ETV Bharat / state

মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীন বাংলাদেশৰ সদস্য - গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ

মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীন বাংলাদেশৰ সদস্য(JMB cadre arrested by Guwahati police) । ধৃত সদস্যজনৰ নাম ইনামুল হক । ধৃত ইনামুলক দিছপুৰ থানাত মাৰাথন জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে ।

jmb-cadre-arrested-by-guwahati-police
মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদ্দিন বাংলাদেশৰ সদস্য
author img

By

Published : Jul 1, 2022, 9:03 PM IST

গুৱাহাটী, 1 জুলাই : গুৱাহাটী মহানগৰ আৰক্ষীৰ জালত জামাতুল মুজাহিদীন বাংলাদেশৰ(Jamaat ul Mujahideen Bangladesh) সদস্য । ধৃত সদস্যজনৰ নাম ইনামুল হক বুলি জানিব পৰা গৈছে । গুৱাহাটী আৰক্ষী আয়ুক্তালয়ৰ অন্তৰ্গত দিছপুৰ আৰক্ষীয়ে শুকুৰবাৰে দিছপুৰ এলেকাত গোপন সূত্ৰৰ পম খেদি অভিযান চলাই জামাতুল মুজাহিদীনৰ সদস্যজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়(JMB cadre arrested by Guwahati police) । আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ইনামুল হক দিছপুৰ লাষ্টগেটত থকা গেষ্ট হাউচ এটাৰ মেনেজাৰ হিচাপে কৰ্মৰত আছিল ৷

ইতিমধ্যে আৰক্ষীয়ে ইনামুল হকৰ পৰা জব্দ কৰিছে JMBৰ পেড আৰু বহু আপত্তিজনক নথি–পত্ৰ । দিছপুৰ আৰক্ষীৰ অভিযানত অসম আৰক্ষীৰ বিশেষ শাখাই সহয় কৰিছিল । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা জামাতুল মুজাহিদীনৰ সদস্যজনক গুৱাহাটী (পূৱ)ৰ উপ-আৰক্ষী আয়ুক্তৰ কাৰ্যালয়ত ৰখা হৈছে ।

এতিয়াও ইনামুল হকৰ বহু তথ্য আৰক্ষীয়ে সংবাদ মাধ্যমৰ পৰা গোপনে ৰাখিছে । মহানগৰীত এনেদৰে জামাতুল মুজাহিদীনৰ সদস্য আৰক্ষীৰ জালত পৰাৰ ঘটনাই সৰ্বত্ৰে এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে ৷

লগতে পঢ়ক : এশ গৰু মাৰিলে বাঘৰো মৃত্যু: ডকাইতি কৰি বিনয় দাস ৰঙাঘৰত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.