ETV Bharat / state

Kamrup metro Dto : ২০২২-২৩ বিত্তীয় বর্ষত ৩৬৪৯৪ কোটিতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ

কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিলেখ ৷ এটা বছৰত ৩৬৪,৯৪ কোটিতকৈ অধিক টকাৰ ৰাজহ সংগ্ৰহ কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে (Kamrup metro Dto collects more than 36494 crore in tax revenue) ৷ এই কথা সদৰী কৰিছে জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) অতিৰিক্ত দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে ৷

author img

By

Published : Apr 1, 2023, 10:42 PM IST

Kamrup metro Dto
কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ অভিলেখ

গুৱাহাটী, ১ এপ্ৰিল : গুৱাহাটীৰ বেতকুছিস্থিত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) কাৰ্যালয়ে ৩১ মাৰ্চত সামৰণি পৰা ২০২২-২৩ বিত্তীয় বর্ষত ৰাজ্যৰ ভিতৰতে অভিলেখ পৰিমাণৰ ৰাজহ সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে (Kamrup metro Dto collects more than 36494 crore in tax revenue) । জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ (পঞ্জীয়ন আৰু অনুজ্ঞাপত্ৰ) অতিৰিক্ত দায়িত্ববাহী সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে জানিবলৈ দিয়া মতে, প্ৰথমবাৰৰ বাবে ৩১ মাৰ্চত বিত্তীয় বর্ষৰ সামৰণিৰ দিনালৈকে সংগৃহিত ৰাজহৰ পৰিমাণ আছিল ৩৬৪,৯৪,৫০,৮৬৯ কোটি টকা ।

ইয়াৰ পূৰ্বে বিগত ২০২১-২২ বর্ষত সংগৃহীত ৰাজহৰ পৰিমাণ আছিল প্ৰায় ২৮৭,৬৮,৯৫,৬৩০ কৌটি টকা । অৰ্থাৎ বিগত বিত্তীয় বৰ্ষতকৈ এইবেলি ৭৭,২৫,৫৫,২৩৯ কোটি টকাৰ অধিক ৰাজহ সংগ্ৰহ কৰা হৈছে । এই ৰাজহ বৃদ্ধিৰ পৰিমাণ হ’ল ২৭ শতাংশ (Kamrup metro Dto collect tax revenue) ।

সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে সদৰী কৰা ৰাজহ সংগ্ৰহৰ সমান্তৰালভাৱে মুখ্যমন্ত্ৰী আৰু পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশত ৰাইজ, যান-বাহনৰ গৰাকীৰ মাজত সজাগতা সৃষ্টিৰ বাবে চলিত বছৰৰ প্ৰথম দিনটোৰ পৰা অনাদায়ী বাহনৰ পৰা কৰ আদায়ৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্ঘটনামুক্ত অসমৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে বিশেষ অভিযান আৰম্ভ কৰা হৈছিল । অপাৰেচন কুৰুক্ষেত্ৰ আৰু অপাৰেচন চাৰখাৰ নামৰ অভিযানৰ ফলত বাহনৰ গৰাকীসকলে যাৱতীয় কৰ আদায় দিয়াত কৰ সংগ্ৰহৰ পৰিমাণ বৃদ্ধি পায় ।

লগতে পঢ়ক : Drive against non-tax vehicles: গুৱাহাটীৰ ৰাজপথত কৰ আদায় নিদিয়া বাহনৰ বিৰুদ্ধে পৰিবহণ বিভাগৰ অভিযান

অৱশ্যে এতিয়াও এক বুজন সংখ্যক লোকে বকেয়া কৰ আদায় দিয়া নাই । পৰৱৰ্তী সময়ত বিভাগৰ উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশ অনুসৰি সেই বাহনসমূহ জব্দ কৰাৰ বাবে বিশেষ অভিযান চলোৱা হ’ব । পহিলা জানুৱাৰীৰ পৰা চলোৱা অভিযানত কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক শাখা) হিমাংশু কুমাৰ দাস আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকৰণৰ সচিব ৰফিকুল ইছলামৰ নেতৃত্বত বিভাগৰ যান বাহন পৰিদৰ্শক, প্ৰৱৰ্তক পৰিদৰ্শক, সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক, প্ৰৱৰ্তক চেকাৰকে ধৰি জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সকলো পৰ্যায়ৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰিছিল ।

উল্লেখ্য যে, এই সংগৃহীত ৰাজহৰ ভিতৰত জিলা পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসৰ নেতৃত্বত প্ৰৱৰ্তক বিভাগে সংগ্ৰহ কৰিছে অভিলেখ পৰিমাণৰ ৩৭,০৮,২১,২১১ কোটি টকা আৰু আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলামৰ নেতৃত্বত কাৰ্যালয়টোৱে সংগ্ৰহ কৰা ২,২৬,১৪,৯৫০ কোটি টকাও আছে ।

লগতে পঢ়ক : Paddy Procurement : অসমত মাৰ্চ মাহলৈ চাৰি লাখ মেট্ৰিক টন ধান ক্ৰয়ৰ অভিলেখ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.