ETV Bharat / state

Bihu in G20 summit:G20 ত বিহুত বিকৃতিকৰণ:কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক ক্ষমা খোজাৰ দাবী জাতীয় যুৱ বাহিনীৰ

author img

By ETV Bharat Assamese Team

Published : Sep 9, 2023, 7:07 PM IST

ৰাজ্য চৰকাৰে ১০০ কোটি টকা ব্যয় কৰি বিহুক লৈ বিশ্বৰেকৰ্ড গঢ়াৰ পিচতো G20 সন্মিলনত অসমৰ পৰা বিহু দল এটা দিল্লীলৈ প্ৰেৰণ কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক আখ্যা জাতীয় যুৱ বাহিনীৰ ।

jayiya yuva bahini react over bihu distortion in g20
G20 ত বিহুত বিকৃতিকৰণ
G20 ত বিহুত বিকৃতিকৰণ

গুৱাহাটী, ৯ ছেপ্টেম্বৰ : নতুন দিল্লীত চলি থকা জি-২০ সন্মিলনত বিহুক বিকৃত কৰাক লৈ ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ প্ৰতিক্ৰিয়া অব্যাহত আছে ৷ বহু দল-সংগঠন ওলাই আহিছে বিহু বিকৃতকৰণৰ বিৰুদ্ধে ৷ শেহতীয়াকৈ ৰাইজৰ দলৰ ভাতৃ সংগঠন জাতীয় যুৱ বাহিনীৰ উদ্যোগত শুকুৰবাৰে দিনৰ ভাগত গুৱাহাটীৰ আমবাৰীস্থিত সাংস্কৃতিক সঞ্চালকলয়ৰ কাৰ্যালয় চৌহদত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় । জাতীয় যুৱ বাহিনীৰ প্ৰতিবাদী সদস্যসকলে ‘‘অসমীয়াৰ স্বাভিমান বিহুক বিজতৰীয়া নকৰিব’’, ‘‘বিহুৰ অপমান সহ্য কৰা নহ’ব’’, হিমন্ত বিশ্ব শৰ্মাই দিল্লীত "পাৱে পৰি হৰি নীতি" পৰিহাৰ কৰক আদি শ্ল’গানৰে পৰিৱেশ উত্তাল কৰি তোলে ।

প্ৰতিবাদকাৰীসকলে বিহুক বিকৃত ৰূপত উপস্থাপনৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰি মুখ্যমন্ত্ৰীগৰাকীক দিল্লীত "পাৱে পৰি হৰি নীতি" পৰিহাৰ কৰিবলৈ আহ্বান জনায়। প্ৰতিবাদকাৰীসকলে কয় যে, ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ১০০ কোটি টকা ব্যয় কৰি বিহুৰে বিশ্বৰেকৰ্ড গঢ়াৰ পিচতো অসমৰ পৰা বিহু দল এটা দিল্লীলৈ প্ৰেৰণ কৰিব নোৱাৰাটো চৰম দুৰ্ভাগ্যজনক ৷

অসমীয়াৰ স্বাভিমান বিহুক বিজতৰীয়া কৰাৰ বাবে ৰাজ্য চৰকাৰৰ উপৰিও কেন্দ্ৰীয় চৰকাৰে ক্ষমা নুখুজিলে দিল্লীত প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে । সংবাদ মাধ্যমৰ আগত তেওঁলোকে কয় যে,পূৰ্বতেও দেশৰ বিভিন্ন প্ৰান্তত বিকৃত ৰূপত বিহু উপস্থাপন কৰা হৈছে । ইয়াৰ অন্তৰালত কি ৰহস্য আছে বুলি সংবাদ মাধ্যমৰ সন্মুখত প্ৰশ্নৰ অৱতাৰণা কৰে জাতীয় যুৱ বাহিনীৰ নেতৃবৃন্দই । প্ৰতিবাদৰ অন্তত সমগ্র বিষয়টোত হস্তক্ষেপৰ দাবীত সাংস্কৃতিক সঞ্চালকালয়ৰ সঞ্চালকক স্মাৰক পত্ৰ প্ৰদান কৰা হয় ৷

লগতে পঢ়ক : Bihu Distortion in G20 : বিহু নৃত্যৰ বিকৃতকৰণ; ক্ষোভত ফাটি পৰিল জয়ন্ত নাথ আৰু প্ৰসেনজিৎ লাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.