ETV Bharat / state

অনাকাংক্ষিত : ভক্তৰ অবিহনেই সামৰণি পৰিল অম্বুবাচী

author img

By

Published : Jun 26, 2020, 7:02 PM IST

নিজম পৰিল কামাখ্যা ধাম ৷ এইবেলি গেৰুৱা ৰঙেৰে উদ্ভাসিত নহ'ল কামাখ্যাৰ চৌপাশ নাই পূৰ্বৰ সেই উজ্জীৱিত পৰিৱেশ, নাই কোনো সাধু-সন্যাসী, নাই কোনো দেশী-বিদেশী ভক্ত ৷ কিয়নো কৰ'ণা মহামাৰীৰ সংক্ৰমণ ৰোধৰ বাবে 30 জুন পৰ্যন্ত বন্ধ ৰখা হৈছে ঐতিহ্যমণ্ডিত ধাম খনৰ প্ৰৱেশদ্বাৰ ৷

kamakhya ambubachi ended without devotees

গুৱাহাটী, 26 জুন : আহাৰ মাহৰ মৃগ শিৰা নক্ষত্ৰৰ তিনি পদ শেষ হ’লে চতুৰ্থ পাদৰ পৰা আদ্যা নক্ষত্ৰৰ প্ৰথম পাদৰ ভিতৰত, আই বসুমতী ৰজস্বলা হয় বুলি লোকবিশ্বাস চলি আহিছে ৷ ঋতুমতী নাৰীক যিদৰে কাম-কাজৰ পৰা জিৰণি দিয়া হয়, ঠিক তেনেদৰে আই বসুমতীকো এই সময়ছোৱাত দিয়া হয় জিৰণি ৷ সেয়েহে আহাৰ মাহৰ এই সময়ছোৱা হিন্দু ধৰ্মাৱলম্বী লোকসকলে যুগ যুগ ধৰি পালন কৰি আহিছে অম্বুবাচী হিচাপে ৷ লোকবিশ্বাস মতে অম্বুবাচীৰ সময়ছোৱাত কৰা নহয় কোনো ধৰণৰ মাংগলিক কাৰ্য ৷ বন্ধ কৰি দিয়া হয় মঠ-মন্দিৰৰো প্ৰৱেশদ্বাৰ ৷

কেৱল অসমতেই নহয় সমগ্ৰ ভৰতবৰ্ষৰ লোকেই কম-বেছি পৰিমাণে পালন কৰে অম্বুবাচী আৰু ইয়াৰ লগত জড়িত ভিন্ন ৰীতি-নীতি ৷ উল্লেখ্য যে, অম্বুবাচীৰ সময়ছোৱাত কামাখ্যা ধামত প্ৰতি বছৰে দেশ-বিদেশৰ ভক্তৰ সমাগমেৰে অনুষ্ঠিত হৈ আহিছে অম্বুবাচী মেলা ৷ এইবেলিও ধৰ্মীয় ৰীতি অনুসৰি ২২ তাৰিখে পুৱা ৭ বাজি ৫৩ মিনিট ১৫ ছেকেণ্ডত প্ৰবৃত্তি হোৱাৰ বিপৰীতে বৃহস্পতিবাৰে নিশা ৮ বাজি ১৬ মিনিট ৫৫ ছেকেণ্ডত হৈছে অম্বুবাচীৰ নিবৃত্তি ৷ নিবৃত্তিৰ পিচতে শুকুৰবাৰে পুৱা ধৰ্মীয় পৰম্পৰা অনুসৰি আগবঢ়োৱা হল যাৱতীয় পূজা-অৰ্চনা ৷ কিন্তু এইবেলি কিছু ব্যতিক্ৰমী ধৰণেৰে সম্পন্ন কৰা হ'ল এই নিয়মো ৷

অনাকাংক্ষিতঃ ভক্তৰ অবিহনেই সামৰণি পৰিল অম্বুবাচী

কৰ'ণা মহামাৰীয়ে ত্ৰস্তমান কৰা সাম্প্ৰতিক সময়ৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যা ধামত বন্ধ কৰি দিয়া হৈছে ভক্তৰ সমাগম ৷ যাৰ বাবে পূৰ্বৰ উখল-মাখল পৰিৱেশ অবিহনেই পালন হ'ল অম্বুবাচীৰ সকলো ৰীতি-নীতি ৷ উকা হৈ ৰ'ল নীলাচলৰ বুকু ৷ কৰ'ণাৰ সমক্ৰমণ ৰোধৰ বাবে 30 জুন পৰ্যন্ত বন্ধ ৰখা হৈছে ঐতিহ্যমণ্ডিত ধাম খনৰ দুৱাৰ ৷ এই অনাকাংক্ষিত সময়ক লৈ সাধাৰণ লোকৰ লগতে ধামখনৰ কৰ্মকৰ্তাসকলেও কৰিছে দুখ প্ৰকাশ ৷ তথাপিও আজিৰ এই শুভক্ষণত সকলো ভক্তৰ শুভকামনা কৰাৰ লগতে পুনৰ ভাল দিন ঘূৰি অহাৰ বাবে মা কামাখ্যাৰ ওচৰত সেৱা জনাইছে পুৰোহিত সকলে ৷

লগতে পঢ়কঃ প্ৰথমবাৰৰ বাবে মা কামাখ্যা ধামত অনুষ্ঠিত নহয় অম্বুবাচী মেলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.