ETV Bharat / state

GMC Election 2022: গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে ৱেব পৰ্টেল মুকলি

author img

By

Published : Mar 25, 2022, 10:25 PM IST

কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী পৌৰ নিগম নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে শুকুৰবাৰে এটা ৱেব পৰ্টেল মুকলি কৰিছে (GMC Election portal)। জিলা প্ৰশাসনৰ NIC শাখাৰ দ্বাৰা প্ৰস্তুত কৰা ৱেব পৰ্টেলটোৰ নাম kamrupmetro-pg.assam.gov.in .

GMC Election 2022
গুৱাহাটী পৌৰ নিগম নিৰ্বাচনৰ বাবে ৱেব পৰ্টেল মুকলি

গুৱাহাটী, 25 মাৰ্চ: কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন স্বচ্ছ আৰু নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে এটা ৱেব পৰ্টেল মুকলি কৰিছে (GMC Election portal)। কামৰূপ মহানগৰ জিলাৰ জিলা অতিৰিক্ত উপায়ুক্ত (নিৰ্বাচন) ডাঃ ধ্ৰুৱজ্যোতি হাজৰিকাই শুকুৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সভাত কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ NIC শাখাৰ দ্বাৰা প্ৰস্তুত কৰা kamrupmetro-pg.assam.gov.in শীৰ্ষক ৱেব পৰ্টেলটো আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ।

এই ৱেব পৰ্টেল লগ ইন কৰি পঞ্জীয়ন কৰাৰ পিছত নিৰ্বাচনী বিধি ভংগ কৰাকে ধৰি আন আন অভিযোগসমূহ আৰু অন্যান্য বিষয়সমূহ জনসাধাৰণে অনলাইন যোগে দাখিল কৰিব পাৰিব । আনহাতে এই পৰ্টেলত লগ ইন কৰিয়েই পৰৱৰ্তী পৰ্যায়ত সেই বিষয়ত কি পদক্ষেপ গ্ৰহণ কৰা হ’ল অভিযোগকাৰীয়ে জানিব পাৰিব । অভিযোগকাৰীয়ে অভিযোগ কৰোতে স্থান আদি উল্লেখ কৰি ছবি সংলগ্ন কৰিব পাৰিব । নিৰ্বাচনী বিধি নিৰীক্ষণত এই ৱেব পৰ্টেলটো বিশেষভাৱে সহায়ক হ’ব বুলি আশা কৰা হৈছে ।

ইয়াৰ বাহিৰেও এই ৱেব পৰ্টেলে জনসাধাৰণক আন আন ক্ষেত্ৰতো সহায় আগবঢ়ায় স্বচ্ছ আৰু নিয়াৰি নিৰ্বাচন অনুষ্ঠিত কৰাত প্ৰশাসনক সহায় কৰিব বুলি আশা কৰা হৈছে ৷

লগতে পঢ়ক: শ শ মধ্যাহ্ন ভোজন ৰান্ধনি আৰু সহায়িকাৰ প্ৰতিবাদত উত্তাল খানাপাৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.