ETV Bharat / state

Jaundice in Guwahati: গুৱাহাটীৰ আমিনগাঁৱত জণ্ডিচৰ ভয়ংকৰ প্ৰাদুৰ্ভাৱ - Jaundice outbreak at Amingaon in Guwahati

গুৱাহাটীৰ আমিনগাঁৱত জণ্ডিচৰ ভয়াৱহৰূপ ৷ জণ্ডিচত আক্ৰান্ত হৈ আমিনগাঁৱত চাৰিগৰাকীকৈ লোকৰ মৃত্যু ৷ জণ্ডিচত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ পৰিয়ালত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Amingaon Jaundice outbreak) ৷

Jaundice in Guwahati
Jaundice in Guwahati
author img

By

Published : Apr 20, 2023, 1:21 PM IST

Updated : Apr 20, 2023, 2:02 PM IST

নিউজ ডেস্ক, 20 এপ্ৰিল: গুৱাহাটীৰ আমিনগাঁৱত জণ্ডিচে লৈছে ভয়াৱহৰূপ ৷ ইতিমধ্যেই জণ্ডিচত আক্ৰান্ত হৈ আমিনগাঁৱত চাৰিগৰাকীকৈ লোকৰ মৃত্যু হৈছে ৷ বৃহস্পতিবাৰে GMCHত চিকিৎসাধীন হৈ থকাৰ অৱস্থাতে মৃত্যু হয় এগৰাকী জণ্ডিচ আক্ৰান্তৰ ৷ মৃত লোজনৰ নাম আনন্দ দাস বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, জণ্ডিচৰ লগতে একাধিক ৰোগত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল লোকজন ৷ ইফালে, অঞ্চলটোৰ বহুলোক জণ্ডিচত আক্ৰান্ত হোৱাৰ তথ্য লাভ কৰা গৈছে (Amingaon Jaundice outbreak) ৷

ইফালে, জণ্ডিচত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ লোকৰ পৰিয়ালত বৃহস্পতিবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৷ আক্ৰান্তসকলৰ পৰিয়ালৰ লোকৰো অৱস্থাৰ বুজ লয় মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ অপৰিষ্কাৰ পানী সেৱনৰ ফলতেই অঞ্চলটোত 30 জনতকৈ অধিক লোক জণ্ডিচত আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যেই প্ৰশাসনে অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ লগতে নিৰীক্ষণ কৰিছে পানীৰ গুণাগুণ (Jaundice outbreak at Amingaon) ৷

এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰায় 7 গৰাকী লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে ৷ জনাস্বাস্থ্য কাৰীকৰি বিভাগৰ বিষয়াসকলৰ সৈতে লগ হৈ পানীৰ গুণাগুণ চোৱা বুলিও তেওঁ উল্লেখ কৰে ৷ ইয়াৰ বাবে নতুন আঁচনি গ্ৰহণ কৰি যাৱতীয় সকলো কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ( People suffering from Jaundice in Amingaon) ৷

আনহাতে, এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে GMCHৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাইয়ো ৷ তেওঁ কয় যে, 3 এপ্ৰিল তাৰিখে GMCHত বিশ্বজিৎ বৰ্মন(33) নামৰ এগৰাকী লোক ভৰ্তি হৈছিল ৷ কিন্তু 17 এপ্ৰিল তাৰিখে বিশ্বজিৎ বৰ্মনৰ মৃত্যু হয় ৷ লিভাৰ চিৰোচিচত বিশ্বজিৎ বৰ্মন আক্ৰান্ত আছিল বুলি মন্তব্য অধীক্ষকগৰাকীৰ ৷ লিভাৰৰ ৰোগৰ বাবেই বিশ্বজিৎ বৰ্মনৰ জণ্ডিচ হৈছিল বুলিও উল্লেখ কৰে ৷

লগতে আনন্দ দাস সন্দৰ্ভত তেওঁ কয় যে, GNRCৰ পৰা GMCHত ভৰ্তি কৰোৱা হৈছিল আনন্দ দাসক ৷ আনন্দ দাসো আন ৰোগত আক্ৰান্ত হৈছিল বুলি মন্তব্য অভিজিৎ শৰ্মাৰ ৷ এই দুয়োটা মৃত্যু পোনপটীয়াকৈ জণ্ডিচৰ সৈতে জড়িত নহয় বুলিও তেওঁ সদৰী কৰে (Jaundice outbreak at Amingaon in Guwahati) ৷

লগতে পঢ়ক: Heavy Storm in Rangia: ৰঙিয়াত বৰদৈচিলাৰ তাণ্ডৱ; সহস্ৰাধিক পৰিয়াল ক্ষতিগ্ৰস্ত

Last Updated : Apr 20, 2023, 2:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.