ETV Bharat / state

ভোটাৰ আই ডিৰ শুধৰণি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা

author img

By

Published : Dec 4, 2020, 7:10 PM IST

বৰ্তমানলৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে প্ৰায় ১৮ হাজাৰ লোকে নতুনকৈ আবেদন কৰিছে। ফটো নথকা বাবে প্ৰায় ৬২৩৯ গৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই ভোটাৰ তালিকাত। বিপৰীতে মৃত্যু, সমষ্টি সলনি আদিৰ বাবে প্ৰায় ৪,৮২৮ গৰাকীৰ নাম কৰ্তন কৰিব ।

ভোটাৰ আই ডিৰ শুধৰণি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা
ভোটাৰ আই ডিৰ শুধৰণি সন্দৰ্ভত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ গুৰুত্বপূৰ্ণ ঘোষণা

গুৱাহাটী,4 ডিচেম্বৰঃ ২০২১ৰ ১৫ জানুৱাৰীত প্ৰকাশ পাব চূড়ান্ত ভোটাৰ তালিকা । বৰ্তমানলৈ ভোটাৰ তালিকাত অন্তৰ্ভুক্তিৰ বাবে প্ৰায় ১৮ হাজাৰ লোকে নতুনকৈ আবেদন কৰিছে । ফটো নথকা বাবে প্ৰায় ৬,২৩৯ গৰাকীৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই ভোটাৰ তালিকাত । বিপৰীতে মৃত্যু, সমষ্টি সলনি আদিৰ বাবে প্ৰায় ৪,৮২৮ গৰাকীৰ নাম কৰ্তন কৰিব । শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত এই কথা প্ৰকাশ কৰিলে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে।

ইফালে ৬,২৩৯ গৰাকী লোকৰ ফটো নথকা বাবে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই । তেওঁলোকক শীঘ্ৰেই উপায়ুক্ত কাৰ্যালয়ৰ নিৰ্বাচনী বিষয়া অথবা BLO, ভোটাৰ কেন্দ্ৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উপায়ুক্তগৰাকীয়ে । তদুপৰি নাম, ঠিকনা আদি শুধৰণিৰ বাবে ইতিমধ্যেই প্ৰক্ৰিয়া আৰম্ভ হৈছে । ১৬ নৱেম্বৰ পৰা ১৫ ডিচেম্বৰলৈ চলিব এই প্ৰক্ৰিয়া । ৫ জানুৱাৰী ভিতৰত সকলো কাম কাজ সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে জিলা প্ৰশাসনে । আনহাতে অহা ৫-৬ ডিচেম্বৰত জিলা প্ৰশাসনে এই সন্দৰ্ভত বিশেষ পৰ্যবেক্ষণ কৰিব ।

লগতে পঢ়কঃ ৰঙিয়াত বাঁহৰ খুটাৰে বিদ‍্যুৎ বিভাগে যোগান ধৰিছে বিদ‍্যুৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.