গুৱাহাটী, 22 মাৰ্চঃ প্ৰধানমন্ত্ৰী মোদীৰ আহ্বান মৰ্মে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে 22 মাৰ্চ অৰ্থাৎ সমগ্ৰ দেশতে পালন কৰা হৈছে জনতা কাৰ্ফিউ । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই আহ্বানৰ প্ৰতি দেশৰ লগতে গুৱাহাটীৰ সকলো নাগৰিকে সঁহাৰি জনাই ।
মোদীৰ আহ্বান মৰ্মে মহানগৰীৰ সকলো লোকে নিজৰ ঘৰৰ পৰা বাহিৰলৈ ওলাই বা ঘৰৰ বেলকনিৰ পৰা হাত চাপৰি বজাই কৃতজ্ঞতা জনাই সকলো চিকিৎসক,নাৰ্চ, আৰক্ষী, সংবাদ কৰ্মীৰ লগতে চাফাই কৰ্মীক ।
আনহাতে, পিছপৰি ৰোৱা নাই ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাস । সভাপতি গৰাকীয়ে প্ৰধানমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই ঘৰৰ পৰিয়ালৰ সৈতে ভোৰ তাল, হাত চাপৰি বজাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে । অনুৰূপ দৃশ্য দেখা গ'ল বিজেপি নেতা ৰূপম গোস্বামীৰ ক্ষেত্ৰতো । তেখেতে ঘৰৰ পৰাই ভোৰতাল বজাই কৃতজ্ঞতা জনাই জৰুৰীকালিন সেৱাত নিয়োজিত লোকসকলক ।