ETV Bharat / state

AGP Workers Convention: অসমত নতুনকৈ গঠিত আঞ্চলিক দলসমূহক কটাক্ষ কেশৱ মহন্তৰ - Kashab Mahanta slams regional parties

কংগ্ৰেছৰ বেনাৰত একত্ৰিত হোৱা আঞ্চলিক দলবোৰৰ কোনো নীতি-আদৰ্শ নাই । অগপ দলে কংগ্ৰেছৰ লগত লগ হৈ আপোচ কৰিব নোৱাৰে । একমাত্ৰ বিধায়ক হোৱাৰ লালসাত বহু আঞ্চলিক দল গঠন হৈছে । অসমত নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহৰ বিৰুদ্ধে সৰৱ অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত (Kashab Mahanta slams new regional parties) ।

AGP Workers Convention
AGP Workers Convention
author img

By

Published : Apr 28, 2023, 9:39 PM IST

অসমত নতুনকৈ গঠিত আঞ্চলিক দলসমূহক কটাক্ষ কেশৱ মহন্তৰ

গুৱাহাটী, ২৮ এপ্ৰিল : অসমত নতুনকৈ গঠন হোৱা আঞ্চলিক দলসমূহৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰিছে অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত (AGP working president Keshab Mahanta) । শুকুৰবাৰে মাছখোৱাস্থিত প্ৰাগজ্যোতিষ সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত অসম গণ পৰিষদ দলৰ গুৱাহাটী লোকসভা সমষ্টিৰ এখন "বিশেষ কৰ্মকৰ্তা সন্মিলন"ত অংশগ্ৰহণ কৰি অগপ দলৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই কয় যে, কংগ্ৰেছৰ বেনাৰত একাংশ বিৰোধী ৰাজনৈতিক দল একত্ৰিত হৈছে (AGP workers convention in Guwahati) ।

অগপ দল কংগ্ৰেছৰ দলত একত্ৰিত নহয় । যিবোৰ আঞ্চলিক ৰাজনৈতিক দল কংগ্ৰেছৰ বেনাৰত একত্ৰিত হৈছে সেইবোৰৰ কোনো নীতি-আদৰ্শ নাই । অগপ দলে কংগ্ৰেছৰ লগত লগ হৈ আপোচ কৰিব নোৱাৰে । যিবোৰ আঞ্চলিক দলে কংগ্ৰেছৰ দলৰ বেনাৰত লগ হৈছে, সেই দলৰ আঞ্চলিক নীতি-আদৰ্শ কি আছে বুলি তেওঁ প্ৰশ্ন কৰি কয় যে, একমাত্ৰ বিধায়ক হোৱাৰ লালসাত এনে আঞ্চলিক দল গঠন হৈছে (Kashab Mahanta slams regional parties) ।

এনে আঞ্চলিক দলৰ কোনো নীতি-আদৰ্শ নাই বুলি অগপ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে মন্তব্য কৰে । সন্মিলন সম্পৰ্কত তেওঁ কয় যে, লোকসভা আৰু পঞ্চায়ত নিৰ্বাচনক কেন্দ্ৰ কৰি এই সন্মিলন অনুষ্ঠিত কৰা হৈছে (AGP preparation for Lok Sabha polls 2024) । তৃণমূল পৰ্যায়ত সভা অনুষ্ঠিত কৰা হৈছে । তেওঁ কয় যে, যিকোনো সমষ্টিতে অগপ দলৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰাৰ সামৰ্থ আছে । এইবাৰ দলৰ মূল লক্ষ্য অগপ দলৰ লোকসভাত প্ৰতিনিধি নিশ্চিত কৰা । কেশৱ মহন্তই কয় যে, বহুতে এতিয়া ত্যাগ কৰি অগপ দল কৰি আছে । যাৰ বাবে দলটো শক্তিশালী হ'ব ধৰিছে । অগপৰ ছাত্ৰ সংগঠন শক্তিশালী হৈছে ।

উল্লেখ্য যে, লোকসভাত শূন্য প্ৰতিনিধি থকা অগপই এইবাৰ লোকসভাত নিজৰ স্থিতি প্ৰতিপন্ন কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰিছে । উল্লেখ্য যে, বিগত লোকসভা নিৰ্বাচনত বিজেপিয়ে মিত্রদল অগপক তিনিটা সমষ্টি এৰি দিছিল যদিও এটাতো জয়ী হ'ব নোৱাৰিলে । এইবাৰ বিজেপিয়ে মিত্রদল অগপক কেইটা সমষ্টি এৰি দিব সেয়া সময়েহে ক'ব ।

লগতে পঢ়ক :JYB Protest in Guwahati: নিযুক্তিৰ ক্ষেত্ৰত হোৱা অ'ভাৰ লেপিঙক লৈ জাতীয় যুৱ বাহিনীৰ ব্যাপক প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.