ETV Bharat / state

মহানগৰীত মহিলা সাংবাদিক নিগ্ৰহৰ ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ - নিপা কাকতি

আমাৰ অসমৰ কাকতৰ সাংবাদিক নিপা কাকতিক সংবাদ সংগ্ৰহ কৰিবলৈ যাঁওতে গুৱাহাটী প্ৰেছ ক্লাৱত কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে মঙলবাৰে প্ৰতিবাদ সাব্য়স্ত কৰে জেণ্ডাৰ কাউন্সিল আৰু জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছাম নামৰ সাংবাদিক সংস্থা দুটাই ৷ প্ৰতিবাদযোগে সাংবাদিকৰ সুৰক্ষাৰ দাবী জনায় সংস্থা দুটাই ৷

journalist protest
সাংবাদিকৰ প্ৰতিবাদ
author img

By

Published : Jan 19, 2021, 10:54 PM IST

গুৱাহাটী,19 জানুৱাৰী : মহিলা সাংবাদিক তথা সাংবাদিকৰ ওপৰত হোৱা দুৰ্ব্যৱহাৰ বিৰুদ্ধে আৰু সাংবাদিকৰ সুৰক্ষা বিচাৰি মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাৱৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে জেণ্ডাৰ কাউন্সিল আৰু জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামে ৷ হিন্দি চিনেমাৰ পৰিচালক নামধাৰী দুই ব্যক্তিয়ে কৰ্তব্যৰত মহিলা সাংবাদিকৰ ওপৰত কৰা দুৰ্ব্যৱহাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰি সাব্যস্ত কৰা হয় এই প্ৰতিবাদ ৷

ঘটনা অনুসৰি, 16 জানুৱাৰীত গুৱাহাটী প্ৰেছ ক্লাৱত চিৰাঙৰ উমা শংকৰ শ্বাহ আৰু গুৱাহাটী মহানগৰীৰ দিছপুৰ চুপাৰ মাৰ্কেটৰ প্ৰাঞ্জল কুমাৰ গগৈয়ে এক সংবাদমেল সম্বোধন কৰিছিল । উক্ত সংবাদ মেলখনলৈ সংবাদ সংগ্ৰহ কৰিব যোৱা আমাৰ অসমৰ কাকতৰ সাংবাদিক নিপা কাকতি উপস্থিত থাকি চিনেমা সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিছিল । সাংবাদিক গৰাকীয়ে কিয় এনেধৰণৰ প্ৰশ্ন কৰিব বুলি দুৰ্ব্যৱহাৰ কৰা লগতে বলপূৰ্বকভাৱে প্ৰেছ ক্লাৱৰ সভাগৃহৰ পৰা উলিয়াই দি শাৰিৰীক ভাৱে অপদস্থ কৰাৰ লগতে অকথ্য গালি-গালাজ পাৰে । ঘটনা সন্দৰ্ভত নিপা কাকতিয়ে প্ৰেছ ক্লাৱ কৰ্তৃপক্ষক অৱগত কৰি পানবজাৰ মহিলা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ৷

সাংবাদিকৰ প্ৰতিবাদ

ইফালে পানবজাৰ আৰক্ষীয়ে দুই ব্যক্তিক আটক কৰে যদিও দুয়োজনে জামিন লাভ কৰে । আৰক্ষীৰ এনে নিৰ্লিপ্ত ঘটনাক গৰিহনা দি প্ৰতিবাদ সাব্য়স্ত কৰে সাংবাদিক সংস্থা দুটাই ৷ প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি জেণ্ডাৰ কাউন্সিল আছামৰ সভাপতি চেমিম চুলতানা আহমেদে কয় যে, কৰ্তব্যৰত অৱস্থাত এগৰাকী মহিলা সাংবাদিকৰ ওপৰত হোৱা শাৰীৰিক মানসিক অত্যাচাৰ কোনো কাৰণতে মানি লোৱা নহ’ব। আৰক্ষীয়ে এই বিষয়ত উচিত তদন্ত কৰক । লগতে তেওঁ কয় যে, কৰ্তব্যৰত অৱস্থাত সাংবাদিক নিগ্ৰহৰ ঘটনা অতি দুৰ্ভাগ্যজনক। এই ঘটনাৰ উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহিবলৈ তেওঁ আৰক্ষী-প্ৰশাসনক দাবী জনায় ৷

আনহাতে প্ৰতিবাদস্থলীত উপস্থিত থাকি ইণ্ডিয়ান জাৰ্নেলিষ্ট ইউনিয়নৰ ৰাষ্ট্ৰীয় সম্পাদক গীতাৰ্থ পাঠকে উক্ত ঘটনাক তীব্ৰ ভাষাৰে গৰিহনা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে । জ্যেষ্ঠ সাংবাদিক ছায়ামণি ভূঞায়ো ৰাজ্যত ক্ৰমাগতভাৱে বৃদ্ধি পোৱা সাংবাদিক নিগ্ৰহৰ ঘটনাক কঠোৰ ভাষাৰে গৰিহনা দি কয় যে, সাংবাদিকে কঠোৰ প্ৰশ্ন কৰাতো সাংবাদিকৰ ধৰ্ম । তাৰ বাবে সাংবাদিকক আক্ৰমণ কৰাতো সাংবাদিকতাৰ স্বাধীনতাৰ ওপৰত আক্ৰমণৰ লেখীয়া ।

প্ৰতিবাদী কাৰ্যসূচীত জাৰ্নেলিষ্ট ইউনিয়ন অৱ আছামৰ উপসভাপতি পলাশ ৰঞ্জন বৰা, জেণ্ডাৰ কাউন্সিলৰ সাধাৰণ সম্পাদক সুস্মিতা গোস্বামীকে ধৰি কেইবা গৰাকীও সাংবাদিক উপস্থিত থাকে ৷

লগতে পঢ়ক : বিধায়ক পদ্ম হাজৰিকালৈ ‘চতিয়া ৰত্ন’ বঁটা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.