ETV Bharat / state

Joining Programme of BJP : মহানগৰীত আপৰ নেতাকে ধৰি শতাধিক লোকৰ বিজেপিত যোগদান

ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী ৷ আপৰ যুৱশক্তি অসমৰ সমন্বয়ক হিৰণ্য হাজৰিকা, কমল বৰ্মন, সুদীপ্ত ভৰদ্বাজকে আদি কৰি কেইবাজনো শীর্ষ নেতাৰ লগতে কেইবাজনো সমাজকর্মীয়ে আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে ৷

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 9:11 PM IST

Joining Programme of BJP at Vajpayee Bhawan
ৰাজ্যিক বিজেপিৰ মুখ্য কাৰ্যালয়ত যোগদান কাৰ্যসূচী
শতাধিক লোকৰ বিজেপিত যোগদান

গুৱাহাটী, 28 ছেপ্টেম্বৰ : বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ত বৃহস্পতিবাৰে অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী ৷ আপৰ যুৱশক্তি অসমৰ সমন্বয়ক হিৰণ্য হাজৰিকা, কমল বৰ্মন, সুদীপ্ত ভৰদ্বাজকে আদি কৰি কেইবাজনো শীর্ষ নেতা, অসম আন্দোলনৰ অন্যতম নেত্ৰী মৃন্ময়ী শৰ্মাৰ লগতে কেইবাজনো সমাজকর্মীয়ে আনুষ্ঠানিকভাবে বিজেপি দলত যোগদান কৰে ৷

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত হোৱা যোগদান কাৰ্যসূচীত দলৰ উপ-সভাপতি জয়ন্ত কুমাৰ দাস, সভানেত্ৰী বিজুলী কলিতা মেধি, সম্পাদিকা অপৰাজিতা ভূঞা, গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি তপন কুমাৰ দাস উপস্থিত আছিল ৷ আদৰণি ভাষণ প্ৰদান কৰি জয়ন্ত কুমাৰ দাসে কয় যে যি সময়ত আপৰ এগৰাকী ৰাষ্ট্ৰীয় নেতাই অসম ভ্ৰমণ কৰি কাৰ্যকৰ্তা সকলৰ সৈতে মিলিত হৈছে তেনে সময়তে দলটোৰ একাংশ কার্যকর্তা শীর্ষ নেতৃত্বৰ প্ৰতি বিতুষ্ট হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰাটোৱে বিৰোধী দলৰ মাজতো বিজেপিৰ গ্ৰহণযোগ্যতা যে বৃদ্ধি হৈছে ইয়াকে সূচাইছে ৷ অনাগত দিনত প্ৰতিজন নৱাগতই দলটোৰ কাম-কাজত সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিব বুলি দাসে আশা ব্যক্ত কৰে ৷

নতুনকৈ দলত যোগদান কৰা সকলক দলৰ মজিয়ালৈ উষ্ম আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৷ তেওঁ কয় য়ে, ভাৰতীয় জনতা পাৰ্টি এনে এটা ৰাজনৈতিক দল যিয়ে নিঃস্বার্থভাৱে ভাৰত মাতৃৰ সেৱাত অহৰহভাৱে ব্ৰতী আছে ৷ দললৈ অহা নতুন সকলেও ভাৰতীয় জনতা পাৰ্টিৰ নীতি-আদৰ্শ পালন কৰি ৰাষ্ট্ৰ নিৰ্মাণৰ সেৱাত নিমগ্ন হ'ব বুলি আশা ব্যক্ত কৰিলোঁ বুলি কয় ৰাজ্যিক বিজেপিৰ সভাপতিজনে ৷

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতবৰ্ষ এতিয়া বিশ্বৰ অন্যতম শক্তিলৈ পৰিণত হৈছে ৷ দেশৰ জনসাধাৰণে বিজেপিৰ দিনত হোৱা উন্নয়ন স্বচক্ষে প্ৰত্যক্ষ কৰি আপ্লুত হৈছে ৷ ভাষণ প্ৰসংগত কলিতাই বিৰোধী দলক সমালোচনা কৰি কয় যে, পৰিয়ালবাদক প্ৰাধ্যান্যতা দিয়া কংগ্ৰেছ দলে ইতিমধ্যেই গ্ৰহণযোগ্যতা হেৰুৱাইছে ৷ আপ আৰু তৃণমূল কংগ্ৰেছৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰী কাৰ্যকলাপ জনসাধাৰণৰ মুখে মুখে বিয়পি পৰিছে ৷ তেনে পৰিপ্ৰেক্ষিতত সমাজ নিৰ্মাণৰ একমাত্ৰ বিকল্প হিচাপে দেশৰ জনসাধাৰণে বিজেপিক আঁকোৱালি লৈছে বুলি কয় বিজেপিৰ নেতাজনে ৷

লগতে পঢ়ক : Pijush Hazarika: টিকট দিব নোৱাৰা বাবেই কংগ্ৰেছৰ বহু নেতা বিজেপিলৈ অহা নাই; মন্ত্রী পীযুষ হাজৰীকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.