ETV Bharat / state

সিজুবাৰী অপহৰণকাণ্ড: কিষাণগঞ্জত উদ্ধাৰ দুই শিশু - কৃষাণগঞ্জত উদ্ধাৰ ইছমাৰিয়া আৰু আতিফ

শনিবাৰে কিষাণগঞ্জত উদ্ধাৰ কৰা হয় দুই অপহৃত শিশু (Ismaria and Atif Rescued from Krishangan) ৷ এজন যুৱকে ইছমাৰিয়া আৰু আতিফক কিষাণগঞ্জলৈ লৈ গৈ থকাৰ পথতে RPF এ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ মাতৃয়ে শিশু দুটিক পলুৱাই নিয়াৰ সন্দেহ কৰে পিতৃয়ে ৷

ismaria-and-atif-rescued-in-krishanganj
সিজুবাৰী অপহৰণ কাণ্ডৰ নতনু মোৰঃ কৃষাণগঞ্জত উদ্ধাৰ ইছমাৰিয়া আৰু আতিফ!
author img

By

Published : May 28, 2022, 3:54 PM IST

Updated : May 28, 2022, 5:35 PM IST

গুৱাহাটী, 28 মে': মহানগৰীত দপদপাই ফুৰিছে অপহৰণ চক্ৰ ৷ ইটোৰ পিছত সিটো অপহৰণে আতংকিত কৰিছে মহানগৰবাসীক ৷ যোৱা 27 মে'ত গুৱাহাটীৰ সিজুবাৰীৰ 11 নং বাসগৃহৰ পৰা ঘৰত পিতৃ নথকাৰ সুযোগ লৈ ইছমাৰিয়া নাছিম (১৩) আৰু আতিফ নাছিম (৪) নামৰ এই ভাতৃ-ভগ্নীক অপহৰণ কৰাৰ ঘটনা সংঘটিত হৈছিল (Sijubari kidnap case) ৷

ইয়াৰ পিছতে ঘটনা সন্দৰ্ভত কণমানি দুটাৰ পিতৃ নাছিম আলীয়ে হাতীগাঁও থানাত এজাহাৰ দাখিল কৰিছিল ৷ শনিবাৰে কিষাণগঞ্জত উদ্ধাৰ কৰা হয় এই দুই অপহৃত শিশু (Ismaria and Atif Rescued from Krishangan) ৷ এজন যুৱকে ইছমাৰিয়া আৰু আতিফক কিষাণগঞ্জলৈ লৈ গৈ থকাৰ পথতে ৰেল সুৰক্ষা বাহিনীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় (RPF rescued baby) ৷ শিশু দুটিক লৈ যোৱা যুৱকজনক শ্বাহৰুখ খান বুলি চিনাক্ত কৰিছে আৰক্ষীয়ে ৷

সম্প্ৰতি শিশু দুটাক ৰেল সুৰক্ষা বাহিনীৰ কেম্পতে ৰখা হৈছে ৷ ইতিমধ্যে হাতীগাঁও আৰক্ষীৰ এটা দলৰ লগতে শিশু দুটিৰ পিতৃও সেই স্থানলৈ ৰাওনা হোৱা বুলি জানিব পৰা গৈছে ৷ উল্লেখ্য যে নাছিম অৰ্থাৎ শিশুদুটিৰ পিতৃয়ে সংবাদমাধ্যমক জনোৱা অনুসৰি, কিছুদিন পূৰ্বে শিশু দুটিৰ মাতৃ তমন্না পাৰবিন পলাই গৈছিল ঝাৰখণ্ডলৈ ৷ শেহতীয়াকৈ মাতৃৰ সৈতে ইনষ্টাগ্ৰাম আৰু ফোনৰ যোগেদি কথা পাতিছিল জীয়ৰী ইছমাৰিয়াই ৷ এই কথা অৱগত হোৱাৰ পাছত পিতৃয়ে কথা দুয়োৰে মাজত কথোপকথন নহবৰ বাবে সলনি কৰি দিছিল ফোনৰ ছিম কাৰ্ড পৰ্যন্ত ৷

এই সমগ্ৰ ঘটনাত মাতৃয়েই শিশু দুটিক পলুৱাই নিয়াৰ চেষ্টা কৰাৰ সন্দেহ কৰিছে পিতৃয়ে ৷ ইফালে শিশু দুটি উদ্ধাৰ হোৱাৰ পিছতে নাছিমে পত্নীৰ বিৰুদ্ধে হাতীগাঁও আৰক্ষী থানাত ৰুজো কৰিছে এটা গোচৰ ৷

লগতে পঢ়কঃ বামুনিমৈদামত পিতৃৰ কাষৰ পৰাই অপহৰণকাৰীয়ে লৈ গ’ল সন্তানক

Last Updated : May 28, 2022, 5:35 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.