ETV Bharat / state

প্ৰস্তুতি সম্পূৰ্ণ হৈছে খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ

author img

By

Published : Jan 9, 2020, 9:12 AM IST

Updated : Jan 9, 2020, 10:31 AM IST

10 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব লগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি সম্পূৰ্ণ ৷ সমাৰোহ উপলক্ষে অংশগ্ৰহণ কৰা খেলুৱৈ তথা অতিথিসকলক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ স্বেচ্ছাসেৱক সকলক আহ্বান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ
খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ

গুৱাহাটী, 9 জানুৱাৰী: ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ হৈছে অহা 10 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈ অনুষ্ঠিত হ'ব লগীয়া খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ ৷ দেশৰ 28 খন ৰাজ্য আৰু 9 খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ দহ হাজাৰ খেলুৱৈ আৰু কৰ্মকৰ্তাই অংশ ল'ব এই ক্ৰীড়া সমাৰোহত ৷ ইয়াৰ ভিতৰত থাকিব অসমৰ 650 গৰাকী খেলুৱৈ আৰু 1000 গৰাকী স্বেচ্ছাসেৱক ৷ বুধবাৰে স্বেচ্ছাসেৱক সকলৰ লগত মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ সমাৰোহত অংশগ্ৰহণ কৰা খেলুৱৈ তথা অতিথিসকলক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ স্বেচ্ছাসেৱক সকলক আহ্বান জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ 20 টাকৈ ভিন্ন পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহে উঠি অহা প্ৰজন্মৰ বাবে এক শুভ বাৰ্তা কঢ়িয়াই অনাৰ লগতে অসমৰ ৰাইজৰ সহযোগত এই সমাৰোহখনি সাফল্যমণ্ডিত কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

প্ৰস্তুতি সম্পূৰ্ণ, খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহৰ

উল্লেখযোগ্য যে 10 তাৰিখে গুৱাহাটীৰ ইন্দিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত হ'বলগীয়া শুভাৰম্ভণি অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থকাৰ কথা আছিল যদিও,নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি এই ভ্ৰমণ বাতিল কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

লগতে পঢ়ক: ডিফুত উন্মোচন 11খনকৈ গ্ৰন্থ

Intro:অহা ১০ তাৰিখৰ পৰা ২২ জানুৱাৰীলৈ গুৱাহাটীত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া সমাৰোহ। ইতিমধ্যেই সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে এই সমাৰোহৰ। গুৱাহাটীক খেলৰ ৰাজধানী হিচাপে গঢ় দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰচেষ্টাত অনুষ্ঠিত হৈছে দেশৰ সৰ্ববৃহৎ এই সমাৰোহখনি। দেশৰ ২৮খন জিলা আৰু ৮খন কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ দহ হাজাৰ খেলুৱৈ আৰু কৰ্মকৰ্তাই অংশ ল'ব খেলো ইণ্ডিয়া ২০২০ত। ইয়াৰে অসমৰ ৬৫০গৰাকী খেলুৱৈ আৰু ১০০০ স্বেচ্ছাসেৱক থাকিব। বুধবাৰে স্বেচ্ছাসেৱকসকলৰ লগত মত বিনিময় কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। খেলুৱৈ তথা অতিথি কৰ্মকৰ্তাসকলক সৰ্ব্বতো প্ৰকাৰে সহায় কৰিবলৈ স্বেচ্ছাসেৱকসকলক আহ্বান জনাই মুখ্যমন্ত্ৰীগৰাকীয়ে। ২০টাকৈ বিভিন্ন ইভেণ্ট অনুষ্ঠিত হ'বলগীয়া এই সমাৰোহে উঠি অহা প্ৰজন্মৰ বাবে এক শুভ বাৰ্তা কঢ়িয়াই আনিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। অসম ৰাইজৰ সহযোগত এই সমাৰোহখনি সাফল্যমণ্ডিত কৰিব বুলি আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Body:উল্লেখযোগ্য যে ১০ তাৰিখে গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথলেটিক ষ্টেডিয়ামত অনুষ্ঠিত শুভাৰম্ভণি অনুষ্ঠান দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী উপস্থিত থকাৰ কথা আছিল। কিন্তু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি এই ভ্ৰমণ বাতিল কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সুধাত মুখ্যমন্ত্ৰীগৰাকীয়ে আওপকীয়াকৈ ক'লে, গুৱাহাটীত অনুষ্ঠিত খেলো ইণ্ডিয়া ২০২০ৰ মূল ব্যক্তিগৰাকীয়ে প্ৰধানমন্ত্ৰী। অসমত তথা উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন ক্ষেত্ৰত প্ৰধানমন্ত্ৰী মোডীয়ে সদায়ে বিশেষ গুৰুত্ব প্ৰদান কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ধন্যবাদৰে উপচাই দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Conclusion:Guwahati/ Hirul Haque
Last Updated : Jan 9, 2020, 10:31 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.