ETV Bharat / state

পুনৰ 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ অখিল গগৈ

author img

By

Published : Jan 24, 2020, 3:00 PM IST

পুনৰ নিয়াৰ আদালতত হাজিৰ কৃষক নেতা অখিল গগৈক ৷ প্ৰতিবাদ কাৰীক ঐক্যবদ্ধ ভাৱে জোৰদাৰ আন্দোলন কৰাৰ আহ্বান অখিল গগৈৰ ৷

KMSS leader Akhil Gogoi at NIA court
পুনৰ NIA ৰ আদালতত হাজিৰ কৃষক নেতৈ অখিল গগৈক

গুৱাহাটী,24 জানুৱাৰী: শুকুৰবাৰে পুনৰ NIA ৰ আদালতত হাজিৰ কৰোৱা হয় মাওবাদীৰে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হোৱা কৃষক নেতা অখিল গগৈক ৷ আদালতত হাজিৰ কৰাৰ সময়ত সাংবাদিকৰ আগত অখিল গগৈৰ স্পষ্ট মত, "কৃষক মুক্তিৰ সদস্যক সকলক কিয় এনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে সেই কথা অসমৰ ৰাইজে জানে ৷ ইয়াৰ উপৰিও নিয়াৰ জিম্মাত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা গৰাকীয়ে মন্তব্য কৰে যে, অসমত যিদৰে জোৰদাৰ আন্দোলন হ'ব লাগিছিল সেইদৰে আন্দোলন হোৱা নাই ৷ প্ৰতীকী আন্দোলনৰ সময় গ'ল এতিয়া জোৰদাৰ আন্দোলন হ'ব লাগে । সকলো ঐক্যবদ্ধ নহ'লে অসমীয়া জাতি প্ৰতাৰণাৰ বলিও হ'ব বুলি মন্তব্য কৰে অখিল গগৈয়ে "৷

উল্লেখ্য যে,কৃষক নেতা গৰাকীৰ বিৰুদ্ধে 13 ডিচেম্বৰত চান্দমাৰী থানাত ৰুজু হোৱা গোচৰ পৰৱৰ্তী পৰ্যায়ত হস্তান্তৰ কৰা হৈছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা চমুকৈ NIA ৰ আদালতত ৷ লগতে অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা একেটা গোচৰতে 23 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰক ৷ ইতিমধ্যে 14 দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে কৃষক নেতাগৰাকীক ৷

Intro:NIA ৰ আদালতত পুনৰ হাজিৰ কৰোৱা হয় অখিল গগৈক ।
"অসমৰ ৰাইজে কিয় এনেদৰে গ্ৰেপ্তাৰ কৰা হৈছে কৃষক মুক্তিৰ সদস্যক সকলক সেই কথা জানে ।"
অখিল গগৈৰ ভাষ্য প্ৰতীকী আন্দোলনৰ সময় গল এতিয়া জোৰদাৰ আন্দোলন হব লাগে । লগতে তেওঁ কয় যে যিদৰে আন্দোলন হব লাগিছিল সেইদৰে অসমত জোৰদাৰ আন্দোলন হোৱা নাই।
Body:চান্দমাৰী থানাত 13 ডিচেম্বৰত ৰুজু হোৱা গোচৰৰ পৰৱৰ্তী পৰ্য্যায়ত গোচৰ হস্তান্তৰ কৰা হয় NIA হাতত। লগতে অখিল গগৈৰ বিৰুদ্ধে ৰুজু হোৱা একেটা গোচৰত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ মানস কোঁৱৰক 23 জানুৱাৰীত গ্ৰেপ্তাৰ কৰা হয়। Conclusion:অখিল গগৈৰ স্পষ্ট ভাষ্য সকলো ঐক্যবদ্ধ নহলে অসমীয়া জাতি প্ৰতাৰণাৰ বলি হব।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.