ETV Bharat / state

Water supply in Guwahati: এমাহৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীৰ ৰাইজক পানী খুৱাব জাইকাই

author img

By

Published : Jul 21, 2022, 5:35 PM IST

কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ অনলাইন আবেদনৰ বাবে ৱেব চাইট মুকলি কৰি দিছপুৰৰ জনতা ভৱনৰ পৰা বৃহস্পতিবাৰে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে মন্তব্য কৰে । তেওঁ জনাই ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটীৰ সকলো মানুহক খোৱাপানী যোগান ধৰা হ’ব (Jal Board to commission SC water project soon in Guwahat) ।

এমাহৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীৰ ৰাইজক পানী খুৱাব জাইকাই

গুৱাহাটী, 21 জুলাই : ২০২৩ চনৰ ছেপ্টেম্বৰৰ ভিতৰত গুৱাহাটীৰ সকলো মানুহক খোৱাপানী যোগান ধৰা হ’ব (SC water project soon in Guwahat) । কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ অনলাইন আবেদনৰ বাবে ৱেব চাইট মুকলি কৰি দিছপুৰৰ জনতা ভৱনৰ পৰা বৃহস্পতিবাৰে গৃহ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী অশোক সিংঘালে এই মন্তব্য কৰে ।

অনুষ্ঠানত মন্ত্ৰী অশোক সিংঘালে কয় যে, ৰাজ্য চৰকাৰে জাইকা সাহাৰ্যপ্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটী পানী যোগান প্ৰকল্পৰ (Guwahati water project) জৰিয়তে কেন্দ্ৰীয় গুৱাহাটীৰ একাংশ এলেকাত পানী যোগান ধৰাৰ সিদ্ধান্ত লৈছে ৷ জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ গৃহ সংযোগ সেৱাৰ এয়া ‘ট্ৰায়েল ৰাণ’ । জনসাধাৰণৰ অনলাইন আবেদনৰ বাবে ইতিমধ্যে মুকলি হৈছে ৱেব চাইট (Website launched for online applications for water supply ) ।

কেন্দ্ৰীয় গুৱাহাটীৰ 121 টা জ'নৰ ভিতৰত 5 জ'নতহে পৰীক্ষা মুলকভাৱে পানী যোগান ধৰিব । প্ৰথম পৰ্যায়ত পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ৰ বাবে ৫ টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’(DMA) সামৰি লোৱা হৈছে । ডিএমএ ৫ ক ১ - অমিয়া নগৰ (অংশ), ৰামছা ৰিজাৰ্ভৰ এলেকা ; ডিএমএ ৫ ক ২ - অমিয়া নগৰ (অংশ), ৰুদ্ৰনগৰ ; ডিএমএ ৫ ক ৩ – কৃষ্ণ নগৰ, হলি ছাইল্ড এলেকা ; ডিএমএ ৫ ক ৪ – মিলনপুৰ, বামুনী মৈদাম, চান্দমাৰী, দূৰদৰ্শন আৰু জলসিঞ্চন কলনি ; ডিএমএ ৫ ক ৫ – ৰাজগড় আৰু পূৱ শৰণীয়া অঞ্চলক সামৰি লোৱা হ’ব ।

এমাহৰ ভিতৰত কেন্দ্ৰীয় গুৱাহাটীত যোগান ধৰা হ’ব জাইকাৰ খোৱাপানী

পৰৱৰ্তী পৰ্যায়ত গুৱাহাটীৰ অন্যান্য অঞ্চলক সামৰি লোৱা হ’ব বুলি লগতে উপায়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ তিনিমাহলৈ এই ‘ট্ৰায়েল ৰাণ’ৰ পিছত আকৌ নতুন 7 টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’(DMA) সামৰি লোৱা হ’ব । নতুন 7 টা ‘ডিষ্ট্ৰিক মিটাৰিং এৰিয়া’ত(DMA) নাৰিকল বস্তি, শিলপুখুৰী, আৰ জি বৰুৱা ৰোড, নবীন নগৰ, অনিল নগৰ, তৰুণ নগৰ, ফাঁচীবজাৰ, চানমাৰি, গুৱাহাটী ক্লাৱ এলেকা সামৰি লোৱা হ’ব ৷

প্ৰথম পৰ্যায়ত পানী যোগানৰ ‘ট্ৰায়েল ৰাণ’ত 3000 হাজাৰ মানুহক পানী যোগান ধৰা হ’ব । 2011 চনতে আৰম্ভ কৰা জাইকা সাহাৰ্য প্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ জৰিয়তে 1 লাখ 35 হাজাৰ মানুহক পানী যোগান ধৰাৰ বাবে নিদ্ধাৰণ কৰা হৈছিল । এতিয়া জনসংখ্যা 2 লাখলৈ বৃদ্ধি হৈছে । 2011 চনতে আৰম্ভ কৰা জাইকা সাহাৰ্য প্ৰাপ্ত কেন্দ্ৰীয় গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ (South Central Guwahati project) জৰিয়তে 1 লাখ 35 হাজাৰ মানুহৰ ভিতৰত 11 বছৰ পিছত মাত্ৰ 3 হাজাৰ মানুহকে পৰীক্ষামূলকভাৱে খোৱাপানী যোগান ধৰিব ।

লগতে মন্ত্ৰী অশোক সিংঘালে কয় যে অহা 21 দিনৰ ভিতৰত নিদ্ধাৰিত এলেকাৰ মানুহে অনলাইন আৱেদন কৰিব লাগিব । প্ৰতি ঘৰ মানুহে আৱেদনৰ বাবে 500 টকা মাচুল, পানীৰ পাইপ আৰু মিটাৰ সংযোগৰ বাবদ 5000 টকা আৰু আমানতৰ ধন হিচাপে 2000 টকা আদায় দিব লাগিব । অৰ্থাৎ প্ৰতি ঘৰ মানুহে মুঠ 7500 টকা আদায় দিব লাগিব ।

দিনত মাত্ৰ দুবাৰ পানী দিয়া হ’ব । অনুষ্ঠান গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত তথা গুৱাহাটী জল ব’ৰ্ডৰ (Guwahati Water Board) পৰিচালন সঞ্চালক পল্লৱ গোপাল ঝা আদি উপস্থিত আছিল ।

লগতে পঢ়ক: Water supply in Guwahati: গুৱাহাটীত পানী যোগানৰ অনলাইন আবেদনৰ বাবে মুকলি হ’ব ৱেব চাইট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.