ETV Bharat / state

আনন্দ মিশ্ৰক অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি

author img

By

Published : Mar 22, 2022, 10:43 PM IST

অসম আৰক্ষীৰ শীৰ্ষ মহলত ৰদ-বদল । IPS আনন্দ মিশ্ৰক AIG (SPORTS)ৰূপে নিযুক্তি। ডেইজী গগৈক শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি । প্ৰণৱ দাসক কাজিৰঙাৰ এছ টি এফত উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি । ঘনশ্যাম ভাইক দশম আৰক্ষী বাহিনীৰ সহঃঅধিনায়ক হিচাপে নিযুক্তি ।

reshuffle-in-assam-police
আনন্দ মিশ্ৰক অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি

গুৱাহাটী, 22 মাৰ্চ : আনন্দ মিশ্ৰক দিয়া হ’ল নতুন দায়িত্ব ৷ অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে নিযুক্তি প্ৰদান কৰা হ'ল আইপিএছ বিষয়া আনন্দ মিশ্ৰক(IPS Anand Mishra appointed as AIG (SPORTS)) ৷ ক্ৰীড়া বিভাগত এটা নতুন পদ সৃষ্টি কৰি আনন্দ মিশ্ৰক দিয়া হ'ল নিযুক্তি(Reshuffle in Assam Police) ৷ এতিয়া নতুনকৈ সৃষ্টি কৰা এই পদত থাকি ক্ৰীড়াৰ ক্ষেত্ৰত বিশেষ দায়িত্ব পালন কৰিব আনন্দ মিশ্ৰই । ইয়াৰ পূৰ্বে আইপিএছ বিষয়াগৰাকী নগাঁৱৰ আৰক্ষী অধীক্ষকৰূপে নিযুক্তি আছিল ।

reshuffle-in-assam-police
আনন্দ মিশ্ৰক অসম আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক

উল্লেখ্য যে, ২২ জানুৱাৰীত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ বাবে নগাঁও আৰক্ষীৰ এণ্টি নাৰ্কোটিক স্কোৱাডৰ বিৰুদ্ধে নগাঁৱত প্ৰতিবাদৰ জোৱাৰ উঠিছিল । তদন্ত কমিটীৰ প্ৰতিবেদনৰ পিছতো তেওঁ সংবাদমেল সম্বোধন কৰিছিল । ইয়াৰ পাছতে তেওঁক তাৎক্ষণিকভাৱে অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত সংলগ্ন কৰি ৰখা হৈছিল । অৱশেষত মঙলবাৰে ৰাজ্য চৰকাৰে দিয়া এক নিৰ্দেশনা মৰ্মে তেওঁক নতুনকৈ সৃষ্টি কৰা আৰক্ষীৰ সহকাৰী মহাপৰিদৰ্শক (ক্ৰীড়া) হিচাপে বদলি কৰা হয় ।

ইফালে, দশম অসম আৰক্ষী বাহিনীৰ সহঃঅধিনায়ক ডেইজী গগৈক শিৱসাগৰৰ উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হয় । লগতে তৃতীয় অসম আৰক্ষী বাহিনীৰ সহঃঅধিনায়ক প্ৰণৱ দাসক কাজিৰঙাৰ এছ টি এফত উপ আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি দিয়া হৈছে । সেইদৰে শিৱসাগৰৰ উপ আৰক্ষী আয়ুক্ত ঘনশ্যাম ভাইক দশম আৰক্ষী বাহিনীৰ সহঃ অধিনায়ক হিচাপে নিযুক্তি প্ৰদান কৰা হয় ।

লগতে পঢ়ক : Lahorighat Police thrash minor : ASI উপেন চন্দ্ৰ বৰদলৈক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.