গুৱাহাটী, 21 জুলাই: গুৱাহাটী মহানগৰীত দৈনিক বৃদ্ধি হৈছে শিশু শ্ৰমিকৰ সংখ্যা (Increases in child labours in Guwahati) । যি সময়ত চৰকাৰে শিশু শ্ৰমিক ৰোধৰ বাবে বাৰম্বাৰ আহ্বান জনাই আহিছে, তেনে সময়তে মহানগৰীত চাইল্ড লাইন আৰু আৰক্ষীৰ সহযোগত উদ্ধাৰ কৰা হৈছে 7 গৰাকীকৈ শিশু শ্ৰমিক ৷ শ্ৰম বিভাগৰ আয়ুক্তৰ নিৰ্দেশ মৰ্মে কামৰূপ মহানগৰ শিশু শ্ৰমিক টাস্ক ফ’ৰ্চে বৃহস্পিবাৰে নাৰেংগী আৰু চান্দমাৰিত অভিযান চলায় (Kamrup City Child Labour Task Force rescued child labor) ৷
এই অভিযানত নাৰেংগী আৰু চান্দমাৰিৰ বিভিন্ন ব্যৱসায়ী প্ৰতিষ্ঠানত কৰ্মৰত অৱস্থাত 7 গৰাকী শিশু শ্ৰমিকক উদ্ধাৰ কৰে শিশু শ্ৰমিক টাস্ক ফৰ্চে ৷ ইয়াৰ পিছতে দলটোৱে উদ্ধাৰ কৰা কিশোৰ কেইটাক চাইল্ড লাইনক গতাই দিয়ে (7 child labor rescued in Guwahati)৷
উল্লেখ্য যে নাৰেংগী, নুনমাটিৰ বজাৰত কাপোৰ দোকান, হোটেলকে ধৰি কেইবাখনো ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰি আছিল শিশুকেইটাই৷ শ্ৰম বিভাগে উদ্ধাৰ কৰা শিশু কেইটা নাৰেংগী, নুনমাটি আৰু চান্দমাৰী অঞ্চলৰ বুলি জানিব পৰা গৈছে ৷
উল্লেখ্য যে শেহতীয়াকৈ চাইল্ড লাইন গুৱাহাটীৰ পৰা পোৱা তথ্য অনুসৰি, গুৱাহাটী মহানগৰীত 2020 ৰ এপ্ৰিলৰ পৰা 2021 ৰ 31 মাৰ্চলৈ 116 টা শিশু শ্ৰমিক উদ্ধাৰ কৰিছে । আনকি 140 টা শিশু শ্ৰমিক 2021 এপ্ৰিলৰ পৰা 2022 ৰ মাৰ্চৰ ভিতৰত উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে চাইল্ড লাইনে । লগতে চলিত বৰ্ষৰ পহিলা এপ্ৰিলৰ পৰা আজিলৈ মুঠ 46 শিশু শ্ৰমিক উদ্ধাৰ কৰিছে চাইল্ড লাইন গুৱাহাটীয়ে ।
লগতে পঢ়ক : মৰাণত চাইল্ড লাইনৰ তৎপৰতাত পাঁচ শিশু শ্ৰমিক উদ্ধাৰ