গুৱাহাটী, 6 জুলাই: "অসমৰ মুখ্যমন্ত্ৰীয়ে বিনামূলীয়াকৈ চাইকেল স্কুটী দিয়াৰ যি ঘোষণা কৰিছে, মই মুখ্যমন্ত্ৰীক সুধিব বিচাৰেছো এইসমূহ বিনামূলীয়াকৈ দিবলৈ ধন ক’ত পাইছে ? অসমৰ প্ৰতিজন মানুহৰ মূৰত 50 হাজাৰতকৈ অধিক ধাৰৰ বোজা জাপি দিছে, মুখ্যমন্ত্ৰীয়ে ঋণৰ পইচাক মন্দিৰৰ প্ৰসাদ বুলি ভাবিছে নেকি? যদি তেওঁৰ প্ৰসাদ বিলোৱাৰ ইমানেই চখ আছে তেন্তে তেওঁ মন্দিৰলৈ যাওক ৷ যদি চৰকাৰ চলাবলৈ মন আছে, জনসাধাৰণৰ হিতৰ বাবে কাম কৰিবলৈ মন আছে , তেনেহ’লে উৎপাদনমুখী প্ৰচেষ্টাত সেই ধনৰ প্ৰয়োগ কৰক ৷ যাতে ভৱিষ্যতৰ দিনত আমি স্বাৱলম্বী হ’ব পাৰো ৷ আমাৰ উঠি অহা প্ৰজন্ম সংস্থাপিত হ’ব পাৰে ৷ যিসময়ত অসমৰ মানুহৰ আয় কমিছে, উপাৰ্জন কমিছে, সেই সময়ত মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ সম্পত্তিৰ পৰিমাণ দোপত দোপে বৃদ্ধিহে হৈছে ৷ নিজৰ পৰিয়ালৰ সম্পত্তিৰ পাহাৰ গঢ়িবলৈ তেওঁ মুখ্যমন্ত্ৰী হৈছে নেকি?" মুখ্যমন্ত্ৰীক কটাক্ষ ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনৰ ৷
বৃহস্পতিবাৰে ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত এক সংবাদমেল যোগে ৰাইজৰ দলৰ নেতাগৰাকীয়ে কয়, "এই সমষ্টি পুনৰ নিৰ্ধাৰণৰ নামত হিমন্ত বিশ্ব শৰ্মাই অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ লগত জড়িত উপাদানসমূহৰ মাজত সংঘাতৰ সৃষ্টি কৰিছে ৷ কিছুমান জাতি জনগোষ্ঠীক ৰাজনৈতিকভাৱে হত্যা কৰাৰ ষড়ষন্ত্ৰ কৰিছে ৷ তাৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা এচাম মানুহক ৰাজনৈতিক অধিকাৰ দিবলৈ বিচাৰিছে যিখিনি মানুহে অসমীয়া জাতিক সামাজিকভাৱে, অৰ্থনৈতিকভাৱে, ধাৰ্মিকভাৱে আক্ৰমণ কৰি আহিছে ৷ তাৰ বাবে অসমীয়াই অস্তিত্ব সংকটত ভুগিবলগীয়া হৈছে ৷"
"সমষ্টি পুনৰ গঠন প্ৰক্ৰিয়াৰ আগলৈকে হিন্দু বাংলাদেশী লোকসমূহৰ ৰাজনৈতিকভাৱে সংখ্যাগৰিষ্ঠতা থকা সমষ্টি আছিল মাঁথো 8 টা ৷ সেই 8 টাৰ পৰা আজি হিমন্ত বিশ্ব শৰ্মাই 24 টা সমষ্টিলৈ বৃদ্ধি কৰিবলৈ বিচাৰিছে ৷ তাৰ পিচতো মুখ্যমন্ত্ৰীয়ে কৈছে যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ জৰিয়তে তেওঁ অসমীয়া খিলঞ্জীয়া মানুহক 30 বছৰলৈ সুৰক্ষা দিবলৈ বিচাৰিছে ৷ ইয়াৰ অৰ্থ হৈছে তেওঁ হিন্দু বাংলাদেশী মানুহখিনিক খিলঞ্জীয়া বুলি কৈছে ৷ ইফালে তেওঁ কোচ-ৰাজবংশীসকলক, গৰীয়া মৰীয়া দেশীসকলক, তিৱাসকলক, ভৈয়ামৰ কাৰ্বিসকলক, ৰাভা, মটক আৰু আহোম জনগোষ্ঠীৰ লোকসকলক ৰাজনৈতিকভাৱে কিন্তু বঞ্চিত কৰিছে ৷" মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰি এই মন্তব্য প্ৰকাশ কৰে কবীন্দ্ৰ চেতিয়া ফুকনে ৷
লগতে পঢ়ক: Lok Sabha election 2024: গুৱাহাটীত দেশৰ 12 খন ৰাজ্যৰ বিজেপি নেতৃত্বৰ বৈঠক