ETV Bharat / state

বেজেৰাত কৃষি বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ - Bezera Development block

পি এম কিষাণ নিধিৰ পিছতে ৰাজ্যত কৃষি বান্ধ নিৰ্মাণৰ নামত উন্নয়ন খণ্ড বিষয়াৰ কাৰ্যালয়ত ৰাম ঠগন কৃষকক ৷ অভিযোগ অনুসৰি মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত বেজেৰা উন্নয়ন খণ্ডত কৃষি বান্ধ নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷

Jalukbari bezara BDO corruption guwahati kamrup metro assam etv bharat news
কৃষি বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ
author img

By

Published : Jun 2, 2020, 3:22 PM IST

গুৱাহাটী, 2 জুন: সময়ে সময়ে ৰাজ্যত সংঘটিত বিভিন্ন দুৰ্নীতিৰ বাতৰিয়ে সংবাদ শীৰ্ষ দখল কৰি অহা পৰিলক্ষিত হৈছে ৷ পুনৰাই পোহৰলৈ আহিছে ৰাজ্যত কৃষি বান্ধ নিৰ্মাণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগৰ কথা ৷

মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টি জালুকবাৰীৰ অন্তৰ্গত বেজেৰা উন্নয়ন খণ্ডত কৃষি বান্ধ নিৰ্মাণৰ নামত সংঘটিত হৈছে দুৰ্নীতি ৷ কোনো অস্তিত্বহীন আঁচনিৰ নামত লাখ লাখ টকা আত্মসাৎ কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ তথ্য অনুসৰি, বেজেৰা উন্নয়ন খণ্ডত কোনো কাম নকৰাকৈয়ে একাংশই সৰকাইছে কৃষি বান্ধৰ ধন । বিষয় সন্দৰ্ভত খণ্ড উন্নয়ন বিষয়া অপূৰ্ব বৰুৱাই গ্ৰহণ কৰা ভূমিকা ৰহস্যজনক হিচাপে পৰিগণিত হৈছে ৷

উল্লেখ্য যে, কৰ’ণা ভাইৰাছক কেন্দ্ৰ কৰি অৰ্থনৈতিক ব্যৱস্থাৰ দ্ৰুত অৱনতি ঘটাৰ সময়তে জালুকবাৰী সমষ্টিৰ শৰাইঘাট গাঁৱত সংঘটিত এই দুৰ্নীতিৰ তথ্যই সৃষ্টি কৰে তীব্ৰ প্ৰতিক্ৰিয়া ৷ এমজি এনৰেগা আঁচনিৰ অধীনত বেজেৰা আঞ্চলিক পঞ্চায়তৰ জৰিয়তে আলেকজাৰি কৃষি বান্ধ নিৰ্মাণৰ নামত আবণ্টিত ধন আত্মসাৎ কৰে উন্নয়ন খণ্ডটোৰ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীয়ে । আঁচনিৰ বাবদ অনুমোদিত 3.23 লাখ টকাৰ প্ৰায় 70 শতাংশ ধন আত্মসাৎ কৰাৰ অভিযোগ তোলে বেজেৰা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীয়ে জ্যোতি কুমাৰে ৷

কৃষি বান্ধ নিৰ্মাণক কেন্দ্ৰ কৰি দুৰ্নীতিৰ অভিযোগ

বিষয় সন্দৰ্ভত মন্ত্ৰী শৰ্মাৰ ৰোষত পৰাৰ ভয়ত কম্পমান খণ্ড উন্নয়ন বিষয়া গৰাকীয়ে সংবাদ মাধ্যমৰ আগত চালে-বেৰে কোবোৱা উত্তৰ দি ফালৰি কটাৰ চেষ্টা কৰে ৷ কিন্তু স্থানীয় ৰাইজে এই বিষয়ত জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকৰ হস্তক্ষেপ প্ৰদানেৰে উচিত তদন্তৰ দাবী জনায় ৷

লগতে চাওকঃ নগাঁও আৰু নলবাৰীত আতংকঃ ৰাজপথত উদ্ধাৰ ব্যৱহৃত পিপিই কিট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.