গুৱাহাটী,20 মাৰ্চ: "গেৰাণ্টি মানুহে কেতিয়া দিয়ে ? যেতিয়া নিজৰ কামৰ ওপৰত বিশ্বাস থাকে । কংগ্ৰেছৰ "প্ৰডাক্ট" ভাল বাবেই গেৰাণ্টি দিব পাৰিছে"- এই মন্তব্য নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ অধ্যাপক গৌৰৱ বল্লভৰ । ইটিভি ভাৰতৰে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে কয় যে কংগ্ৰেছে যি পাঁচটা গেৰাণ্টিৰ কথা উল্লেখ কৰিছে, প্ৰকৃততে অসমক ৰক্ষাৰ বাবে কংগ্ৰেছে গ্ৰহণ কৰা পাঁচটা সংকল্পহে সেয়া ।
সম্প্ৰতি অসমৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত থকা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ মুখপাত্ৰ গৰাকীয়ে আৰু কয় যে বিজেপিয়ে এই বাবেই গেৰাণ্টি দিব নোৱাৰে কাৰণ তেওঁলোকে কেৱল মিছাৰ ওপৰতেই বৰ্তি আছে । ইটিভি ভাৰতৰে হোৱা এই বিশেষ সাক্ষাৎকাৰত কংগ্ৰেছ নেতাজনে দাবী কৰে যে ২ মে'ত কংগ্ৰেছৰ মুখ্যমন্ত্ৰীয়ে অসমত শপত গ্ৰহণ কৰাটো ইতিমধ্যে নিশ্চিত হৈছে । অসমত পৰৱৰ্তী চৰকাৰ কংগ্ৰেছ মহাজোঁটৰে হ’ব বুলি দাবী কৰে গৌৰৱ বল্লভে ।
লগতে পঢ়ক: তিনিচুকীয়া সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী শুভাশীষ ভট্টাচাৰ্যৰে ইটিভি ভাৰতৰ আছুতীয়া সাক্ষাৎকাৰ