গুৱাহাটী, ১৯ এপ্ৰিল : তুংগত উঠিছে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সভাপতি আৰু যুৱ কংগ্ৰেছৰ অসমৰ সভানেত্ৰী অংকিতা দত্তৰ সংঘাত (IYC president and AYC president controversy) ৷ যুৱ কংগ্ৰেছৰ সভাপতি অংকিতা দত্তৰ এটা টুইটে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোড়ন তুলিছে কংগ্ৰেছৰ অভ্যন্তৰত ৷ ভাৰতীয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰাৰ পাচত (Ankita Dutta allegation against Srinivas) এতিয়া ৰাজহুৱা ক্ষমা প্ৰাৰ্থনা কৰিবলৈ আইনী প্ৰক্ৰিয়া গ্ৰহণৰ সকীয়নি দি মানহানিৰ জাননী জাৰি কৰিছে অংকিতা দত্তলৈ ।
শ্ৰীনিবাসে ৬ মাহ ধৰি নিৰ্যাতন চলোৱাৰ অভিযোগ তুলি অংকিতা দত্তই কৰা টুইটৰ প্ৰত্যুত্তৰ দি অংকিতা দত্তলৈ আইনী জাননী প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ আই টি কোষে (IYC IT cell legal notice to Ankita Dutta) ৷ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ হৈ কোষটোৰ জাননীখনৰ মতে, শ্ৰীনিবাসৰ বিৰুদ্ধে 'সম্পূৰ্ণ অসংসদীয়, অসন্মানজনক, মানহানিকাৰক, কু-অভিপ্ৰায়ৰ শব্দ' ব্যৱহাৰ কৰাৰ বাবে অংকিতা দত্তৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা আৰম্ভ কৰিছে । অংকিতা দত্তৰ অভিযোগৰ প্ৰত্যুত্তৰত ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ আইনী কোষে কৈছে যে অংকিতা দত্তৰ বিৰুদ্ধে 'শক্তিশালী আইনী ব্যৱস্থা' আৰম্ভ কৰিব (IYC legal notice to Ankita Dutta) ।
"ডঃ দত্তই IYC-ৰ সভাপতি শ্ৰীনিবাস বি ভিজীৰ বিৰুদ্ধে সম্পূৰ্ণ অসংসদীয়, অসন্মানজনক, মানহানিকৰ, বিদ্বেষপূৰ্ণ শব্দ ব্যৱহাৰৰ আশ্ৰয় লৈছে আৰু তেওঁৰ বিৰুদ্ধে সম্পূৰ্ণ অৰ্থহীন অভিযোগ উত্থাপন কৰিছে । IYC আইনী কোষে এই সন্দৰ্ভত শক্তিশালী/কঠোৰ আইনী ব্যৱস্থা আৰম্ভ কৰিছে ।" আইনী জাননীখনত এনেদৰে কয় যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আইনী কোষে । উল্লেখ্য, ১৮ এপ্ৰিলত অসম কংগ্ৰেছৰ যুৱনেত্ৰীগৰাকীয়ে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীনিবাসৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছিল । অসমত তৰুণ গগৈৰ চৰকাৰৰ মন্ত্ৰী আৰু অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি অঞ্জন দত্তৰ জীয়ৰী অংকিতা দত্ত ।
আমগুৰি সমষ্টিৰ পৰা ইতিমধ্যে কংগ্ৰেছৰ হৈ অংকিতাই বিধানসভা নিৰ্বাচনো খেলিছিল ৷ শেহতীয়াকৈ ধাৰাবাহিকভাৱে টুইটযোগে দত্তই অভিযোগ কৰে যে কংগ্ৰেছ নেতা ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে শ্ৰীনিবাসে চলোৱা নিৰ্যাতনৰ অভিযোগৰ পিচতো বিষয়টোৰ বিৰুদ্ধে পদক্ষেপ লোৱাত ব্যৰ্থ হয় । লগতে তেঁও কয়, "মই এগৰাকী মহিলা নেত্ৰী । যদি মই এনে হাৰাশাস্তিৰ সন্মুখীন হওঁ, তেন্তে মই কেনেকৈ আন মহিলাক যোগদান কৰিবলৈ উৎসাহিত কৰিম ৷” ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ আইনী কোষৰ অধ্যক্ষ ৰূপেশ ভাডাৰীয়াই আইনী জাননীখনত সাৰদা গোচৰ প্ৰসংগও টানি আনিছে ।
অংকিতা দত্তক উদ্দেশ্যি আইনী জাননীখনত কোৱা হৈছে, “সাৰদা চিট ফাণ্ড কেলেংকাৰী পুঁজি আৰু ইডি/পিএমএলএৰ গোচৰত আপোনাৰ নাম যে ওলায় সেয়াও জনসাধাৰণৰ মাজত চৰ্চিত বিষয় (Ankita Dutta alleged to involved in Sarada scam) । এইটোও নিৰ্ভৰযোগ্যভাৱে জানিব পৰা গৈছে যে আপুনি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে অহৰহ যোগাযোগত আছে ৷”
লগতে সাৰদা কেলেংকাৰীৰপৰা বাচিবলৈ বিজেপিত যোগদানৰ বাবেই এনে অভিযোগ অংকিতা দত্তই অনা বুলি উল্লেখ কৰি শ্ৰীনিবাসৰ পক্ষৰ পৰা আইনী জাননীখনত কোৱা হৈছে, “কেৱল বিজেপিত যোগদান কৰাৰ উদ্দেশ্যৰে কংগ্ৰেছ দল ত্যাগ কৰাৰ বাতাবৰণ সৃষ্টিৰ বাবেই আপুনি এই গালি-গালাজ আৰু বদনাম কৰাৰ কচৰৎ হাতত লৈছে ৷ ৰাজ্য আৰু কেন্দ্ৰত শাসকীয় দল আছে আৰু ফলস্বৰূপে এই গোচৰসমূহৰ বন্ধ থাকিব । শ্ৰীনিবাস বি ভি ডাঙৰীয়াক ৰাজহুৱাভাৱে বদনাম কৰাৰ সমগ্ৰ কচৰৎ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু সম্পূৰ্ণ মিছা ।”
লগতে পঢ়ক :Ankita Dutta accuses IYC President: যুৱ কংগ্ৰেছৰ সভাপতিয়ে মোক নিৰ্যাতন চলাইছে: অংকিতা দত্ত