ETV Bharat / state

জ্যেষ্ঠ সাংবাদিক বিজয় শংকৰ শইকীয়াৰ দেহাৱসান - সাংবাদিক বিজয় শংকৰ শইকীয়া

বিশিষ্ট সাংবাদিক ড৹ বিজয় শংকৰ শইকীয়াৰ দেহাৱসান। শুকুৰবাৰে দিনৰ ভাগত তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৭ বছৰ ।

journalist bijoy sankar saikia is no more
জ্যেষ্ঠ সাংবাদিক বিজয় শংকৰ শইকীয়াৰ দেহাৱসান
author img

By

Published : Oct 29, 2021, 10:03 PM IST

গুৱাহাটী, ২৯ অক্টোবৰ: নতুন দিল্লীৰ ইক’ন’মিক টাইমছৰ ই টি মাৰ্কেটৰ সম্পাদক হিচাপে কৰ্মৰত বিশিষ্ট সাংবাদিক ড৹ বিজয় শংকৰ শইকীয়াৰ দেহাৱসান। শুকুৰবাৰে দিনৰ ভাগত তেওঁৰ মৃত্যু হয় । মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৭ বছৰ ।

১৯৭৪ চনৰ ১১ মে'ত জন্ম গ্ৰহণ কৰা বিজয় শংকৰ শইকীয়াই কচুমাৰী প্ৰাথমিক বিদ্যালয়ৰ পৰা প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি মৰাণ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী আৰু টি এছ কে কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰিছিল । গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা তেওঁ সাংবাদিকতাত স্নাতকোত্তৰ ডিগ্ৰী আৰু ডক্টৰেট ডিগ্ৰী লাভ কৰিছিল । মৰাণৰ পৰা ছেণ্টিনেল কাকতৰ সংবাদদাতা ৰূপে সাংবাদিকতাৰ জীৱন আৰম্ভ কৰা বিজয় শংকৰ শইকীয়াই পৰবৰ্তী সময়ত উক্ত কাকতৰ গুৱাহাটীত সম্পাদনা বিভাগত যোগদান কৰে ।

লগতে পঢ়ক: ভাৰত-চীন সীমান্তৰ শেষৰখন গাঁৱৰ পৰা আমাৰ বিশেষ প্ৰতিবেদন...

তাৰ পাছত প্ৰতিদিন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত ইংৰাজী দৈনিক কাকত 'নৰ্থ ইষ্ট ডেইলী'ত যোগদান কৰি কিছুবছৰ কাম কৰাৰ পাছত ৰাষ্ট্ৰীয় কাকত 'এছিয়ান এইজ'ত অসমৰ সংবাদ প্ৰতিনিধি হিচাপে যোগদান কৰিছিল । পৰবৰ্তী সময়ত তেওঁ দিল্লীলৈ গৈ এছিয়ান এইজ কাকতৰ মুখ্য কপি এডিটৰ ৰূপে যোগদান কৰিছিল ।

তাৰ পাছত তেওঁ টাইমচ অৱ ইণ্ডিয়া, চি এন এন আই বি এনত কাম কৰিছিল । তেওঁ ফিনেন্সিয়েল ক্ৰনিকেলত সহযোগী সম্পাদক ৰূপেও কাম কৰিছিল । ২০১৫ চনৰ পৰা তেওঁ ইক’ন’মিক টাইমছৰ ই টি মাৰ্কেটৰ সম্পাদক হিচাপে কৰ্মৰত হৈ আছিল । তেওঁৰ মৃত্যুত সংবাদ মাধ্যমৰ ক্ষেত্রখনত শোকৰ ছাঁ পৰিছে । মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু মাতৃৰ উপৰি ভালেসংখ্যক আত্মীয়-স্বজন এৰি থৈ গৈছে ।

লগতে পঢ়ক: চাৰ্ভেৰ বৃদ্ধ দম্পতী হত্যাকাণ্ড : হত্যাৰ কথা স্বীকাৰ আকাশ চৌধুৰীৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.