ETV Bharat / state

GMC Ward Mapping: গুৱাহাটী পৌৰ নিগমৰ মানচিত্ৰৰ বিভ্ৰান্তি সম্পৰ্কত জিলা প্ৰশাসনৰ স্পষ্টিকৰণ

author img

By

Published : Apr 8, 2022, 10:27 PM IST

গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ মানচিত্ৰকলৈ সৃষ্টি হোৱা বিভ্ৰান্তি (GMC ward mapping controversy) সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বৃহস্পতিবাৰে স্পষ্টিকৰণ আগবঢ়ায় । গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ মানচিত্ৰ সম্প্ৰতি কোনো সালসলনি কৰা হোৱা নাই বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনে জানিবলৈ দিয়ে ।

GMC Ward Mapping
গুৱাহাটী পৌৰ নিগমৰ মানচিত্ৰৰ বিভ্ৰান্তি সম্পৰ্কত জিলা প্ৰশাসনৰ স্পষ্টিকৰণ

গুৱাহাটী, 8 এপ্ৰিল: গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ মানচিত্ৰকলৈ সৃষ্টি হোৱা বিভ্ৰান্তিৰ সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বৃহস্পতিবাৰে স্পষ্টিকৰণ আগবঢ়ায় । উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমে যোৱা জানুৱাৰীত গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডৰ সংখ্যা ৩১ টা পৰা ৬০ টালৈ বৃদ্ধি কৰাৰ সন্দৰ্ভত চুড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিছিল (Ward extension of gmc)। সেইমৰ্মে গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই নিগমৰ ৱাৰ্ডৰ পুনৰ নিৰ্দ্ধাৰণৰ সীমা আৰু মানচিত্ৰ নিগমৰ কাৰ্যালয়ত, কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত আৰু নিগমৰ www.gmc.assam.in ৱেবছাইটত উপলব্ধ কৰাইছিল ।

পৰৱৰ্তী সময়ত গুৱাহাটী পৌৰ নিগম কতৃপক্ষই ভুলকৈ পুনৰ নিগমৰ ৱাৰ্ড নিৰ্দ্ধাৰণৰ বেলেগ মানচিত্ৰ ৱেবচাইটত উপলব্ধ কৰাইছিল । যাৰবাবে গুৱাহাটীবাসীৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি হৈছিল (GMC ward mapping controversy)। এই সন্দৰ্ভত ৰাইজৰ মাজত আৰু সংবাদ মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । তাৰ পিছতো বহুদিন ধৰি গুৱাহাটী পৌৰ নিগম আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে মৌনতা অৱলম্বন কৰি থকাৰ পিছত www.gmc.assam.in ৱেবচাইটত ভুলকৈ আপলোড কৰা মানচিত্ৰখন আঁতৰ কৰি গুৱাহাটী পৌৰ নিগমৰ ৱাৰ্ডসমূহৰ মানচিত্ৰ সম্প্ৰতি কোনো সালসলনি কৰা হোৱা নাই বুলি কামৰূপ মহানগৰ জিলা প্ৰশাসনে বৃহস্পতিবাৰে স্পষ্টিকৰণ দিয়ে ।

কামৰূপ মহানগৰ জিলা প্ৰশাসনে ৫৩/২০২২ নং প্ৰেছ বাৰ্তাৰ জৰিয়তে প্ৰকাশ কৰা মতে পৌৰ নিগমৰ আগন্তুক নিৰ্বাচনত নিগমৰ ৱাৰ্ডসমূহৰ সংশোধিত মানচিত্ৰই বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি একাংশ প্ৰচাৰ মাধ্যমত প্ৰকাশিত বাতৰিৰ সন্দৰ্ভত জিলা প্ৰশাসনে স্পষ্ট কৰি দিয়ে যে কামৰূপ মহানগৰ জিলাৰ নিৰ্বাচন কৰ্তৃপক্ষই নিৰ্বাচনৰ প্ৰাক মুহুৰ্তত গুৱাহাটী পৌৰ নিগম বা ৱাৰ্ডৰ কোনো পৰিৱৰ্তিত মানচিত্ৰ প্ৰকাশ কৰা নাই । গুৱাহাটী পৌৰ নিগমৰ পুনৰ সীমা নিৰ্ধাৰণৰ সময়ছোৱাত ভোটাৰ ৰাইজৰ সৈতে যোগাযোগ ৰক্ষা কৰি স্বাভাৱিক প্ৰক্ৰিয়াৰে পুৰণি ৱাৰ্ড এলেকা আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ সলনি ঘটোৱা হৈছিল ।

যোৱা ২৪ জানুৱাৰী, ২০২২ তাৰিখৰ চৰকাৰী অধিসূচনা নং- জি.চি.এল/০২/২০২২/১৫৩ যোগে প্ৰকাশ কৰা গুৱাহাটী পৌৰ নিগমৰ মানচিত্ৰ অনুসৰি ভোটাৰ তালিকা আৰু ভোটগ্ৰহণ কেন্দ্ৰসমূহ প্ৰস্তুত কৰা হৈছিল আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ কিবা ওজৰ-আপত্তি থাকিলে ১১ ফেব্ৰুৱাৰী, ২০২২ পৰা ১৮ ফেব্ৰুৱাৰী ২০২২ ৰ ভিতৰত লিখিত ৰূপত দাখিল কৰিবলৈ আহ্বান জনোৱা হৈছিল । একাংশ সংবাদ মাধ্যমে প্ৰকাশ কৰা ধৰণে উক্ত মানচিত্ৰ সলনিৰ বাতৰি সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয় আৰু সমাগত পৌৰ নিগমৰ নিৰ্বাচনৰ সময়ত এই ধৰণৰ বাতৰিয়ে ভোটাৰ ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিব ।

এই ক্ষেত্ৰত কামৰূপ মহানগৰ জিলা প্ৰশাসনে পৌৰ নিগম এলেকাৰ ভোটাৰ ৰাইজক এনে ধৰণৰ বিভ্ৰান্তিকৰ বাতৰিৰ প্ৰতি গুৰুত্ব নিদি চৰকাৰে প্ৰকাশ কৰা মানচিত্ৰ তথা ভোটাৰ তালিকা অনুসৰি আগন্তুক নিৰ্বাচনত ভোটদান কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক: Om Birla in Guwahati: পাঁচদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত লোকসভাৰ অধ্যক্ষ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.