ETV Bharat / state

Kalija aita is Sick: সকলোৰে মৰমৰ ‘কলিজা আইতা’ জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন - Kalija aits is in ICU

অসুস্থ হৈ পৰিছে সকলোৰে পৰিচিত কলিজা আইতা ৷ গুৱাহাটীৰ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ কলিজা আইতা সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ICUত চিকিৎসাধীন ৷ আইতাৰ অসুস্থতাৰ খবৰে এতিয়া উদ্বিগ্ন কৰি তুলিছে সকলোকে ৷

Kalija aita is Sick
সকলোৰে মৰমৰ ‘কলিজা আইতা’ জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন
author img

By

Published : Jan 20, 2023, 9:52 PM IST

সকলোৰে মৰমৰ ‘কলিজা আইতা’ জি এম চি এইচৰ আই চি ইউত চিকিৎসাধীন

গুৱাহাটী, 20 জানুৱাৰী: সকলোৰে অতি মৰমৰ-আদৰৰ ‘কলিজা আইতা’ অসুস্থ(Kalija aita is Sick) । সকলোৰে চিনাকি, সকলোৰে মৰমৰ কলিজা আইতাৰ প্ৰকৃত নাম সুভদ্ৰা দেৱী । গুৱাহাটীৰ প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ(Pramod Talukdar Memorial Old Age Home) বাসিন্দা এইগৰাকী আইতাৰ কথা-বতৰাই সকলোকে মুগ্ধ কৰে ।

সকলো সময়তে মুখত এটা মৰমসনা হাঁহি লৈ ফুৰা শতবৰ্ষ গৰকা কলিজা আইতা এতিয়া শয্যাশায়ী । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ(GMCH) আই চি ইউত ভৰ্তি হৈ আছে আইতা । উল্লেখ যে কলিজা আইতাৰ মৰমতে বহু লোকে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমলৈ যায় । সকলো অতিথিকে মৰমসনা হাঁহিৰে আইতাই স্বাগতম জনায় ।

বিভিন্নজনে প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ ককা-আইতাসকলৰ সৈতে জন্মদিন, এংগেজমেণ্ট আদি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰে । অ’ল্ড এজ হোমলৈ যোৱা প্ৰতিজন লোকক এখন গামোচাৰে সম্বৰ্ধনা জনোৱাৰ দায়িত্ব যেন আইতাৰ । জন্মদিন পালন কৰিবলৈ যোৱা লোকসকলেও কেক কটাৰ দায়িত্বও দিয়ে আইতাক । সকলোকে আইতাই মৰম কৰে, আশীৰ্বাদ কৰে ।

একপ্ৰকাৰ অ’ল্ড এজ হোমৰ জেউতি এইগৰাকী আইতা । কিন্তু এইগৰাকী মৰমৰ আইতা বৰ্তমান অসুস্থ । বাৰ্ধক্যজনিত কাৰণত অসুস্থ হৈ পৰিছে কলিজা আইতা । বৃহস্পতিবাৰে আইতাক ভৰ্তি কৰোৱা হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত(Kalija aits is in ICU) । বৰ্তমান আই চি ইউত চিকিৎসাধীন সকলোৰে মৰমৰ আইতাগৰাকী ।

আইতাৰ অসুস্থতাৰ বাতৰিয়ে সকলোকে উদ্বিগ্ন কৰি তুলিছে । সকলোৱে আইতাৰ আশু-আৰোগ্য কামনা কৰি নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে । প্ৰমোদ তালুকদাৰ মেম’ৰিয়েল অ’ল্ড এজ হোমৰ মূল পৰিচালক উৎপল হৰ্ষবৰ্ধনে জনোৱা মতে বাৰ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈছে আইতা । চিকিৎসকৰ মতে সকলো ৰিপ’ৰ্ট ঠিকেই আছে । চিকিৎসকলে যথেষ্ট কষ্ট কৰিছে আইতাৰ চিকিৎসাৰ বাবে । সকলোৱে আশা কৰিছে আইতা সোনকালে সুস্থ হৈ উঠিব । আইতাৰ মিঠা হাঁহিটিৰে সকলোৰে মন মুগ্ধ কৰিব(Kalija aita undergoing treatment) ।

উৎপল হৰ্ষবৰ্ধনে জনাই যে, ‘‘আই চি ইউত নিয়াৰ মুহূৰ্তত আইতাৰ সৈতে দুই এটা কথা পাতিবলৈ চেষ্টা কৰিছিলোঁ । আইতাই চকু দুটা মেলিব পৰা নাই । একো খাবও পৰা নাই । তথাপি আইতাৰ মানসিক সন্তুলন ঠিকে আছে । কিন্তু আইতাৰ স্বাস্থ্যৰ অৱনতি ঘটিছে । এতিয়া সকলো ভগৱানৰ হাতত ।’’ আমিও প্ৰাৰ্থনা কৰিছো কলিজা আইতা সোনকালে সুস্থ হৈ উঠক ।

লগতে পঢ়ক: Minister Ashok Singhal against encroachments: গুৱাহাটীৰ নৈৰ পাৰৰ বেদখলৰ বিৰুদ্ধে চলিব ব্যাপক অভিযান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.