ETV Bharat / state

কিয় স্তিমিত হ'ল JEE পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত?

author img

By

Published : Nov 16, 2020, 10:46 PM IST

JEE পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া সন্দৰ্ভত পশ্চিম আৰক্ষী জিলাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত সুপ্ৰতিভ লাল বৰুৱাৰ মন্তব্য ৷ কেলেংকাৰীৰ সৈতে জড়িত আন আন অভিযুক্তৰ সন্ধানত অভিযান চলি থকা বুলি সংবাদ মাধ্যমযোগে জানিবলৈ দিয়ে উপ আৰক্ষী আয়ুক্ত গৰাকীয়ে ৷

jee scam
JEE পৰীক্ষাৰ কেলেংকাৰী

গুৱাহাটী,16 নৱেম্বৰ : বৰ্তমান কি পৰ্যায়ত আছে JEE পৰীক্ষাৰ কেলেংকাৰীৰ তদন্ত প্ৰক্ৰিয়া? চিকিৎসক জ্যোতিৰ্ময় চক্ৰৱৰ্তী, নীল নক্ষত্র দাস, ভাৰ্গৱ ডেকা, কাকলি বুজৰবৰুৱাক গ্ৰেপ্তাৰ কৰিয়েই দায়িত্ব সামৰিছে নেকি মহানগৰ আৰক্ষীয়ে?

সময় বাগৰি যোৱাৰ লগে লগে এতিয়া এনে প্ৰশ্ন উত্থাপিত হৈছে সচেতন মহলৰ মাজত । কাৰণ বৰ্তমানো আৰক্ষীৰ জালত পৰা নাই নীল নক্ষত্র দাসৰ সলনি পৰীক্ষাত বহা পৰীক্ষাৰ্থী গৰাকীৰ লগতে অনলাইনযোগে জালিয়াতি কৰি পৰীক্ষাত উত্তীৰ্ণ কৰা চক্ৰটোৰ মূল মাষ্টাৰ মাইণ্ড ।

JEE পৰীক্ষাৰ কেলেংকাৰী

এই সন্দৰ্ভত সংবাদ মাধ্যমযোগে মত প্ৰকাশ কৰিছে পশ্চিম আৰক্ষী জিলাৰ অতিৰিক্ত উপ আৰক্ষী আয়ুক্ত সুপ্ৰতিভ লাল বৰুৱাই । আৰক্ষী বিষয়াগৰাকীৰ ভাষ্য অনুসৰি, ‘‘বৰ্তমানো ক্ষীপ্ৰ গতিত চলি আছে আৰক্ষীৰ তদন্ত প্ৰক্ৰিয়া । কেলেংকাৰীৰ লগত জড়িত আন আন অভিযুক্তৰ সন্ধানত অভিযান চলি আছে’’ ।

ইতিমধ্যেই এই কেলেংকাৰী সন্দৰ্ভত মহানগৰ আৰক্ষীয়ে বহু বিস্ফোৰক তথ্য লাভ কৰিছে যদিও তদন্তৰ খাতিৰত সেয়া প্ৰকাশ নকৰিলে অতিৰিক্ত উপ আৰক্ষী আয়ুক্তগৰাকীয়ে ।

লগতে পঢ়ক : মই সভাপতি হৈ থকা অৱস্থাত হাগ্ৰামা মহিলাৰীক বিজেপিত নলওঁ: ৰণজিৎ দাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.