ETV Bharat / state

ঘাইপথত গৰু-ছাগলী উঠিলে গৰাকীয়ে ভৰিব লাগিব জৰিমনা - জিলা আয়ুক্ত সুমিত ছাত্তাৱান

Kamrup Metro DC: ঘাইপথলৈ গৰু-ছাগলী ওলাই আহিলে গৰাকীয়ে ভৰিব লাগিব জৰিমনা । ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা প্ৰতিটো পথত নিৰ্দিষ্ট দূৰত্বত দুটাকৈ গতিৰোধক লগোৱাৰ পৰামৰ্শ । ৰাষ্ট্ৰীয় ঘাইপথত পথ বিভাজকৰ মাজেৰে বা পথ বিভাজক ভাঙি অকৰ্তৃত্বশীলভাৱে মানুহ বা যান-বাহন অহা-যোৱা কৰা ব্যৱস্থা তৎকালিনভাৱে বন্ধ কৰাৰ নিৰ্দেশ ।

Road safety meeting Guwahati
কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক
author img

By ETV Bharat Assamese Team

Published : Dec 20, 2023, 7:43 PM IST

গুৱাহাটী, ২০ ডিচেম্বৰঃ ঘাইপথলৈ গৰু-ছাগলী ওলাই আহিলে গৰাকীয়ে ভৰিব লাগিব জৰিমনা । এইক্ষেত্ৰত জাৰি কৰা হ'ব নিৰ্দেশনা । দুৰ্ঘটনা ৰোধ কৰাৰ লক্ষ্যৰে এইক্ষেত্ৰত নিৰ্দেশনা জাৰি কৰাৰ বাবে আৰক্ষীক নিৰ্দেশ দিছে কামৰূপ মহানগৰ জিলা আয়ুক্তই ।

Road safety meeting Guwahati
কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ বৈঠক

বুধবাৰে কামৰূপ মহানগৰ জিলা পথ সুৰক্ষা সমিতিৰ এখন বৈঠক জিলা আয়ুক্ত সুমিত ছাত্তাৱানৰ উপস্থিতিত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত হয় । বৈঠকখনত জিলাখনত চিনাক্ত দুৰ্ঘটনাৰ ব্লেক স্পটসমূহত ল'বলগীয়া সংশোধনীমূলক পদক্ষেপৰ বিষয়ে আলোচনা কৰা হয় । বৈঠকত ঘাইপথৰ মাজেৰে গৰু, ছাগলী আদি পাৰ হৈ যোৱাৰ ফলত দুৰ্ঘটনা সংঘটিত হোৱাৰ বিষয়টোত গুৰুত্ব দি জিলা আয়ুক্তই কয় যে গুৱাহাটী পৌৰ নিগম আৰু গাঁও পঞ্চায়তে এইক্ষেত্ৰত কঠোৰ পদক্ষেপ ল’ব লাগিব ।

তেওঁলোকে ঘাইপথলৈ অহা গৰু, ছাগলী ধৰি পাউণ্ডত ৰাখিব লাগিব আৰু গৰাকীক জৰিমনা বিহিব লাগিব । এইক্ষেত্ৰত এখন নিৰ্দেশনা জাৰি কৰিবলৈ জিলা আয়ুক্তগৰাকীয়ে আৰক্ষীক কয় । আনহাতে দুৰ্ঘটনাপ্ৰৱণ এলেকাত ঘাইপথৰ নিচেই কাষত বা পথ বিভাজকৰ ওপৰত হ'ৰ্ডিং আদি লগোৱা বা নিৰ্মাণকাৰ্য কৰাৰ পৰা বিৰত থাকিবলৈ তেওঁ সকলোকে আহ্বান জনায় ।

আনহাতে ৰাষ্ট্ৰীয় ঘাইপথৰ সৈতে সংযোগ হোৱা প্ৰতিটো পথত নিৰ্দিষ্ট দূৰত্বত দুটাকৈ গতিৰোধক লগাবলৈ জিলা আয়ুক্তগৰাকীয়ে পৰামৰ্শ দিয়ে । ৰাষ্ট্ৰীয় ঘাইপথত পথ বিভাজকৰ মাজেৰে বা পথ বিভাজক ভাঙি অকৰ্তৃত্বশীলভাৱে মানুহ বা যান-বাহন অহা যোৱাৰ বাবে কৰা ব্যৱস্থা তৎকালিনভাৱে বন্ধ কৰিবলৈ তেওঁ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে ।

ইয়াৰোপৰি নিৰ্মাণকাৰ্য চলি থকা স্থানৰ কাষেৰে মানুহ বা যান-বাহন অহা-যোৱা কৰাৰ ক্ষেত্ৰত লোৱা সুৰক্ষাজনিত ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা আয়ুক্তই লোক নিৰ্মাণ বিভাগ আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণক নিৰ্দেশ দিয়ে । বৈঠকত অতিৰিক্ত জিলা আয়ুক্ত বিক্ৰম ছেত্ৰী, উপ-আৰক্ষী আয়ুক্ত (যান বাহন শাখা) জয়ন্ত সাৰথি বৰা, সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাস, জিলা পৰিবহণ বিষয়া তথা আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী হিমাংশু কুমাৰ দাস প্ৰমুখ্যে আবকাৰী, গুৱাহাটী পৌৰ নিগম, লোক নিৰ্মাণ, ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণকে ধৰি বিভিন্ন বিভাগৰ বিষয়াসকল উপস্থিত থাকে । জিলা পৰিবহণ বিষয়া গৌতম দাসে বিগত সময়ছোৱাত জিলাখনত সংঘটিত পথ দুৰ্ঘটনাৰ পৰিসংখ্যা দাঙি ধৰে ।

লগতে পঢ়ক: চৰ্ত সাপেক্ষে গুৱাহাটীৰ 13 খন পাহাৰত বাস কৰা লোকে লাভ কৰিব ভূমিৰ পট্টা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.