ETV Bharat / state

Raghav Official Trailer out: যতীন বৰাৰ বহু প্ৰত্যাশিত ছবি 'ৰাঘৱ'ৰ ট্ৰেইলাৰ মুকলি - ৰাঘৱ

আজি মুক্তি পালে অসমীয়া ছবি "ৰাঘৱ"ৰ ট্ৰেইলাৰ । সামাজিক মাধ্যমযোগে ছবিখনৰ ট্ৰেইলাৰ মুকলি কৰা হয় । চাওক ছবিখনৰ ট্ৰেইলাৰ ৷

Jatin Bora starrer film Raghav trailer out now, Watch Jatin Bora in action avatar
মুক্তি পালে 'ৰাঘৱ'ৰ ট্ৰেইলাৰ
author img

By ETV Bharat Assamese Team

Published : Oct 11, 2023, 5:39 PM IST

গুৱাহাটী, 11 অক্টোবৰ: ২৭ অক্টোবৰত ছবিগৃহলৈ আহি আছে যতীন বৰাৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘ৰাঘৱ’। JB Production ৰ দ্বাৰা নিৰ্মিত এইখন দ্বিতীয়খন ছবি । ইফালে ছবিখনৰ টিজাৰ মুকলি কৰাৰ পিচৰে পৰা অনুৰাগীয়ে অপেক্ষা কৰি আছিল ছবিখনৰ ট্ৰেইলাৰৰ বাবে ৷ কিন্তু আপোনাৰ অপেক্ষাৰ অন্ত পৰিল ৷ কিয়নো বুধবাৰে সামাজিক মাধ্যমযোগে মুকলি কৰা হ’ল ছবিখনৰ ট্ৰেইলাৰ ।

ধ্বনি ৰেকৰ্ডচ নামৰ চেনেলটোৰ জৰিয়তে মুক্তি দিয়া হয় ছবিখনৰ ট্ৰেইলাৰটো । ৰত্নাকৰৰ সফলতাৰ পিচত এইবাৰ "ৰাঘৱ" ৰ বাবে সাজু হৈছে JB Production । কিছুদিন পূৰ্বে পল্টন বজাৰস্থিত ASTC ত মুকলি কৰা হৈছিল ছবিখনৰ প্ৰথমটো টিজাৰ । ছবিখনত "ৰাঘৱ" তথা মুখ্য চৰিত্ৰত অভিনয় কৰিছে জনপ্ৰিয় অভিনেতা যতীন বৰাই । ড্ৰাইভাৰৰ চৰিত্ৰত ছবিখনত দেখা যাব অভিনেতা গাৰকীক । যিহেতু বাহন চালকৰ লগত ছবিখনৰ কাহিনীৰ সামঞ্জস্য আছে সেয়েহে ছবিখনৰ টিজাৰ পল্টন বজাৰস্থিত ASTC ত মুকলি কৰা হৈছিল ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাঘৱৰ ট্ৰেইলাৰ কেনেকুৱা ?

ছবিখনৰ ট্ৰেইলাৰ আৰম্ভ হয় যতীন বৰাৰ একচন আৰু সংলাপৰ পৰা ৷ যতীন বৰাই কয় ‘‘এই মেট্ৰিক ফেইল ড্ৰাইভাৰে নিজৰ সন্মান ফেইল কৰাব নোৱাৰে ’’ ৷ ইয়াৰ পিচতে এন্ট্ৰি হয় নিশিতা গোস্বামীৰ ৷ য’ত গুণ্ডাবাহিনীৰ পৰা যতীন বৰাই ৰক্ষা কৰা দেখা যায় নিশিতাক ৷ লগতে নিশিতাই কয় - যেন একেবাৰে চিনেমাৰ নায়কৰ দৰে ফাইট কৰিছে ৷ ইয়াৰ উত্তৰত যতীন বৰাই কয়- চিনেমাৰ নায়িকা তুমি হ’লে বেয়া নাছিল ৷ ইয়াৰ পিচতে যতীন বৰাৰ পিতৃৰ মৃত্যুত আৰম্ভ হয় ট্ৰেজেডী ৷ মুঠৰ ওপৰত এই ছবিখনত এক ব্যতিক্ৰমী ৰূপত দেখা গৈছে যতীন বৰাক ৷

উল্লেখ্য যে "ৰাঘৱ" ৰ মাতৃৰ ভূমিকাত অভিনয় কৰিছে বিশিষ্ট অভিনেত্ৰী মৃদুলা বৰুৱাই । লগতে ছবিখনত অভিনয় কৰিছে নিশিতা গোস্বামী, হিৰণ্য ডেকা, সিদ্ধাৰ্থ নিপন গোস্বামীকে ধৰি কেইবাগৰাকী ন-পুৰণি অভিনেতা-অভিনেত্ৰীয়ে । আনহাতে সংগীত পৰিচালনা কৰিছে হাৰ্টথ্ৰৱ জুবিন গাৰ্গে । বিশ্বৰ সৰ্ববৃহৎ ফিল্ম চিটি হায়দৰাবাদৰ ৰামোজী ফিল্ম চিটি, কাশ্মীৰ, লাডাখৰ উপৰিও একাধিক মনোৰম লোকেচনত ছবিখনৰ দৃশ্যগ্ৰহণ কৰা হৈছে ।

ছবিখনৰ টিজাৰ আৰু গীতসমূহক ইতিমধ্যে দৰ্শকে আদৰি লোৱা পৰিলক্ষিত হৈছে । ছবিখনৰ "মা" আৰু "চিল মিল টোপনিতে" শীৰ্ষক গীত দুটি ইতিমধ্যে বিশেষ জনপ্ৰিয় হৈ পৰিছে দৰ্শকৰ মাজত । ইফালে ছবিখনৰ প্ৰচাৰত এতিয়া ব্যস্ত হৈ পৰিছে "ৰাঘৱ"ৰ সমূহ কলা-কুশলী । উজনিৰ পৰা নামনিলৈ এতিয়া ছবিখনৰ প্ৰচাৰ চলাইছে টীম ৰাঘৱে । আজি যোৰহাটৰ টীয়কতো ছবিখনৰ প্ৰচাৰ চলাই যতীন বৰা লগতেই টীম ৰাঘৱে ।

লগতে পঢ়ক: Maa O Maa song out now: যতীন বৰাৰ ছবি ‘ৰাঘৱ’ৰ পৰা মুকলি মা অ মা গীত, চাওক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.