ETV Bharat / state

মহানগৰীত সদৌ অসম সৰ্বশিক্ষা কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ - বিক্ষোভ প্ৰদৰ্শন

সৰ্বশিক্ষা মিছনৰ কৰ্মচাৰীৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম সৰ্বশিক্ষা কৰ্মচাৰী সন্থাই । গুৱাহাটীৰ কাহিলিপাৰাস্থিত অসম সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে কৰ্মচাৰীসকলে ।

মহানগৰীত সদৌ অসম সৰ্বশিক্ষা কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

author img

By

Published : Feb 3, 2021, 7:24 PM IST

গুৱাহাটী, ৩ ফেব্ৰুৱাৰী: সৰ্বশিক্ষা মিছনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ চাকৰি সুনিশ্চিত কৰাৰ দাবীত বুধবাৰে মহানগৰীত সদৌ অসম সৰ্বশিক্ষা কৰ্মচাৰী সন্থাই বিক্ষোভ প্ৰদৰ্শন কৰে । সদৌ অসম সৰ্বশিক্ষা কৰ্মচাৰী সন্থাৰ উদ্যোগত আৰু ধেমাজি জিলা কৰ্মচাৰীৰ সহযোগত গুৱাহাটীৰ কাহিলিপাৰাস্থিত অসম সৰ্বশিক্ষা মিছনৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৰ্মচাৰীসকলে । দীৰ্ঘদিন ধৰি তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক বিভাগটোৱে অৱহেলা কৰি আহিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ।

মহানগৰীত সদৌ অসম সৰ্বশিক্ষা কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ

কৰ্মচাৰীসকলে বিভিন্ন সমস্যা সমাধানৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ পাছতো বিভাগটোৰ সঞ্চালক প্ৰধানগৰাকীয়ে কেৱল আভুৱা ভাৰি আহিছে বুলিও ক্ষোভ উজাৰে প্ৰতিবাদকাৰীয়ে ৷ সৰ্বশিক্ষা মিছনত কৰ্মৰত কৰ্মচাৰীৰ চাকৰি ৬০ বছৰ বয়সলৈকে সুনিশ্চিত কৰাৰ দাবী জনায় কৰ্মচাৰীসকলে ৷

প্ৰতিবাদকাৰীসকলৰ অভিযোগ অনুসৰি, এই সন্দৰ্ভত বিভাগটোৱে বাৰে বাৰে আলোচনাৰ নামত কেৱল মিছা প্ৰতিশ্ৰুতি দি আহিছে ৷ প্ৰাপ্যৰ পৰা বঞ্চিত ২৫০০ গৰাকীতকৈও অধিক কৰ্মচাৰীৰ দাবী পূৰণ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰী সকলে ।

তেওঁলোকৰ দাবী মানি নল'লে বিধানসভা নিৰ্বাচনত উচিত প্ৰত্যুত্তৰ দিব বুলি সকিয়নী দিয়ে সদৌ অসম সৰ্বশিক্ষা কৰ্মচাৰী সন্থাৰ বিষয়ববীয়াই ৷ তেওঁলোকৰ সমস্যা সামাধান নকৰি কেৱল সময়ে সময়ে বিভাগীয় বিষয়াসকলক সলনি কৰি চৰকাৰে এই সমস্যাবোৰ দীঘলীয়া কৰি আছে বুলিও মন্তব্য কৰে কৰ্মচাৰীসকলে । সদৌ অসম সৰ্বশিক্ষা মিছনৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ প্ৰতিবাদৰ প্ৰতি সদৌ অসম কৰ্মচাৰী পৰিষদেও পূৰ্ণ সমৰ্থন জনাই প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় ৷

লগতে পঢ়ক:ধেমাজিত গ্ৰাম্য পৰিবহণ আচনিৰ অধীনত বাহনৰ বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.