ETV Bharat / state

গুৱাহাটীত আৰ্তজনৰ কাষত খালচা চেন্টাৰ নৰ্থ ইষ্ট - Khalsa Centre North-East noble initiavtive at Guwahati

বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত ৰোগীৰ লগত থকা কোনো এজন ব্যক্তিয়ে যাতে দুপৰীয়াৰ সাঁজ উপবাসে থাকিব নালাগে তেনে এক মহান উদ্দেশ্য আগত ৰাখিয়েই প্ৰতি বুধবাৰে লংগৰ বিতৰণ কৰে শিখ সম্প্ৰদায়ৰ এই সকল লোকে ৷

গুৱাহাটীত আৰ্তজনৰ কাষত খালচা চেন্টাৰ,নৰ্থ ইষ্ট
author img

By

Published : Nov 2, 2019, 11:30 PM IST

গুৱাহাটী,২ নৱেম্বৰ: গুৰুনানকৰ বাণীৰ মহান উদ্দেশ্য আগত ৰাখি গুৱাহাটীৰ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটৰ বাকৰিত আৰ্তজনৰ কাষত মহানগৰীৰ খালচা চেন্টাৰ,নৰ্থ ইষ্ট ৷ উদ্দেশ্য মাথো এটাই, ভোকত থকা ব্যক্তিক এমুঠি খাদ্য যোগান ধৰা ৷ বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত ৰোগীৰ লগত থকা কোনো এজন ব্যক্তিয়ে যাতে দুপৰীয়াৰ সাঁজ উপবাসে থাকিব নালাগে তেনে এক মহান উদ্দেশ্য আগত ৰাখিয়েই প্ৰতি বুধবাৰে লংগৰ বিতৰণ কৰে শিখ সম্প্ৰদায়ৰ এই সকল লোকে ৷ বৰ্তমানলৈকে 38 টা সপ্তাহ সম্পূৰ্ণ কৰা এই লংগৰ ব্যৱস্থাটো গুৱাহাটীত আৰম্ভ হৈছিল 2019 বৰ্ষৰ 13 ফেব্ৰুৱাৰীত ৷

গুৱাহাটীত আৰ্তজনৰ কাষত খালচা চেন্টাৰ,নৰ্থ ইষ্ট

আৰম্ভণিতে চেন্টাৰটোৱে 500 লোকৰ বাবে অন্ন বিতৰণ কৰিছিল যদিও এতিয়া প্ৰায় 2000 লোকে অন্নৰ বাবে শাৰী পাতে প্ৰতি বুধবাৰে ৷ কেৱল অভাৱী লোকেই নহয় বৰ্তমান ইনষ্টিটিউট খনত শিক্ষা গ্ৰহণ কৰা, কৰ্মচাৰী আৰু প্ৰতিজন ভোকত থকা ব্যক্তিক বিতৰণ কৰিছে লংগৰ ৷ কেৱল লংগৰ বিতৰণেই নহয় স্বচ্ছতাৰ হকেও থিয় দিছে খালচা চেন্টাৰে ৷ প্ৰথমে এবাৰ ব্যৱহৃত পাত্ৰত লংগৰ বিতৰণ কৰিছিল যদিও বৰ্তমান ষ্টীলৰ বাচনত বিতৰণ কৰে লংগৰ ৷ মহানগৰীৰ খালচা চেন্টাৰ নৰ্থ ইষ্টৰ এই পদক্ষেপক এতিয়া প্ৰশংসাৰে উপচাইছে হাজাৰ হাজৰ অভাৱী লোকে ৷

Intro:এই জীৱনত প্ৰত্যেক জন ব্যক্তিৰ জীৱনৰ উদেশ্য আৰু জীৱনৰ ঘাত প্ৰতিঘাত পৃথক। জীৱনত সুখী কোন বুলি প্ৰশ্ন কৰিলে হয়তো সুখী মানুহৰ ঠিকনা খুব কমেই ওলাব। বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট বাকৰিত অগণন মানুহৰ অহা যোৱা প্ৰতিদিনে হয়। কোনোৱে যদি নিজৰ চিকিৎসাৰ বাবে আহে কোনোৱে আহে নিজৰ পৰিয়ালৰ আত্মীয়ৰ লগত । কেন্সাৰ ৰোগৰ দৰে মাৰাত্মক ৰোগক প্ৰতিহিত কৰিবলৈ মনোবল বান্ধি চিকিৎসা কৰে আৰোগ্যৰ বাবে প্ৰতিজন ৰোগীয়ে।এনে কঠিন সময়ত এজন ব্যক্তিৰ উৎসাহ জনক কথায়েও মনোবল বান্ধে কেন্সাৰ হস্পিতেল খনলৈ অহা প্ৰতিজন ভুক্তভোগীক । জীৱন বাটৰ এই সময়ছোৱাত এনে বহু লোক আছে যিয়ে আনজন ব্যক্তিৰ কঠিন সময়ত কাষত থিয় হবলৈ প্ৰয়াস কৰে আৰু এনেকৈ য়ে মহানগৰীৰ খালচা চেন্টাৰৰ এই সকল লোক থিয় হৈছে এই অসহায় লোক সকলৰ কাষত। কিয় আৰু কেনেকৈ থিয় হৈছে এই কথা জানিলে আপুনিও আপ্লুত হব।

Body:গুৰুনানকৰ বাণীৰ মহান উদ্দেশ্য আগত ৰাখি মহানগৰীৰ শিখ সম্প্ৰদায় লোকসকলে লৈছে এক প্ৰশংসনীয় পদক্ষেপ ।অসহায় জনৰ কাষত থিয় হৈছে মহানগৰীৰ খালচা চেন্টাৰ নৰ্থ ইষ্ট এইসকল লোক। উদ্দেশ্য মাথো এটাই ভোকত থকা ব্যক্তিক এমুঠি খাদ্য যোগান ধৰা। বি বৰুৱা কেন্সাৰ ইনষ্টিটিউট লৈ প্ৰতিদিনে বহু লোক আহে আৰু যায় আৰু এই লোকসকলৰ কোনো এজনো যাতে দুপৰীয়াৰ সাঁজৰ উপবাসে থাকিব নালাগে তেনে এক মহান উদ্দেশ্য ৰাখিয়ে প্ৰতি বুধবাৰে লংগৰ বিতৰণ কৰে শিখ সম্প্ৰদায়ৰ এই সকল লোকে ।

Bite:- পি পি সিং ।(জেষ্ঠ সাংবাদিক, সমাজ সেৱক।

উদ্দেশ্য মাথো এটাই অভাৱী লোক সকলৰ বাবে এসাঁজ অন্ন দিয়াৰ প্ৰয়াস কৰা। প্ৰায় এবছৰ পৰা এনেদৰে লংগৰ বিতৰণ কৰি আছে খালচা চেন্টাৰ ,নৰ্থ ইষ্টৰ এইসকল সদস্যই। আৰম্ভণিতে 500 শ লোকৰ বাবে অন্ন বিতৰণ কৰিছিল যদিও এতিয়া প্ৰায় 2000 লোকে অন্নৰ বাবে শাৰী পাতে প্ৰতি বুধবাৰে । দুপৰীয়া সাঁজৰ বাবে থাকে ভাত , দাইল, ভাঁজি আৰু পায়স আৰু এনেকৈ কেন্সাৰ ইনষ্টিটিউট খনলৈ অহা প্ৰতিজন অভাৱী লোকে গ্ৰহণ কৰে দুপৰীয়া আহাৰ।

bite:-অভাৱী লোক।

বৰ্তমান কেৱল অভাৱী লোকেই নহয় ইনষ্টিটিউট খনত শিক্ষা গ্ৰহণ কৰা, কৰ্মচাৰী আৰু প্ৰতিজন ভোকত থকা ব্যক্তিক বিতৰণ কৰিছে লংগৰ।

bite:- ছাত্ৰী।

মঙ্গলবাৰৰ পৰা লংগৌৰৰ বাবে প্ৰস্তুতি কৰে এইসকল লোকে। বজাৰ কৰাৰ পৰা আৰম্ভ কৰি লংগৰ বনোৱা লৈ সকলো কামকাজ নিজেই সম্পন্ন কৰে তেওঁলোকে। সকলো বনোৱাৰ পিছত গাড়ীৰে লৈ আহি এনেদৰে বিতৰণ কৰে লংগৰ অভাৱী লোকসকলৰ মাজত।

bite:- পি পি সিং।

সভাপতি পি পি সিঙে লগতে কয় যে কেৱল লংগৰ বিতৰণেই নহয় স্বচ্ছতাৰ হকেও থিয় হৈছে তেওঁলোক। প্ৰথমে এবাৰ ব্যবহিত পাত্ৰত লংগৰ বিতৰণ কৰিছিল যদিও বৰ্তমান ষ্টীলৰ বাচনত বিত্তনৰ কৰে লংগৰ।

bite:- পি পি সিং।

Conclusion: মহানগৰীৰ খালচা চেন্টাৰৰ নৰ্থ ইষ্ট ৰ এই পদক্ষেপ সঁচায়ে প্ৰশংসনীয় । অভাৱী লোক সকলক এদিনৰ বাবে হলেও তেওঁলোকে যি দৰে সহায় কৰিছে সঁচায়ে শলাগ লব লগা। কেৱল এদিনৰ বাবে নহয় প্ৰত্যেক দিনৰ বাবে তেওঁলোকে এনেদৰে অসহায় অভাৱী লোকৰ কাষত থিয় হওঁক আৰু সমাজৰ বাবে দায়বদ্ধ ভাবে এনেদৰে সকলো শুভ কাৰ্যত কৃতকাৰ্য হওঁক।

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.