গুৱাহাটী, ৫ জুলাই : কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ ৰাজহুৱা পুঁজি আৰু নাগৰিক সমাজৰ বৰঙণিৰে সমগ্ৰ দেশতে আৰম্ভ হোৱা জল জীৱন মিছনৰ কাম ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে অসমতো । এই অভিযানৰ কাম আগবঢ়াই নিয়াৰ বাবে ৰাজ্যৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে প্ৰথম পৰ্যায়ৰ কামৰ বিপৰীতে ২৭ খন জিলাত মুঠ ২১০৩ টা আঁচনি বিপৰীতে প্ৰশাসনিক অনুমোদন দিছে । এই ২১০৩ টা আঁচনিৰ বিপৰীতে বায় নিৰ্ধাৰণ কৰা হৈছে ৩২৭৭৪৬.২৯ লাখ টকা ।
ইয়াৰে কেন্দ্ৰীয় চৰকাৰে বহন কৰিব ২৮০২২৩.৬১ লাখ টকা । ৰাজ্য চৰকাৰে খৰছ কৰিব লাগিব ৩১১৩৬.৯০ লাখ টকা । অতি লক্ষনীয়ভাৱে এই খোৱা পানী যোগান আঁচনিৰ ৰূপায়নৰ বাবে নাগৰিক সমাজেও অৰিহণা আগবঢ়াব লাগিব । উল্লিখিত পৰিমানৰ ৰাজহুৱা পুঁজিৰ বিপৰীতে নাগৰিক সমাজৰ অৰিহনা নিৰ্ধাৰণ কৰা হৈছে ১৬৩৮৫.৭৮ লাখ টকা ।
মনকৰিবলগীয়া যে, স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে বিশুদ্ধ খোৱা পানী যোগানৰ বাবে এক বিশেষ অভিযান আৰম্ভ হোৱাটো অতি লক্ষণীয় বুলি বিবেচিত হৈছে । ইটিভিৰ হাতত পৰা তথ্য অনুসৰি অসমৰ প্ৰথম পৰ্যায়ত যি ২১০৩ টা আঁচনিৰ বিপৰীতে প্ৰশাসনিক অনুমোদন আগবঢ়োৱা হৈছে তাত সামৰি লোৱা হৈছে কেইবাখনো বিশেষ জিলা । যেনে জল জীৱন মিছনৰ অধীনত প্ৰথম পৰ্যায়তে ধুবুৰী জিলাত মুঠ ৪৫৮ টা আঁচনিৰ বিপৰীতে ৭৩৯৩০.৫৭ লাখ টকা বিনিয়োগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ।
একেদৰে, বাক্সা জিলাৰ ১৭৭ টা আঁচনিৰ বিপৰীতে ২৯৯৮৭.৮৬ লাখ টকা, গোৱালপাৰা জিলাৰ ২৩১ টা আঁচনিৰ বিপৰীতে ৩০৩৪১.৫০ লাখ টকা, বৰপেটা জিলাৰ ১৯৫ টা আঁচনিৰ বিপৰীতে ২৯৫৮৯.৩৪ টকা, তিনিচুকীয়া জিলাৰ ২৬১ টা আঁচনিৰ বিপৰীতে ৪৩২৫২.৪৫ লাখ টকা বিনিয়োগ কৰাৰ বাবে প্ৰশাসনিক অনুমোদন আগবঢ়োৱা হৈছে । জানিব পৰা মতে ইতিমধ্যে এই বৃহৎ পৰিমানৰ পুঁজিৰ কামৰ বাবে নিবিদা প্ৰক্ৰিয়াও আৰম্ভ কৰা হৈছে । কেৱল কামৰ আবন্টন দিবলৈহে বাকী আছে ।
জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি অহা পাঁচ বছৰৰ ভিতৰত জল জীৱন মিছনৰ দ্বাৰা ৰাজ্যৰ প্ৰতিটো পৰিয়ালে পাইপৰ যোগেদি বিশুদ্ধ পানী ঘৰতেই পাব । সেই বাবেই এই সময়ছোৱাত চৰকাৰে খৰছ কৰিব ২৬৫০০ কোটি টকা । একেসময়তে কেতিয়াও কেৱল খোৱা পানীৰ বাবে ইমান টকা ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হোৱা নাছিল । কিন্তু এই বৃহৎ পৰিমানৰ পুঁজি সঠিক ৰূপত বায় কৰিবলৈ ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ সক্ষম হ’ব নে নাই সেয়াও এক সংশয়ৰ বিষয় ।
কাৰণ এই বিভাগটোৱে প্ৰতিটো বিত্তীয় বৰ্ষতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ পৰা প্ৰায় পাঁচ হাজাৰ কোটিৰো অধিক টকা লাভ কৰি আহিছে যদিও সেই পুঁজিৰ সদ্ব্যৱহাৰ আজি পৰ্যন্ত হোৱা নাই বুলি অভিযোগ উত্থাপিত হৈ আহিছে । বিশেষকৈ ৰাজ্যৰ প্ৰতিটো পানী যোগান সংমণ্ডলতে থকা পানী যোগান আঁচনিৰ আশী শতাংশ আঁচনিয়েই আজি বিকল অৱস্থাত পৰি আছে । আনহাতে, পানীত আৰ্ছেনিক, ফ্লৰাইডৰ উপস্থিতিৰ কথা বহু পুৰণি যদিও তেনে সমস্যা সমাধানৰ ক্ষেত্ৰত ৰাজহুৱা পুঁজিৰ অপচয় হোৱাৰ অভিযোগ হে উত্থাপিত হৈ আহিছে ।
লগতে পঢ়কঃ "মুখ্যমন্ত্ৰীৰ ক'ভিড-১৯ বিধৱা সাহায্য আঁচনি" সংশোধনৰ দাবী কংগ্ৰেছৰ