ETV Bharat / state

ৰাজ্যৰ সকলো কৃষিভূমিত নাই জলসিঞ্চনৰ সুবিধা - প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনা

প্ৰয়োজন অনুসৰি ৰাজ্যখনৰ সকলো কৃষিভূমিতে জলসিঞ্চনৰ সুবিধা উপলব্ধ নাই (Irrigation facilities are not available in all agricultural lands)। জলসিঞ্চন বিভাগৰ তথ্য মতে, ৰাজ্যৰ মাত্ৰ ৬ শতাংশ কৃষি ভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে । তথ্য মতে, ৰাজ্যৰ প্ৰায় ৪০.৭৫ লাখ হেক্টৰ কৃষিভূমিত বিভিন্ন প্ৰকাৰৰ খেতি কৰা হয় । ইয়াৰে মাত্ৰ ১০.৪১ লাখ হেক্টৰতহে জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰা হৈছে ।

IRRIGATION DEPARTMENT FAILED TO IMPLEMENT CENTRAL SCHEME OF WATER SUPPLY
ৰাজ্যৰ সকলো কৃষিভূমিত নাই জলসিঞ্চনৰ সুবিধা
author img

By

Published : Sep 2, 2022, 2:22 PM IST

গুৱাহাটী, 2 চেপ্টেম্বৰ: কৃষিৰ ক্ষেত্ৰত ৰাজ্য এতিয়াও স্বাভলম্ভী হ’ব পৰা নাই । চৰকাৰ আহে আৰু যায় ৷ কিন্তু কোনো এখন চৰকাৰে অসমৰ কৃষি ব্যৱস্থাৰ উন্নয়ন সাধনত কোনো গুৰুত্ব নিদিয়াৰ ফলতে অসমৰ কৃষি ব্যৱস্থাৰ উন্নয়ন সাধন হোৱা নাই ।

উল্লেখযোগ্য যে প্ৰয়োজন অনুসৰি ৰাজ্যখনৰ সকলো কৃষিভূমিতে জলসিঞ্চনৰ সুবিধা উপলব্ধ নাই (Irrigation facilities are not available in all agricultural lands)। জলসিঞ্চন বিভাগৰ তথ্য মতে, ৰাজ্যৰ মাত্ৰ ৬ শতাংশ কৃষি ভূমিতহে জলসিঞ্চনৰ ব্যৱস্থা আছে । তথ্য মতে, ৰাজ্যৰ প্ৰায় ৪০.৭৫ লাখ হেক্টৰ কৃষিভূমিত বিভিন্ন প্ৰকাৰৰ খেতি কৰা হয় । ইয়াৰে মাত্ৰ ১০.৪১ লাখ হেক্টৰতহে জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰা হৈছে ।

অৰ্থাৎ ২৫ শতাংশ কৃষিভূমিতে জলসিঞ্চনৰ সুবিধাৰ সৃষ্টি কৰা হৈছে । কিন্তু প্ৰকৃতাৰ্থত জলসিঞ্চন কৰিব পৰা হৈছে মাত্ৰ ২.৫৪ লাখ হেক্টৰ কৃষিভূমিত । উল্লেখ যে, ৰাজ্যখনত মুঠ ১৩,২৮৩টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প আৰু প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ নলীনাদ আছে ইয়াৰে ৯,২০৩টা নলীনাদ বিকল হৈছে ।

বিভাগীয় তথ্য অনুসৰি, ১,৭৩২টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প কার্যক্ষম হৈ আছে যদিও ১৮২৫টা ক্ষুদ্ৰ প্ৰকল্প অকার্যক্ষম হৈ আছে । কার্যক্ষম আৰু অকার্যক্ষম আঁচনিৰ হিচাপ মিলালে ৰাজ্যখনত ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প আছে ৩,৫৮৪টা আৰু পি এম কৃষি জলসিঞ্চন নলীনাদ আছে ৯৬৯৯টা, মুঠ ১৩,২৮৩টা । ইয়াৰে ৯,২০৩টাই বিকল হৈ আছে ।

তথ্য অনুসৰি, কোকৰাঝাৰত ৯৪টা, বৰপেটাত ৩৯টা, মৰিগাঁৱত ৪৪টা, নগাঁৱত ১০৭টা, শোণিতপুৰত ২৯টা, লখিমপুৰত ৮৫টা, ধেমাজিত ৪৩টা, তিনিচুকীয়াত ৩৪টা, ডিব্ৰুগড়ত ৬১টা, শিৱসাগৰত ৪৩টা, যোৰহাটত ২৯টা, গোলাঘাটত ৪৯টা, কাৰ্বি আংলঙত ১২৩টা, ডিমা হাছাওত ৩২টা, কাছাৰত ৯৮টা, কৰিমগঞ্জত ৫৫টা, হাইলাকান্দিত ৪৪টা,বঙাইগাঁৱত ৪৬টা, চিৰাঙত ৪৪টা, কামৰূপত ৯১টা, কামৰূপ মহানগৰত ৯টা, নলবাৰীত ৬৮ টা, বাকসাত ৯৪টা, দৰঙত ৪৭টা, ওদালগুৰিত ৮১টা, বিশ্বনাথত ৩৮টা, চৰাইদেউত ১৪টা, হোজাইত ৪৩টা, মাজুলীত ১৯টা, দক্ষিণ শালমাৰামানকাচৰত ৪৫টা, পশ্চিম কাৰ্বি আংলঙত ৫৯টা আৰু বজালীত ২৬টা ক্ষুদ্ৰ জলসিঞ্চন প্ৰকল্প বিকল হৈ আছে ।

সেইদৰে, কৃষি সিঁচাই নলীনাদৰ ভিতৰত কাছাৰত ৯৯০টা, নলবাৰীত ৬০০টা, কৰিমগঞ্জত ৫৭০টা, মৰিগাঁৱত ৩৯০টা বিকল হৈ আছে । কৃষিত জলসিঞ্চনৰ বাবে থকা ৰাজ্য চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগটো বগা হাতীত পৰিণত হৈছে ।

লগতে পঢ়ক: পানী যোগানৰ কেন্দ্ৰীয় আঁচনি ৰূপায়ণত ব্যৰ্থ জলসিঞ্চন বিভাগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.