ETV Bharat / state

Congress Joining Program: কংগ্ৰেছলৈ অসম তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও সদস্য

author img

By

Published : Jun 27, 2023, 8:41 PM IST

ৰাজীৱভৱনত কংগ্ৰেছত যোগদান কাৰ্যসূচী । অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন‌ কুমাৰ বৰাৰ উপস্থিতিত কংগ্ৰেছত যোগদান কৰে অসম তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও সদস্যই ।

Joining Congress at Rajiv Bhawan
কংগ্ৰেছলৈ অসম তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও সদস্য

গুৱাহাটী,২৭ জুন: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন‌ কুমাৰ বৰাৰ উপস্থিতিত গুৱাহাটীৰ ৰাজীৱ‌ ভৱনত মঙলবাৰে অনুষ্ঠিত হয় এক যোগদান কাৰ্যসূচী ।‌ অসম তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও সদস্যই কংগ্ৰেছ দলত যোগদান কৰে । লগতে বিজেপিৰ উপ-সভাপতি হৰিচৰণ বড়োৱেও যোগদান কৰে কংগ্ৰেছত । অসম তৃণমুল কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিগন্ত ভূষণ বৰ্মন, সাধাৰণ সম্পাদক মেহবুব হুছেইন, গৌৰাঙ্গ বৰা, মৃদুল শইকীয়া, সুনীল কাশ্যপ, ভনীতা ডেকা, ৰীতা সিনহা, অভিজিৎ চক্ৰৱৰ্তী, সাগৰ মণ্ডল, অজয় কুমাৰ‌ ভগৎ, সম্ৰাট দাস, হীৰেন কুমাৰ নাথ আদিয়ে কংগ্ৰেছ দলত যোগদান কৰে ।

অনুষ্ঠানত ভাষণ প্ৰদান কৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই যোগদান কৰাসকলক শুভেচ্ছা জ্ঞাপন কৰে । তেওঁ কংগ্ৰেছ দলত যোগদান কৰাসকলক নিষ্ঠাবান কংগ্ৰেছ কৰ্মী হিচাপে কাম কৰাৰ আহ্বান জনায় ।‌ ভূপেন বৰাই কয় যে ২০১৪ চনৰ পৰা বি জে পিয়ে অসমৰ ৰাইজক সপোন দেখুৱাই শোষণ কৰি আছে । তেওঁ কয় যে, দেশত বিজেপিৰ একমাত্ৰ বিকল্প শক্তিশালী দল হ'ল কংগ্ৰেছ দল ।

পৰৱৰ্তী সময়ত দিছপুৰৰ পৰা বিজেপিক ওফৰাই ক্ষমতা দখল কৰিব কংগ্ৰেছ দলে । তেওঁ কয় যে কৰ্ণাটকৰ নিৰ্বাচনৰ পৰাজয়ৰ পিছত অসমৰ মুখ্যমন্ত্ৰীয়ে ভালকৈ টোপনি মাৰিব পৰা নাই । ভূপেন বৰাই কয় যে, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ১৩ বছৰ অসম চুক্তিৰ মন্ত্ৰী আছিল সেইগৰাকী হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসম চুক্তি কাম নাই বুলি কৈছে ।

হিমন্ত বিশ্ব শৰ্মা এগৰাকী নীতিহীন আৰু আদৰ্শহীন ৰাজনীতিক‌ বুলি ভূপেন কুমাৰ বৰাই কটাক্ষ কৰে । অনুষ্ঠানত ভাষণ দি কংগ্ৰেছৰ নেতা ৰকিবুল হুছেইনে কয় যে, হিমন্ত বিশ্ব শৰ্মাৰ বেয়া দিন চলি আছে । অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সলনি হ'ব পাৰে । হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি প্ৰধানমন্ত্ৰী মনোভাৱ ভাল নহয় । তেওঁ কয় যে, সমষ্টি পুনৰীক্ষণ একমাত্ৰ বদৰুদ্দিন আজমলক সহায় কৰাৰ বাবে কৰা হৈছে । কংগ্ৰেছ যোগদান কৰা হৰিচৰণ বড়োয়ে কয় যে, ভৱিষ্যতে কংগ্ৰেছক শক্তিশালী কৰাৰ বাবে কাম কৰিম । তেওঁ কয় যে বিজেপিৰ নেতাসকলৰ অহংকাৰ হৈছে । যাৰ বাবে বিজেপি ৰ পতন নিশ্চিত ।

লগতে পঢ়ক: Gulab Chand Kataria latest news:তেজপুৰলৈ আহিব ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.