গুৱাহাটী, 13 ছেপ্তেম্বৰ: পশ্চিম গুৱাহাটীৰ ধাৰাপুৰৰ কোচপাৰাৰ কৌশল্যা দাস নামৰ এগৰাকী বৃদ্ধাৰ কৰুণ কাহিনী ৷ বৃদ্ধা গৰাকীৰ নাতিনীয়েক ধৃতিষ্মান ৰাজবংশী প্ৰায় এবছৰৰ পৰা আক্ৰান্ত হৈ আছে এক জটিল ৰোগত । বিগত 6 মাহ ধৰি শয্যাগত হৈ আছে ধৃতিষ্মান ।
উল্লেখ্য যে, এবছৰ পূৰ্বে হঠাতে অসুস্থ হৈ পৰিছিল মাতৃহাৰা ধৃতিষ্মান । মাতৃৰ মৃত্যুৰ পিছতেই আইতাক কৌশল্যা দাসে পোহপাল কৰি আহিছে ধৃতিষ্মানক । ধৃতিষ্মানক গুৱাহাটীস্থিত মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতাল আৰু এপল' হাস্পতালত চিকিৎসা প্ৰদান কৰোৱা হৈছে যদিও কোনো সুফল লাভ কৰা নাই পৰিয়ালটোৱে । ধৃতিষ্মানৰ উন্নত চিকিৎসাৰ বাবে বহিঃৰাজ্যলৈ যোৱাৰ পৰামৰ্শ দিছে চিকিৎসকে যদিও আৰ্থিকভাৱে দুৰ্বল পৰিয়ালটোক সহায়ৰ প্ৰয়োজন ।
ধাৰাপুৰ চাৰিআলিৰ পথত অস্থায়ীভাৱে দোকান দি নিজ ঘৰখন পোহপাল দিয়া কৌশল্যা দাসৰ আৰ্থিক অৱস্থা অতি শোচনীয় । সেয়েহে নাতিনীয়েকৰ উন্নত চিকিৎসাৰ বাবে আৰ্থিক সাহাৰ্য বিচাৰি স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু দল-সংগঠনক কাতৰ আহ্বান জনাইছে দুৰ্ভগীয়া আইতাকে ।
যদি কোনো লোকে ধৃতিষ্মানক সহায় কৰিবলৈ বিচৰে তেন্তে কানাড়া বেংক, ধাৰাপুৰ শাখা, একাউণ্ট নম্বৰ 4557120000220, IFSC- CNRB0004557 অথবা 9864914403 আৰু 8486481411ত নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ধৃতিষ্মানৰ পৰিয়ালে ৷
লগতে পঢ়ক: আৰক্ষীৰ ভয়ত নৈত জাপ দিলে ৫ জন যুৱকে, সন্ধানহীন এজন