ETV Bharat / state

ৰাজ্যত মজুত আছে তিনি-চাৰি মাহৰ চাউল - লক ডাউন

লক ডাউন বৃদ্ধিৰ আশংকাৰ ইংগিত কেন্দ্ৰীয় চৰকাৰৰ ৷ প্ৰায়বোৰ ৰাজ্যৰ দৰে অসমতো 30 এপ্ৰিললৈকে লক ডাউন বৃদ্ধিৰ সম্ভাৱনা ৷ সমান্তৰালভাৱে তৎপৰ ৰাজ্যৰ প্ৰশাসন আৰু অন্যান্য বিভাগসমূহ ৷ সেয়ে কামৰূপৰ চাংসাৰীস্থিত ভাৰতীয় খাদ্য নিগমৰ গুদাম পৰিদৰ্শন কামৰূপৰ উপায়ুক্ত আৰু জিলা পৰিবহণ বিষয়াৰ ৷

Kamrup DC DTO visit changsari FCI godown
ভাৰতীয় খাদ্য নিগমৰ গুদাম পৰিদৰ্শন
author img

By

Published : Apr 12, 2020, 6:31 PM IST

কামৰূপ,12 এপ্ৰিলঃ ৰাজ্যত বৰ্তমান মজুত আছে পৰ্যাপ্ত পৰিমাণৰ চাউল । ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰত মজুত আছে পৰ্যাপ্ত পৰিমাণৰ চাউল,ঘেঁহুৰ লগতে শুকান খাদ্য সামগ্ৰী । দেওবাৰে চাংসাৰীস্থিত খাদ্য নিগমৰ গুদামঘৰ পৰিদৰ্শন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কমল কুমাৰ বৈশ্য আৰু জিলা পৰিবহণ বিষয়া গৌতম দাসে । অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য সমূহলৈ সূচাৰুৰূপে খাদ্য সামগ্ৰী ভৰ্তি ট্ৰাক প্ৰেৰণৰ ব্যৱস্থা জিলা পৰিবহণ বিষয়া গৌতম দাসৰ । লক ডাউনৰ বাবে যাতে ৰাজ্যৰ কোনো প্ৰান্তত খাদ্য সামগ্ৰী পৰিবহণত অসুবিধা নহয় তাৰ প্ৰতি চোকা নজৰ ৰাখিতছে কামৰূপ জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগে । ইয়াৰোপৰি, বহিঃৰাজ্যৰ পৰা অহা ৰে’লৰ পৰা চাউল নমাই ঠিকমতে ৰাখিছে নে নাই সেয়া তদাৰক কৰে জিলা প্ৰশাসন আৰু পৰিবহণ বিভাগৰ দলটোবে । প্ৰায় ৪২ মেট্ৰিকটন চাউল বৰ্তমান জমা থকা গুদাম ঘৰটোলৈ আৰু ভালে কেইখন চাউল ভৰ্তি ৰে’ল আহি আছে বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে উপায়ুক্ত কমল কুমাৰ বৈশ্যই ৷

ভাৰতীয় খাদ্য নিগমৰ গুদাম পৰিদৰ্শন

এই পৰিদৰ্শন কালত ট্ৰাক চালক, হেণ্ডিমেন আৰু লোডিং-আন লোডিঙৰ শ্ৰমিকসকলক কৰ’ণা ভাইৰাছৰ বাবে গ্ৰহণ কৰিবলগা সাৱধানতাৰ বিষয়ে সজাগ কৰে পৰিবহণ বিষয়া গৌতম দাসে ৷ খাদ্য সামগ্ৰী কঢ়িওৱা বাহনসমূহ সূচাৰুৰূপে গন্তব্য স্থানলৈ প্ৰেৰণৰ বাবে সু-ব্যৱস্থা গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে পৰিবহণৰ বিষয়া গৰাকীয়ে ৷

লগতে চাওকঃ টীয়কৰ যুৱ ব্যৱসায়ীৰ উদ্যোগত বিতৰণ অসমীয়া জলপান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.