ETV Bharat / state

উচ্ছেদৰ ৪ বছৰৰ পাছত পুনৰ বিদ্যুতৰ সংযোগ জনশিমলুত

author img

By

Published : Nov 11, 2021, 7:57 PM IST

২০১৭ চনত প্ৰশাসনে উচ্ছেদ চলাইছিল গুৱাহাটীৰ জনশিমলুত । কিন্তু পৰৱৰ্তী সময়ত সেই অভিযান চৰকাৰৰ ভুল সিন্ধান্ত বুলি প্ৰমাণ হৈছিল । উচ্ছেদৰ সময়ৰে পৰা বিদ্যুতৰ সংযোগ বন্ধ আছিল অঞ্চলটোত । অৱশেষত পুনৰ বিদ্যুৎ সংযোগ দিয়া হয় অঞ্চলটোত ।

electricity connection
উচ্ছেদৰ ৪ বছৰৰ পাছত পুনৰ বিদ্যুতৰ সংযোগ জনশিমলুত

গুৱাহাটী,১১ নৱেম্বৰ : চৰকাৰী ভুলৰ বাবে ২০১৭ চনৰ ২৮ নৱেম্বৰত বন বিভাগৰ উচ্ছেদত গৃহহীন হ'বলগীয়া হৈছিল গুৱাহাটীৰ জনশিমলুৰ বাসিন্দাসকল । চৰকাৰৰ এই অমানৱীয় উচ্ছেদ অভিযানৰ ফলত অঞ্চলটোৰ বিজুলী সংযোগ বিছিন্ন হোৱাৰ উপৰিও বিদ্যুৎ পৰিবাহী খুটা আৰু ট্ৰেন্সফৰ্মাৰ ধ্বংস কৰি দিয়া হৈছিল । যাৰ ফলত বিদ্যুৎ যোগান অবিহনে প্ৰায় ৪ বছৰ ধৰি অন্ধকাৰৰ মাজত জীৱন-নিৰ্বাহ কৰিবলৈ বাধ্য হৈছিল জনশিমলুবাসী । ইফালে প্ৰাপ্য অধিকাৰ আৰু ন্যায় প্ৰদানৰ বাবে চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিক প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখে অঞ্চলবাসীয়ে ।

পৰৱৰ্তী সময়ত গুৱাহাটী উচ্চ ন্যায়ালয়ে ২০২০ চনৰ নৱেম্বৰ মাহত অঞ্চলটোত পুনৰ বিদ্যুৎ সংযোগৰ বাবে ৰায় প্ৰদান কৰে । সেই অনুসৰি বুধবাৰে দিছপুৰ সমষ্টিৰ স্থানীয় বিধায়ক অতুল বৰা আৰু আমচিং গাঁও পঞ্চায়তৰ সভানেত্ৰী কল্পনা বৰাৰ উপস্থিতিত জনশিমলু ননকে ৰাজহ গাঁৱৰ বিদ্যুৎ সংযোগৰ শুভাৰম্ভ কৰে । প্ৰায় ২০০ কিলো ৱাটৰ নতুন ট্ৰেনফৰ্মাৰৰ জৰিয়তে অঞ্চলবাসীৰ বিদ্যুৎ যোগানৰ দীৰ্ঘদিনীয়া সমস্যা দূৰ হ'ব বুলি আশা প্ৰকাশ কৰে ।

উল্লেখ্য যে প্রায় চাৰি বছৰ পূৰ্বে চৰকাৰৰ বিভাগীয় কৰ্তৃপক্ষৰ ভুলৰ বাবে জনশিমলুত উচ্ছেদ চলাই গাঁওখনৰ ৰাজহুৱা নামঘৰ, বিদ্যুৎ ব্যৱস্থা, এখন বিদ্যালয়ৰ লগতে উচ্ছেদ কৰিছিল ৬০টা পৰিয়ালৰ বাসগৃহ । অথচ সেই একেখন চৰকাৰে বিধানসভাত জনশিমলু বন বিভাগৰ অন্তৰ্গত ভূমি নহয় বুলি তথ্য দাখিল কৰাৰ পিছতো চাৰি বছৰ ধৰি অঞ্চলবাসীয়ে প্ৰকৃত ন্যায় নোপোৱাত ক্ষোভ প্ৰকাশ ৰাইজৰ ।

লগতে পঢ়ক :গুৱাহাটী উচ্চ ন্যায়ালয়ত হাজিৰ বিজেপিৰ প্ৰবীণ নেতা সুব্ৰমণিয়ম স্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.