গুৱাহাটী, ২৭ এপ্ৰিল : পূৰ্ণাংগ ৰূপত অসমত গঠিত হ’ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (Kamatapur Autonomous council going to full fledged) ৷ এফালে পৃথক কমতাপুৰ দাবী কৰা কে এল অ’ৰ জীৱন সিংহৰ গুৰুত্ব কমি অহাৰ লগে লগে শান্তি প্ৰক্ৰিয়া গেঁথেলা মৰাৰ বিপৰীতে দেখা গৈছে যে এতিয়া অসমত কোচ-ৰাজবংশীসকলক লৈ তৎপৰ হৈ পৰিছে অসম চৰকাৰ (KLO demand separate Kamatapur) ৷ অতি সোনকালে পূৰ্ণাংগ ৰূপত কমতাপুৰ গঠন কৰি নিৰ্বাচন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিব ৰাজ্য চৰকাৰে ৷ মুঠ ৪ খন জিলাৰ ৩০ টা সমষ্টিৰে গঠন হ’ব পূৰ্ণাংগ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (Kamatapur Autonomous council) ৷
কমতাপুৰৰ পৰিসীমাত নাথাকিব বিটিআৰ আৰু ৰাভা হাচঙৰ কোনো অঞ্চল । কেনে হ’ব কমতাপুৰৰ পৰিসীমা ? কোনবোৰ অঞ্চলে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদীয় অঞ্চলত স্থান লাভ কৰিব তাৰ পৰিসীমা নিৰ্ধাৰণ কৰাৰ কামতো তৎপৰ হৈ পৰিছে অসম চৰকাৰ ৷ নামনি অসমৰ বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা এই চাৰিখন জিলাত গঠিত হ’ব কমতাপুৰ স্বায়ত্ত পৰিষদ ৷ ৰাজ্য চৰকাৰে অতি তৎপৰতাৰে কমতাপুৰ পৰিষদীয় এলেকাৰ পৰিসীমা অহা মে’ মাহৰ ভিতৰত নিৰ্ধাৰণ কৰাৰ লক্ষ্য লৈছে ৷ যোৱা ১২ এপ্ৰিলত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱত বিষুৱা উৎসৱত ভাগ লৈ মন্তব্য কৰিছিল যে ২০২৩ বৰ্ষৰ ভিতৰতে কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ’ব (Assam CM on Kamatapur Autonomous Council) ৷
সেইমতেই এতিয়া বঙাইগাঁও, গোৱালপাৰা, ধুবুৰী আৰু দক্ষিণ শালমাৰা এই চাৰিখন জিলাৰ উপায়ুক্তসকলক অহা ৫ মে’ৰ ভিতৰত জনগাঁথনি চাই কমতাপুৰৰ পৰিসীমা নিৰ্ধাৰণ কৰাৰ নিৰ্দেশ দিছে চৰকাৰে ৷ মুখ্যমন্ত্ৰীৰ পাচতেই এই প্ৰসংগত ৰাজ্য চৰকাৰৰ জয়ন্তমল্ল বৰুৱাকে ধৰি একাধিক মন্ত্ৰীয়ে বঙাইগাঁও জিলাৰ লগতে আন তিনিখন জিলাৰ উপায়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছে ৷ ৫০ শতাংশৰো বেছি কোচ-ৰাজবংশী লোক অধ্যুষিত অঞ্চল নিৰ্বাচন কৰি অন্তৰ্গত কৰা হ’ব কমতাপুৰ স্বায়ত্তশাসিত পৰিষদত ৷
অহা ৫ ৰপৰা ১০ মে’ৰ ভিতৰত চাৰিওজন উপায়ুক্তই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ মানচিত্ৰ প্ৰস্তুত কৰিব । পৰৱৰ্তী সময়ত চাৰি উপায়ুক্তৰ এই মানচিত্ৰ ৰাজ্যিক পৰ্যায়ত আলোচনা কৰি সীমা নিৰ্ধাৰণ কৰিব ৷ আনহাতে, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ সচিবালয়ৰ বাবে চৰকাৰে ভূমি চাই থকা বুলিও মন্ত্ৰী জয়ন্তমল্ল ৱৰুৱাই শেহতীযাকৈ সদৰী কৰিছে ৷
উল্লেখযোগ্য যে, ২০২১ বৰ্ষত বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফেব্ৰৱাৰী মাহত ততাতৈয়াকৈ কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ গঠন কৰা হৈছিল ৷ কিন্তু পৰৱৰ্তী সময়ত ইয়াৰে কাম-কাজ একপ্ৰকাৰ স্তব্ধ হৈ পৰিছিল । লগতে এয়া নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ উপায় বুলিহে সমালোচনাৰ সন্মুখীন হৈছিল শাসকীয় দল বিজেপি আৰু একেই বিজেপি দলৰ চৰকাৰ ৷
এতিয়া লোকসভা নিৰ্বাচনৰ পূৰ্বেই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদীয় নিৰ্বাচন পাতিবলৈ মনস্থ কৰিছে ৰাজ্য চৰকাৰে ৷ ইফালে ৰাজ্য চৰকাৰে চাৰিখন জিলাত কমতাপুৰৰ পূৰ্ণাংগ ৰূপ দিবলৈ তৎপৰতাৰে আগবঢ়া প্ৰক্ৰিয়াই চৰকাৰৰ আশ্ৰয়ত থকা জীৱন সিংহ নেতৃত্বাধীনকে এল অ’ৰ পৃথক কমতাপুৰৰ স্বপ্ন যে সুদূৰ পৰাহত তাকো প্ৰতীয়মান কৰিছে ৷ আনহাতে, শান্তি প্ৰক্ৰিয়াত ভাগ ল’বলৈ অৰণ্যৰ পৰা উভতি অহা জীৱন সিংহও ক্ৰমে অপ্ৰাসংগিক হৈ পৰিব অসমত ৷