ETV Bharat / state

মহানগৰীৰ চচলত কাৰ্বি জাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষীৰ গণ ধৰ্ণা কাৰ্যসূচী

author img

By

Published : Dec 11, 2020, 5:30 PM IST

কাৰ্বি আংলং আৰু ডিমাহাছাও জিলাৰ বাহিৰত থকা কাৰ্বি সকলক অনুসূচীত জনজাতি কৰণ আৰু স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত মহানগৰীৰ চচলত গণ ধৰ্ণা কাৰ্যসূচী ৷ ৰাজ্য চৰকাৰৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ কাৰ্বি সকলক মৰ্যাদা প্ৰদান নকৰাৰ বাবেই গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে কাৰ্বি জাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে ৷

As_ghy_karbi protest at guwahati_vis_as10003
মহানগৰীৰ চচলত কাৰ্বি জাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষীৰ গণ ধৰ্ণা কাৰ্য্যসূচী

গুৱাহাটী, 11 ডিচেম্বৰ : মহানগৰীৰ চচলত কাৰ্বি জাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিৰ গণ ধৰ্ণা কাৰ্যসূচী ৷ কাৰ্বি আংলং আৰু ডিমাহাছাও জিলাৰ বাহিৰত বসবাস কৰা কাৰ্বি সকলৰ অনুসূচীত জনজাতি কৰণ আৰু স্বায়ত্ব শাসিত পৰিষদ গঠনৰ দাবীত শুকুৰবাৰে কাৰ্বি জাতীয় সংগঠন সমূহৰ সমন্বয়ৰক্ষী সমিতিয়ে গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ হাতে হাতে চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গান সম্বলিত বেনাৰ, পোষ্টাৰ লৈ পৰিৱেশ উত্তাল কৰি তোলে ৷ কাৰ্বি সকলক ভূমি পট্টা দিয়ক, অনুসূচীত জনজাতিকৰন কৰক, কাৰ্বি সকলৰ স্বায়ত্ব শাসিত পৰিষদ গঠন কৰক আদি দাবী সম্বলিত স্মাৰক পত্ৰও মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ৷

উল্লেখ্য যে, অসমৰ জনগোষ্ঠী সমূহৰ ভিতৰত কাৰ্বি সকল অন্যতম হোৱাৰ পাচতো ৰাজ্য চৰকাৰে সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰি ৰখাৰ বাবেই বিভিন্ন সুবিধাৰ পৰা বঞ্চিত হৈ থকা বুলি মত ব্যক্ত কৰে ৷ পাহাৰীয়া জিলা দুখনৰ বাহিৰত থকা কাৰ্বি সকলক পাহাৰীয়া জনগোষ্ঠী হিচাপে চিনাক্ত কৰি জনজাতিৰ মৰ্যাদা প্ৰদান নকৰাৰ বাবেই শুকুৰবাৰে চচলত গণ ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে ৷ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত হৈ কাৰ্বি জনগোষ্ঠীৰ একাংশ লোকে আত্ম পৰিচয়ৰ লগতে ৰাজনৈতিক, সামাজিক আৰু অৰ্থনৈতিক ভাৱে শোষিত আৰু বঞ্চিত হৈ থকাৰ বাবে 27 ডিচেম্বৰত সোণাপুৰত বিশাল গণ সমাবেশৰ আয়োজন কৰিব বুলি ঘোষণা কৰে কাৰ্বি লোক সকলে ৷

লগতে পঢ়ক: CAA বিৰোধিতাৰে পুনৰ হুংকাৰ অখিল গগৈৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.