গুৱাহাটী,২ জুলাই : ইটোৰ পাছত সিটো গৃহকন্দলত বিধ্বস্ত অসম প্ৰদেশ কংগ্ৰেছ । কিছুদিন পূৰ্বে মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে কংগ্ৰেছ ত্যাগ কৰি গেৰুৱা বসন পিন্ধাৰ পাছতে পুনৰ শুকুৰবাৰে কংগ্ৰেছৰ দুৰ্গ কঁপাই অৰ্ধশতাধিক কংগ্ৰেছ কৰ্মীসহ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিলে কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ড৹ জুৰি শৰ্মা বৰদলৈয়ে । বিজেপি অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত মুখ্য কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত এক যোগদান অনুষ্ঠানত সদ্য প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ নেত্ৰী তথা গুৱাহাটী জিলাৰ সভানেত্ৰী ড৹ জুৰি শৰ্মা বৰদলৈয়ে সদলবলে যোগদান কৰে ।
নেত্ৰী গৰাকীৰ লগতে যোগদান কৰা নৱাগত সকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে, বিজেপি চৰকাৰৰ নেতৃত্বত অসমখনক ভাৰতবৰ্ষৰ এখন শক্তিশালী ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা মিছন অসমবাসী ৰাইজে হৃদয়ংগম কৰিব পাৰিছে । সেয়ে, ভাৰতীয় জনতা পাৰ্টিৰ মজিয়ালৈ বিভিন্ন ৰাজনৈতিক দলৰ ভিন ভিন সম্প্ৰদায় জনসাধাৰণৰ আগমন অব্যাহত আছে । ভাৰতীয় জনতা পাৰ্টিক অন্য ৰাজনৈতিক দলতকৈ পৃথক বুলি অভিহিত কৰি তেওঁ লগতে কয় যে, ভাৰতীয় জনতা পাৰ্টি শাসনৰ কাৰণে ৰাজনীতি কৰা নাই, ভাৰতীয় সভ্যতা-সংস্কৃতিক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যেহে শাসনত অধিষ্ঠিত হৈছে ।
নৱাগত সকলে আগন্তুক দিনত বিজেপিৰ নীতি আদৰ্শ অনুসৰণ কৰি ৰাইজ তথা সমাজৰ স্বাৰ্থত সেৱা মনোভাৱেৰে কাম কৰি যাব বুলি সভাপতি গৰাকীয়ে আশা প্ৰকাশ কৰে । সভাত উপস্থিত থাকি নৱাগত সকলক সম্ভাষণ জনাই অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাই কয় যে, বিজেপি দলত যোগ্যজনক উপযুক্ত স্থান দিয়া হয় । বিজেপি দলৰ মজিয়াত অনুশাসন পৰ্যবেক্ষণ প্ৰত্যক্ষ হোৱাৰ বিপৰীতে কংগ্ৰেছ দলত অনুশাসনহীনতা প্ৰত্যক্ষ হয় বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
লগতে, অসম চৰকাৰৰ মন্ত্ৰীগৰাকীয়ে দলৰ নবাগত সকলক আগন্তুক দিনত পোৱা-নোপোৱাৰ হিচাপ বাদ দি দলৰ নীতি আদৰ্শ অনুসৰণ কৰি অসম মাতৃ তথা ভাৰত মাতৃৰ উন্নতিৰ স্বাৰ্থত কাম কৰি যাবলৈ আহ্বান জনায় । সভাত নিজৰ মনৰ ভাব ব্যক্ত কৰি সদ্য প্ৰাক্তন প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ নেত্ৰী ড৹ জুৰি শৰ্মা বৰদলৈয়ে কয়, কংগ্ৰেছ দলক উপযুক্ত নেতৃত্বৰ অভাৱ আৰু অনুশাসনহীনতাৰ বাবেই কংগ্ৰেছ দল ত্যাগ কৰা বুলি প্ৰকাশ কৰিছে ।
তেওঁ লগতে কয়, "আমি ৰাজনীতি সমাজ সেৱাৰ বাবে কৰিছিলোঁ, এতিয়া অনুভৱ হৈছে, ভাৰতীয় জনতা পাৰ্টীৰ লগত থাকিহে সমাজ উন্নতিৰ কাৰণে কাম কৰি যাবলৈ সক্ষম হম । যোৱা ৫ টা বছৰে বিৰোধী দলত থাকি, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ নেতৃত্বত অসমৰ সৰ্বাংগীন বিকাশৰ সম্ভৱ হৈ উঠিছে আৰু এই বিজেপিৰ নেতৃত্বতেই সমাজৰ কাৰণে কাম কৰি যাব পাৰিম বুলি বিশ্বাস ৰাখি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছোঁ"।
উল্লেখ্য যে, ৰাজ্যিক সম্পাদক কিশোৰ উপাধ্যায়ে আঁতধৰা অনুষ্ঠানটোত ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা, বিধায়কদ্বয় অমিয় কুমাৰ দাস আৰু সুৰেন ফুকনক দলৰ উপ-সভাপতি জয়ন্ত দাস গুৱাহাটী জিলা বিজেপিৰ সভাপতি মৃগেন শৰণীয়া, ৰাজ্যিক মিডিয়া আহ্বায়ক দেৱান ধ্ৰুৱ জ্যোতি মৰলকে আদি কৰি ৰাজ্যিক বিজেপিৰ বিষয় ববীয়াসকল উপস্থিত থাকে ।
লগতে পঢ়কঃ APSC-ৰ মৌখিক পৰীক্ষাৰ বিতং তথ্য বিচাৰিছে ন্যায়াধীশ শৰ্মা আয়োগে