ETV Bharat / state

সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ: হত্যাৰ সন্দেহ - হত্যাৰ সন্দেহ

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু । সোমবাৰে পুৱা ঘৰৰ সন্মুখৰ নলাত উদ্ধাৰ সাংবাদিকগৰাকীৰ মৃতদেহ । সাংবাদিক গৰাকী হত্যাকাণ্ডৰ বলি হোৱাৰ সন্দেহ পৰিয়ালৰ ৷

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু

author img

By

Published : Mar 29, 2021, 2:32 PM IST

Updated : Mar 29, 2021, 4:55 PM IST

গুৱাহাটী,২৯ মাৰ্চ: ৰাজ্যত পুনৰ সাংবাদিকৰ চাঞ্চল্যকৰ মৃত্যু । সোমবাৰে পুৱা নিয়মীয়া বাৰ্তা নামৰ বাতৰি কাকতৰ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ হ'ল মহানগৰীৰ হাতীগাঁৱস্থিত বাসগৃহৰ সন্মুখৰ নলাত । পৰিয়ালৰ লোকে জনোৱা মতে, মাজনিশা পানীৰ মটৰৰ চুইছ অন কৰিবলৈ ওপৰ মহলাৰ পৰা তললৈ নামি আহিছিল চুতীয়া । তাৰ পাছৰে পৰা সন্ধানহীন হৈ আছিল সাংবাদিকগৰাকী ।

সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ মৃতদেহ উদ্ধাৰ

কিন্তু পুৱা ৮ বজাত ঘৰৰ সন্মুখৰ নলাত সাংবাদিকগৰাকীৰ মৃতদেহ প্ৰত্যক্ষ কৰে পৰিয়ালৰ লোকে । সাংবাদিক গৰাকীৰ মৃতদেহ এনেদৰে উদ্ধাৰ হোৱা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে । উক্ত ঘটনাক পৰিয়ালৰ লোকে হত্যাকাণ্ড বুলি সন্দেহ কৰিছে । আনহাতে, আৰক্ষীয়ে প্ৰাথমিক তদন্তত সাংবাদিকগৰাকীৰ আঁঠুত চোঁচৰাই নিলে হোৱাৰ দৰে দাগ প্ৰত্যক্ষ কৰিছে ।

ইতিমধ্যে, তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । হাতীগাওঁ আৰক্ষীয়ে প্ৰাথমিক তদন্তত জুলফিকৰ আহমেদ নামৰ এজন ব্যক্তিক আটক কৰি সোধা-পোছা অব্যাহত ৰাখিছে ।

জ্যেষ্ঠ সাংবাদিক পূৰ্বজ্যোতি চুতীয়াৰ ৰহস্যজনক মৃত্যু
জুলফিকৰ আহমেদক ঘটনা সন্দৰ্ভত আটক

উল্লেখ্য যে, মহানগৰীৰ হাতীগাঁৱৰ শেৱালি পথৰ বাসিন্দা আছিল প্ৰয়াত চুতীয়া । ৰাজ্যৰ এগৰাকী ক্ৰীড়া সাংবাদিক হিচাপে জনপ্ৰিয় পূৰ্বজ্যোতি চুতীয়া বৰ্তমান নিয়মীয়া বাৰ্তা কাকতৰ সহকাৰী সম্পাদক হিচাপে কৰ্মৰত আছিল । জনপ্ৰিয় সাংবাদিকগৰাকীৰ এনে আকস্মিক ৰহস্যজনক মৃত্যুত ৰাজ্যখনৰ সংবাদ জগতত শোকৰ ছাঁ পৰিছে ।

লগতে পঢ়ক: মাতৃৰ অসুস্থতা: কাৰ্যসূচী সামৰি ডিব্ৰুগড়লৈ লুৰিণ

Last Updated : Mar 29, 2021, 4:55 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.