ: কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সভাপতি অমৃত চাংমাইৰ দেহাৱসান ৷ মঙলবাৰে গুৱাহাটীৰ উলুবাৰী শ্মশানত শেষকৃত সম্পন্ন কৰা হয় নেতাগৰাকীৰ ৷ দীৰ্ঘদিন ধৰি কৰ্কট আৰু বৃক্কজনিত ৰোগত আক্ৰান্ত হৈ থকা নেতাগৰাকী COVID-19 তো আক্ৰান্ত হৈছিল ৷

COVID-19 ত আক্ৰান্ত হোৱাৰ বাবেই নেতাগৰাকীক নগাঁৱৰ ৰহাস্থিত বাসগৃহলৈ নিয়াৰ পৰিৱৰ্তে জিলা প্ৰশাসনে, উলুবাৰীস্থিত শ্মশানত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰে ৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতাগৰাকীৰ মৃত্যুত গভীৰ শোকৰ ছাঁ পৰিছে সংগঠনটোত ৷ তেখেতক শেষ শ্ৰদ্ধা জনোৱাৰ লগতে সংগঠনৰ পতাকা অৰ্ধনমিত কৰি সংগঠনটোৱে সপ্তাহজোৰা শোক পালন কৰিব বুলি জানিবলৈ দিয়ে ৷
লগতে পঢ়ক: ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান