গুৱাহাটী,16 ডিচেম্বৰ : মালিগাঁৱত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ মূল প্ৰৱেশদ্বাৰৰ সন্মুখৰ পৰা অপহৃত হ'ল RPF জোৱান প্ৰসেনজিৎ ৰয় । মঙলবাৰে সন্ধিয়া প্ৰায় 6 মান বজাত RPF জোৱানে ব্যক্তিগত কাৰণত ৰে'লৱেৰ মুখ্য কাৰ্যালয়ৰ পৰা ওলাই আহিছিল। ঠিক সেই সময়তে এখন চাৰিচকীয়া বাহনত অহা চাৰি জন অচিনাক্ত দুৰ্বৃত্তই অপহৰণ কৰি লৈ যায় ৰে'ল সুৰক্ষা বাহিনীৰ জোৱান প্ৰসেনজিৎ ৰয়ক। নিশাৰ ভাগত অপহৰণকাৰীৰ কবলৰ পৰাই হোৱাটছ আপযোগে পৰিয়ালক এই ঘটনাৰ বিষয়ে জনালে অপহৃত প্ৰসেনজিতে।
ইপিনে ঘটনাৰ খবৰ লাভ কৰি জালুকবাৰী আৰক্ষী থানাত এজাহৰ দাখিল কৰিছে RPF জোৱান জনৰ পৰিয়ালে । ইতিমধ্যে জালুকবাৰী আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিত ভাৰতীয় দণ্ডবিধিৰ ৩৬৫ ধাৰাৰ অধীনত 1571/20 নম্বৰত এটা গোচৰ ৰুজু কৰে । জালুকবাৰী আৰক্ষী আৰু অপৰাধ অনুসন্ধান শাখাৰ এটা দলে RPF জোৱান জনৰ ঘৰত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও এই পৰ্যন্ত আৰক্ষীয়ে লাভ কৰা নাই কোনো শুংসূত্ৰ । ইফালে উত্তৰ-পূৱ সীমান্ত ৰে'লৱেও বিষয়টো সন্দৰ্ভত নিজাববীয়াকৈ তদন্ত আৰম্ভ কৰিছে । আৰক্ষীৰ অধিক তদন্তৰ পিছতহে পোহৰলৈ আহিব অপহৰণৰ সমগ্ৰ তথ্য।