গুৱাহাটী, 28জুনঃ খাৰঘূলিৰ হিৰম্বাপুৰত দেওবাৰে সংঘটিত হয় ভয়ানক ভূমিস্খলন ৷ পাহাৰৰ মাটি খহি প্ৰিয়ংকা বড়ো নামৰ যুৱতী গৰাকীৰ অকাল মৃত্যু হয় ৷
দেওবাৰে পুৱা সংঘটিত হোৱা এই ভূমিস্খলনৰ ফলত কৰুণ মৃত্যুক আঁকোৱালি লয় প্ৰিয়ংকা বড়ো নামৰ নামৰ প্ৰতিভাৱান নৃত্যশিল্পী গৰাকীয়ে ৷ জানিব পৰা মতে, প্ৰিয়ংকাই ঘৰ চাফা কৰি থকা অৱস্থাতে পুৱা সংঘটিত হয় এই অঘটন ৷
উল্লেখ্য যে, মেট্ৰিক পৰীক্ষাত সংগীত বিভাগত অসমৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰিছিল প্ৰিয়ংকাই ৷ শেহতীয়াকৈ প্ৰিয়ংকা গুৱাহাটী মহাবিদ্যালয়ৰ ষষ্ঠ ষান্মাসিকত অধ্যয়নৰত আছিল ৷
শাস্ত্ৰীয় আৰু লোক নৃত্যত পাৰ্গত আছিল প্ৰিয়ংকা ৷ ইতিমধ্যে দেশ-বিদেশৰ বিভিন্ন স্থানত বিহু নৃত্যৰ লগতে অসমৰ জনগোষ্ঠীয় বিভিন্ন নৃত্য প্ৰদৰ্শন কৰি ভূয়সী প্ৰশংসা লাভ কৰিছিল প্ৰিয়ংকা বড়োৱে ৷ নৃত্যৰ বাবেই আগন্তুক দিনত লণ্ডনলৈ যোৱাৰ সুবিধা পাইছিল ৷ কিন্তু নিয়তিৰ কালগ্ৰাসত পৰি অপূৰ্ণ হৈ ৰ'ল প্ৰিয়ংকা বড়োৰ সপোন ৷ বৰ্তমান এই শোকাৱহ ঘটনাই অঞ্চলটোৰ লগতে সমগ্ৰ ৰাজ্যতে শোকৰ ছাঁ পেলাইছে ৷
লগতে পঢ়কঃসুশান্ত সিঙৰ নামত ফাউণ্ডেছনঃ নতুন প্ৰতিভাক সহায় কৰিব পৰিয়ালবৰ্গই