গুৱাহাটী ৩ এপ্ৰিল: নিৰ্বাচনৰ গৰম বতাহে চৌদিশে উখল মাখল পৰিৱেশৰ সৃষ্টি কৰি থকাৰ সময়তে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ আৰু পৰিয়ালৰ লগতে পোন্ধৰ জনীয়া দল এটাই যোৱা পাঁচ দিন ধৰি কাজিৰঙাত বাহৰ পাতি থকা কাৰ্য এতিয়া আলোচনাৰ বিষয় হৈ পৰিছে । বিজেপিৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ সৈতে পৰিয়ালটোৰ পোন্ধৰ জনীয়া দল এটাই যোৱা পাঁচ দিন ধৰি কাজিৰঙাৰ এটা ৰিজৰ্টত বাহৰ পাতি আছে । কাৰ্যতঃ প্ৰভাৱশালী মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আতিথ্য গ্ৰহণ কৰা পৰিয়ালটোৰ বাবে অব্যাহত আছে এই ৰাজকীয় আয়োজন ।
সূত্ৰটোৰ মতে, শনিবাৰে গুৱাহাটীলৈ আহিবলগীয়া পৰিয়ালটোক অনাৰ বাবে ব্যৱহাৰ কৰা হৈছে হেলিকপ্টাৰ । খানাপাৰা খেল পথাৰত নিৰ্বাচনী প্ৰচাৰৰ বাবে অৱস্থান কৰা হেলিকপ্টাৰ এখনে অমিত শ্বাহৰ পুত্ৰ আৰু পৰিয়ালক অনাৰ বাবে তিনিবাৰকৈ অহা যোৱা কৰিব লাগিব কাজিৰঙা আৰু গুৱাহাটীৰ মাজত । গতিকে এই অহা-যোৱা কামত কিমান খৰছ হ'ব সেয়া সহজেই অনুমেয় ।
নিৰ্বাচনৰ সময়ত অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহৰ এই অসম ভ্ৰমণৰ আৰৰ কাৰণ কি সেয়া এতিয়াও জানিব পৰা হোৱা নাই । অৱশ্যে গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ যিহেতু এগৰাকী বাৱসায়ী আৰু তেওঁৰ বিনিয়োগ থকা কোম্পানীয়ে অসম আৰু উত্তৰ পূৱৰ ৰাজ্য কেইখনত যি কাম কৰি আছে সেইসূত্ৰে এই ভ্ৰমণৰ আঁৰত জয়ৰ বাৱসায়ীক কাৰণ থাকিব পাৰে বুলি সূত্ৰটোৱে আঙুলিয়াই দিছে ।
লগতে পঢ়ক: 'অজাপ'ৰ উত্থানঃ তৃতীয় পৰ্যায়ত কংগ্ৰেছ-বিজেপিৰ মূৰৰ কামোৰণি 15 সমষ্টি