ETV Bharat / state

কৰবী দাসৰ মৃত্যু সন্দৰ্ভত মহানগৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত - আৰক্ষী আয়ুক্ত

কেইবাটাও অপৰাধমুলক কাৰ্য কলাপৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ৷ চাইবাৰ এক্সপাৰ্টে পৰীক্ষা কৰি আছে মোবাইল

কৰবী দাসৰ মৃত্যু সন্দৰ্ভত মহানগৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত
author img

By

Published : Aug 9, 2019, 7:15 PM IST

গুৱাহাটী, 9 আগষ্ট : শেহতীয়াকৈ গুৱাহাটী মহানগৰীত সংঘটিত হোৱা কেইবাটাও অপৰাধমূলক কাৰ্য কলাপৰ সন্দৰ্ভত ক্ষীপ্ৰতাৰে আৰম্ভ হৈছে তদন্ত প্ৰক্ৰিয়া ৷ গুৱাহাটী মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰে জনালে এই কথা ৷ 7 আগষ্টত গায়িকা কৰবী দাসৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত উদ্ধাৰ হোৱা সন্দৰ্ভত আই পি চি ধাৰা 306 ৰ অধীনত 299/19 নং গোচৰ ৰুজু কৰা হৈছে । আৰক্ষীয়ে ইতিমধ্যে প্ৰেমিকজনক গ্ৰেপ্তাৰ কৰিছে । মৃত যুৱতীগৰাকীৰ মোবাইল ফোন চাইবাৰ এক্সপাৰ্টে পৰীক্ষা কৰি আছে বুলি জনায় আয়ুক্তগৰাকীয়ে ।

কৰবী দাসৰ মৃত্যু সন্দৰ্ভত মহানগৰ আৰক্ষীৰ ক্ষীপ্ৰ তদন্ত

ইফালে, একেদিনাই মহানগৰীৰ ৰুক্মিণী নগৰৰ এগৰাকী যুৱতী দেৱীনা বৰুৱা গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত হৈছিল আৰু এক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দেৱীনা বৰুৱাক । এই ঘটনা সন্দৰ্ভতো দেৱীনা বৰুৱাৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হৈছে বুলি আৰক্ষী আয়ুক্তই জানিবলৈ দিয়ে । আনহাতে যোৰাবাটৰ আৰক্ষী বিষয়াজনে মোবাইল চুৰি কৰা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে, এই সন্দৰ্ভত তদন্ত কৰি থকা হৈছে, যদি তেখেতে ফোন চুৰি কৰিছে তেনেহ’লে চুৰি কৰাৰ অপৰাধত দোষীয়ে যি শাস্তি পায় তেখেতকো সেই শাস্তিয়ে প্ৰদান কৰা হ’ব ।

Intro:মহানগৰীৰ ভঙাগড় আৰু ৰুক্মিণী নগৰত সংঘটিত হোৱা অপৰাধমূলক ঘটনাৰ সন্দৰ্ভত কি ক'লে আৰক্ষী আয়ুক্তই

Body:৭ আগষ্ট ২০১৯ত মহানগৰীৰ ভঙাগড় থানাৰ অন্তৰ্গত শ্ৰীমন্তপুৰত গায়িকা কৰবী দাসৰ মৃতদেহ চিপ লৈ থকা অৱস্থাত পোৱা গৈছিল তেখেতৰ প্ৰেমিকৰ ঘৰত । সেই সন্দৰ্ভত মহানগৰীৰ আৰক্ষী আয়ুক্ত দীপক কুমাৰৰ মন্তব্য কেচ নং ২৯৯/১৯ , আই পি চি ধাৰা ৩০৬ৰ অধীনত চুইছাইড নোটক লৈ এটা গোচৰ ৰুজু কৰা হৈছে। আৰু বেলেগ তথ্য-পাতি আছে। সেয়া মিলাই চাই ইনৱেষ্টিগেশ্যন কৰা হব । প্ৰেমিকজনক এৰেষ্ট কৰি ফৰৱাৰ্ড কৰা হৈছে । ছোৱালীজনীৰ পৰা পোৱা মোবাইল ফোন চাই তাৰ লগত কি কি কথা পতা হৈছিল, কি চলি আছিল সেইয়া চাইবাৰ এক্সপাৰ্টে পৰীক্ষা কৰি আছে । মৃতদেহৰ প'ষ্টমৰ্টেম ৰিপৰ্ট চাইহে জানিব পৰা যাব দোষী কোন।

ইফালে একেদিনাই সংঘটিত হৈছিল মহানগৰীৰ ৰুক্মিণী নগৰৰ এগৰাকী যুৱতী দেৱীনা বৰুৱা গুৰুত্বৰভাৱে আঘাত প্ৰাপ্ত হৈছিল আৰু এক সংকতজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল দেৱীনা বৰুৱাক । এই ঘটনাৰ সন্দৰ্ভতো আৰক্ষী আয়ুক্তই কয় দেৱীনা বৰুৱাৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰা হৈছে । কিছুমান এভিডেন্স পোৱা গৈছে । এই ঘটনাটোৰ সৈতে প্ৰেমিকজনৰ কিবা হাত থাকিব পাৰে আৰু সেইবাবেই তাক গ্ৰেপ্তাৰ কৰা হৈছে ।

Conclusion:আনহাতে যোৰাবাটৰ আৰক্ষী বিষয়াজনে মোবাইল চুৰি কৰা সন্দৰ্ভত আৰক্ষী আয়ুক্ত দীপক কুমাৰে কয় যে এই সন্দৰ্ভত তদন্ত কৰি থকা হৈছে । যদি তেখেতে ফোন চুৰি কৰিছে তেনেহলে চুৰি কৰাৰ অপৰাধত দোষীয়ে যি শাস্তি পায় তেখেতকো সেই শাস্তিয়ে প্ৰদান কৰা হব ।

Asrar Ansari
গুৱাহাটী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.