ETV Bharat / state

নিযুক্তি কেলেংকাৰী সন্দৰ্ভত গুৱাহাটীত জাতীয় যুৱ শক্তিৰ প্ৰতিবাদ - উপ-পৰিদৰ্শক

গুৱাহাটীত জাতীয় যুৱ শক্তিৰ উদ্যোগত প্ৰতিবাদ ৷ অসম চৰকাৰৰ বিভিন্ন পৰীক্ষাৰ নিযুক্তি কেলেংকাৰী সন্দৰ্ভত প্ৰতিবাদ সংগঠনটোৰ ৷ উপস্থিত শতাধিক নেতাকৰ্মী ৷

Jatiya Yubo Sakti protests in Guwahati over recruitment scandal
নিযুক্তি কেলেঙকাৰী সন্দৰ্ভত গুৱাহাটীত জাতীয় যুৱ শক্তিৰ প্ৰতিবাদ
author img

By

Published : Nov 8, 2020, 1:17 PM IST

Updated : Nov 8, 2020, 2:07 PM IST

গুৱাহাটী, 8 নৱেম্বৰ : ‘‘অসম চৰকাৰে ৰাজ্যৰ লাখ লাখ নিবনুৱাৰ ভৱিষ্যতকলৈ হেতালি খেলিছে ৷ নিযুক্তিৰ নামত কেলেংকাৰী সংঘটিত কৰি শিক্ষিত যুৱক-যুৱতীসকলৰ ভৱিষ্যত অন্ধকাৰৰ ফালে ঠেলি দিছে ৷ যুৱক-যুৱতী সকলকলৈ চৰকাৰে কৰা এনে অন্যায় অসমৰ জনগণে কেতিয়াও মানি নলয় ’’ ৷ এই হুংকাৰ জাতীয় যুৱ শক্তিৰ ৷ দীঘলীপুখুৰীৰ পাৰত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰদান কৰিলে সংগঠনটোৰ প্ৰতিনিধিসকলে ৷

চিত্তৰঞ্জন বসুমতাৰীৰ মন্তব্য

উল্লেখ্য যে, ৰাজ্যৰ বৰ্ধিত নিবনুৱা সমস্যাকলৈ ‘অসম জাতীয় পৰিষদ’ৰ ভাতৃ সংগঠন 'জাতীয় যুৱ শক্তি'য়ে দেওবাৰে দীঘলীপুখুৰীৰ পাৰত ৰূপায়ণ কৰা প্ৰতিবাদী কাৰ্যসূচীত বিভিন্ন চৰকাৰ বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে পৰিৱশে ৷ আনহাতে, শেহতীয়াকৈ অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ নিযুক্তি কেলেংকাৰীৰ লগতে APDCL, PNRD আৰু বিদেশী ন্যায়ধীকৰণৰ নিযুক্তিত সংঘটিত হোৱা ব্যাপক খেলিমেলিৰ বাবে দেওবাৰে সৰব হোৱা দেখা গ’ল জাতীয় যুৱ শক্তিক ৷ দেওবাৰৰ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰে 'জাতীয় যুৱ শক্তি'ৰ তত্ৱাবধায়ক চিত্তৰঞ্জন বসুমতাৰীৰ লগতে যুৱ শক্তিৰ প্ৰায় শতাধিক কৰ্মী ৷

লগতে পঢ়ক : বিশ্বনাথত নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত বিধায়ক ৰঞ্জিত দত্তৰ

Last Updated : Nov 8, 2020, 2:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.