গুৱাহাটী, 24 জানুৱাৰী : 'সাংবাদিক পৰিষদ অসম'ৰ সহযোগত সাংবাদিক পৰিষদৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ উদ্যোগত দেওবাৰে আয়োজন কৰা হয় এখন বিশেষ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান ৷ মহানগৰৰ লোকনিৰ্মাণ প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত এই অনুষ্ঠানত শ্বহীদ সাংবাদিক সকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বন্তি প্ৰজ্বলন কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ৷
অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনকসেন ডেকা, প্ৰাগ নিউজৰ মুখ্য সঞ্চালক সঞ্জীৱ নাৰায়ণ, প্ৰাক্তন মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, সাংসদ অজিত কুমাৰ ভূঞা, নিউজ লাইভৰ কনচালটেন্ট এডিটৰ ধ্ৰুৱ মহন্ত, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাকে ধৰি কেবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
সমাজলৈ বিশেষ সেৱা আগবঢ়োৱাৰ বাবে নলবাৰী জিলাৰ খ্যাতনামা চিকিৎসক ডাঃ গোপাল কলিতাসহ বহুকেইগৰাকী বিশিষ্ট সাংবাদিক, সমাজ সেৱক, ব্যৱসায়ীক উক্ত অনুষ্ঠানতে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ এই অনুষ্ঠানত ডি ৱাই 365 ৰ পৰিচালন সঞ্চালিকা দীপান্বিতা জয়ছোৱালকো বঁটা প্ৰদান কৰা হয় । জয়ছোৱালৰ হৈ বঁটা গ্ৰহণ কৰে সাংবাদিক স্নিগ্ধাশিখা বৰুৱাই ৷ উক্ত অনুষ্ঠানতে বঁটা প্ৰদান কৰা হয় সমাজসেৱক মানস প্ৰতীম দাস, ৰানা চেতিয়া, অভিনেতা চম্পক শৰ্মাকে ধৰি মুঠ ২৭ গৰাকী ব্যক্তিক ৷
লগতে পঢক: গণৰাজ্য দিৱসৰ পেৰেড অনুশীলনৰ কেইটামান দৃষ্টিনন্দন দৃশ্য