গুৱাহাটী, 10 জুন : গুৱাহাটী মহানগৰীত বৃহস্পতিবাৰে বৃহৎ পৰিমাণৰ অবৈধ কফ চিৰাপ (cough syrup) জব্দ কৰে আৰক্ষীয়ে ৷ এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে জব্দ কৰে 55 লাখৰো অধিক বজাৰ মূল্যৰ অবৈধ কফ চিৰাপ ৷ নাৰেংগীৰ পৰা যোৰাবাট অভিমূখী NL-01-AB-9942 নম্বৰৰ এখন ট্ৰাকৰ পৰা 270 কাৰ্টন কফ চিৰাপ জব্দ কৰা বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷
আৰক্ষীয়ে সদৰি কৰা মতে, নাৰেংগীৰ ফৰেষ্ট গেটত ভাড়াতীয়া হিচাপে থকা যোগীঘোপাৰ ট্ৰাকখনৰ চালক জাকিৰ হুছেইনে ৰঙালাও কঢ়িয়াই আনিছিল । কিন্তু ট্ৰাকখনত বৃহৎ পৰিমাণৰ অবৈধ কফ চিৰাপ থকাৰ উমান পাই অভিযান চলায় যোৰাবাট আৰক্ষীয়ে ।
উল্লেখ্য যে, ড্ৰাগছকে আদি কৰি অবৈধ নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে একপ্ৰকাৰ জেহাদ আৰম্ভ কৰা অসম আৰক্ষীৰ জালত পৰিছে কুখ্যাত সৰবৰাহকাৰী । সমগ্ৰ অসমৰ লগতে মহানগৰ আৰক্ষীয়েও দৈনিক আটক কৰি আছে ড্ৰাগছসহ বহু অপৰাধীক ।
লগতে পঢ়ক : কুখ্যাত তাজনুৰক জেৰা মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াৰ