গুৱাহাটী,22 নৱেম্বৰ : গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত 20-21 নৱেম্বৰত অনুষ্ঠিত হৈ যায় অসম ৰাজ্যিক কাৰাটে প্ৰতিযোগিতা ৷ অসম অলিম্পিক সন্থাৰ (Assam Olympic Association) তত্বাৱধানত গঠন হোৱা অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ উদ্যোগত কাৰাটে প্ৰতিযোগিতাখন সফলতাৰে অনুষ্ঠিত হৈ যায় ৷
![karate competition held in guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-06-photo-7210450_21112021202631_2111f_1637506591_897.jpg)
প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালী উভয় শাখাতে খেলসমূহ অনুষ্ঠিত কৰা হয় ৷ প্ৰতিযোগী সকলক জুনিয়ৰ, ছাব জুনিয়ৰ, কেডেট আৰু চিনিয়ৰ হিচাপে বিভক্ত কৰি ইভেণ্টসমূহ পতা হয় ৷ তদৰ্থ কমিটিৰ সভাপতি তথা বিধায়ক দিগন্ত কলিতাৰ আদৰণি ভাষণেৰে পাতনি মেলা প্ৰতিযোগিতাখনিৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি আৰু উদ্বোধক হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংঘাল ৷
![karate competition held in guwahati](https://etvbharatimages.akamaized.net/etvbharat/prod-images/ass-ghy-06-photo-7210450_21112021202631_2111f_1637506591_363.jpg)
অসম অলিম্পিক সন্থাৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰকে মুখ্য কৰি বিশিষ্ট অতিথি হিচাপে ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতা, প্ৰণয় বৰদলৈ, বিষ্ণুৰাম নুনিছা, কল্যাণ গগৈ, অনুপ চৌধুৰী, হীৰেণ গগৈ, উত্তম ব্ৰহ্ম উপস্থিত থাকে ৷ উল্লেখ্য যে, অসম ৰাজ্যিক কাৰাটে সন্থাৰ তদৰ্থ কমিটিৰ সম্পাদক আদৰ্শ চৌধুৰীয়ে জনোৱা অনুসৰি কোনো খেলুৱৈৰ পৰা যোগদান মাচুল গ্ৰহণ নকৰাকৈ প্ৰতিযোগিতাখনত অংশগ্ৰহণৰ সুযোগ দিয়াত ৰাজ্যিক কাৰাটে প্ৰতিযোগিতাখনত ৰাজ্যখনৰ 33 খন জিলাৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰে ৷
লগতে চাওক : দৰ্শকৰ বাবে মুকলি প্ৰথম অসমীয়া কল্পবিজ্ঞান ভিত্তিক চলচ্চিত্ৰ ‘অৱতৰণ’